বকোত নিশা আৰক্ষী তালাচী, মেঘালয়ৰ প্ৰাক্তন বিধায়কৰ হাতত পিষ্টল…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে নিশা এগৰাকী প্ৰাক্তন বিধায়কৰ গাড়ীত পিষ্টল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰা হৈছে। ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত বকো থানাৰ সন্মুখত আৰক্ষী আৰু স্কোৱাডে তলাচি চলাই থাকোতে মেঘালয়ৰ ৰাজ্যৰ প্ৰাক্তন বিধায়ক পণ্ডিত আৰ. চাংমাৰ গাড়ীত এটা পিষ্টল লাভ কৰে।

প্ৰাক্তন বিধায়ক গৰাকীয়ে এম এল-০৫/ কে-৭৪৭১ নম্বৰৰ স্ক’ৰপিঅ’ খনেৰে গুৱাহাটীৰ পৰা তোৰালৈ গৈ আছিল। প্ৰাক্তন বিধায়কগৰাকীয়ে পিষ্টলটোৰ লাইন্সেন থকা বুলি দাবী কৰিছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

The post বকোত নিশা আৰক্ষী তালাচী, মেঘালয়ৰ প্ৰাক্তন বিধায়কৰ হাতত পিষ্টল… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বিজেপিৰ ১৫ টিকট বঞ্চিত প্ৰাৰ্থীক ৬ বছৰৰ বাবে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ…

বিজেপিৰ ১৫গৰাকী টিকট বঞ্চিত প্ৰাৰ্থীক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ।৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে এই এইসকল নেতাক।মনোনীত প্ৰাৰ্থী তথা দলী সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দলবিৰোধী কাৰ্যত লিপ্ত হোৱা বাবে বহিষ্কাৰ।অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰণজিৎ দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বহিষ্কাৰ কৰিছে তেওঁলোকক।বহিষ্কাৰ কৰা নেতা কেইগৰাকী ক্ৰমে-দিলীপ কুমাৰ পাল, শিলচৰ।ৰাও গজেন্দ্ৰ সিং, নাওবৈছা।প্ৰিয়ংকা নেওগ, চাবুৱা।লক্ষেশ্বৰ মৰাণ, ডুমডুমা।তৰুণ চাহু, ঢেকীয়াজুলি।থৈবা সিং, লক্ষিপুৰ।আশিষ হালদাৰ, সোণাই।ক্ষিতিশ ৰঞ্জন পাল, হাইলাকান্দি।ৰাম কুমাৰ নুনিয়া, কাটলিচেৰা।মনোজ মোহন দেৱ, হাইলাকান্দি।সীতা ইংতিপি, বৈঠালাংছু।হেমন্ত অধিকাৰী, বৰছলা।দেৱজিৎ মৰান, ডুমডুমা।ৰাজেশ কিষাণ, ডুমডুমা।দিলীপ বে, ডিফু।
The post বিজেপিৰ ১৫ টিকট বঞ্চিত প্ৰাৰ্থীক ৬ বছৰৰ বাবে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

মনোনয়ন যাত্ৰাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলীৰ ওপৰত আক্ৰমণ, ভাঙি লণ্ড ভণ্ড কৰিলে বাহন…

মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়তে শুকুৰ আলী আহমেদক আক্ৰমণ উত্তেজিত সমৰ্থকৰ।মনোনয়ন দাখিলৰ বাবে যিখন বাহন নিছিল সেই বাহনখন ভাঙি লণ্ড ভণ্ড কৰে এই উত্তেজিত লোকসকলে।এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ।উল্লেখ্য যে, চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদ।পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ লোক।খাদ্য আৰু তেলৰ কুপন নোপোৱাৰ অভিযোগ তুলি এনেদৰে আক্ৰমণ চলাই সমৰ্থকসকলে।এই আক্ৰমণৰ ফলত মনোনয়ন দাখিলেই কৰিব নোৱাৰিলে প্ৰাৰ্থীগৰাকীয়ে।বাঁহ-লাঠীৰে কোবাই কোবাই ভাঙি লণ্ড ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহনখন।
The post মনোনয়ন যাত্ৰাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলীৰ ওপৰত আক্ৰমণ, ভাঙি লণ্ড ভণ্ড কৰিলে বাহন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত গগৈৰ ‘পদ্মাপাৰৰ বাসিন্দাৰ ৰাজযোগ আৰু দুৰ্নীতি ইত্যাদি’ উন্মোচন…

ডিজিটেল ডেস্কঃ দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ সভাপতি ধৰ্মকান্দ গগৈৰ ‘পদ্মাপাৰৰ বাসিন্দাৰ ৰাজযোগ আৰু দুৰ্নীতি ইত্যাদি’ নামৰ এখন গ্ৰন্থ বৃহস্পতিবাৰে উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় এই গ্ৰন্থখন। উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

এই গ্ৰন্থখনৰ বিষয়বস্তু সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে ধৰ্মকান্ত গগৈয়ে লিখিছে- ‘এই পুথিখনৰ জৰিয়তে মোৰ দৃষ্টিত ধৰা পৰা অসম আৰু অসমীয়া জাতিৰ ওপৰত বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ আৰু অগপ দলে কৰা অন্যায়-অবিচাৰ-জাতিধ্বংসী কাৰ্যকলাপৰ বিষয়ে এটা সুক্ষ্ম বিশ্লেষণ দিবলৈ প্ৰয়াস কৰা হৈছে।’

লগতে তেওঁ এই বিবৃতিত লিখিছে- ‘২৫ বছৰীয়া অসম আন্দোলন আৰু ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদে মাত্ৰ দুজন নেতা ধনী হোৱাৰ স্বাৰ্থৰ বিনিময়ত ৩৫ লক্ষ হিন্দু বাংলাদেশীৰ বোজা মানি লৈ অসমীয়া জাতিটোক নিৰ্লজভাৱে বিক্ৰী কৰি দিলে। দুখৰ কথা এই নেতা কেইজনে এইবাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমীয়াৰ ভোটত জিকি পুনৰ অসমীয়াক বিক্ৰী কৰাৰ সপোন দেখিছে।’

The post দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত..

এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আতৰোৱা হ’ব টোল গেট : নীতিন গাডকাৰী…

ডিজিটেল ডেস্ক : এবছৰৰ ভিতৰত সকলো টোল গেট আতৰোৱা হ’ব আৰু টোলৰ পৰিমাণ জিপিএছ ইমেজিংৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব । এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । বৃহস্পতিবাৰে সদনত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

গাডকাৰীয়ে সদনত কয় যে, “মই সদনক আশ্বাস দিছো যে এবছৰৰ ভিতৰত সকলো টোল গেট আঁতৰ কৰা হ’ব। ইয়াৰ অৰ্থ হৈছে যে টোলবোৰ নাথাকিব কিন্তু আপুনি আহা যোৱাৰ সময়ত কেমেৰাৰে নিৰিক্ষন কৰা হ’ব আৰু অনলাইন যোগে টকা লোৱা হব । আগৰ চৰকাৰ বোৰৰ সময়ত বহুতো স্থানত চহৰাঞ্চলৰ ভিতৰত টোল গেট নিৰ্মান কৰা হৈছিল । সেয়া আঁতৰোৱা টো এবছৰত সম্পূৰ্ণ কৰা হ’ব ।

The post এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আতৰোৱা হ’ব টোল গেট : নীতিন গাডকাৰী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বিজেপিয়ে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে অসমে প্ৰাণ পায় উঠিছে : সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ,শিমলুগুৰি : সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ।ইতিমধ্যে ৰাজ্যৰ চৌদিশে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিভিন্ন ৰাজনৈতিক দল সমূহে। ইয়াৰ সমান্তৰালকৈ ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাবে আজি ১০৯ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ড’ অমিয় কুমাৰ ভূ়ঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সমষ্টিটোৰ অন্তৰ্গত শিমলুগুৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি ভাষণত কয় যে কংগ্ৰেছ এ আই ইউ ডি এফ অসমীয়া জাতিৰ শত্ৰু ৷

এই দুয়োটা বিষাক্ত ৰাজনৈতিক দলক অসমৰ ৰাইজে নিঃশেষ কৰিব লাগিব অন্যথা দুয়োটা শক্তি একগোটহৈ অসমীয়া জাতিক শেষ কৰিব পেলাব ৷ কোনে কাৰণতে এই বিষাক্ত ৰাজনৈতিক দলক অসমত ৰাজত্ব কৰিবলৈ দিয়া নহ’ব ৷

কংগ্ৰেছৰ দূৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অপশাসন নিঃশেষ কৰি দূৰ্নীতিমুক্ত, প্ৰদুষণমুক্ত, সন্ত্ৰাসবাদমুক্ত, উন্নয়নৰ আধাৰে অসম আৰু অসমীয়াক আগুৱাই নিয়াৰ সংকল্পৰে ২০১৬ ..

আমাৰ নেতাৰ আছে কোটি টকা, হেলিকপ্টাৰত উঠাতো সৰু কথা…

মৃদুল কুমাৰ সন্দিকৈ

প্ৰথম পৰ্যায়ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । পৰ্যায় ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আনুষ্ঠানিকতা বোৰ সম্পূৰ্ণ হৈছে ।

মুঠ ৪৭ সমষ্টিত প্ৰথম পৰ্যায়ত হ’ব লগা ভোট গ্ৰহণৰ বাবে ২৬৪ জন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব । বৃহস্পতিবাৰ অৰ্থাত ১৮ মাৰ্চ ২০২১ত তৃতীয় পৰ্যায়ৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিলে । সেই সকলৰ ভিতৰত দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰা, পূৱ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টচাৰ্য্য, পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ন কলিতা,হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদ আদি আছিল অন্যতম ।

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উলুবাৰী বাসগৃহৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেলেৰে গৈ গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে । ইয়াৰ বিপৰীতে জাতীয় পৰিষদৰ নেতৃত্বই নিৰ্বাচন হেলিকপ্টাৰত উঠা হোৱাকলৈ মনোনয়ন পত্ৰ দিবলৈ যোৱা দৃশ্য আছিল ব্যতিক্ৰম ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি..

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত চাৰি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অধীনস্থ দুখনকৈ সমষ্টিত আজি নতুনকৈ চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাত জিলা খনত মুঠ ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন জমা হয়।

উল্লেখযোগ্য যে অহা ৬ এপ্ৰিল তাৰিখে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱাৰ বিপৰীতে যোৱা কালিৰ পৰা জিলা খনৰ অধীনত থকা সমষ্টি দুখনৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আৰম্ভ কৰিছে।

মানকাচৰ সমষ্টিৰ অগপ দলৰ অন্যতম শক্তিশালী প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জাবেদ ইছলাম নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। জাবেদ ইছলামৰ পিতৃ অসম বিধানসভাৰ প্ৰাক্তন মন্ত্ৰী আছিল। মানকাচৰৰ অসম মেঘালয় সীমান্তত থকা মিৰজুমালা কবৰ স্থানত প্ৰয়াত পিতৃ তথা প্ৰাক্তন মন্ত্ৰী জাহিৰুল ইছলামৰ কবৰত গৈ সেৱা জনাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হয় অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম। প্ৰায় ১০ সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকক লগত লৈ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক খেল পথাৰৰ পৰা এক সমফল উলিয়াই তেওঁ আজি মনোনয়ন পত্ৰ দাখিল কৰে।

আনহাতে মানকাচৰ সমষ্টিৰ পৰা বহু চ..

কৰিমগঞ্জত মোডীৰ বিশাল জনসভা

কৰিমগঞ্জত বিশাল জনসভাত সম্বোধন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।১৩ গৰাকী বিজেপি প্ৰাৰ্থী আৰু এগৰাকী অগপ প্ৰাৰ্থীৰ প্ৰচাৰক লৈ এই বিশাল জনসভা।মোডীৰ জনসভাত লক্ষাধিক লোকৰ উপস্থিতি।ভাষণত লাচিত বৰফুকনৰ পৰা নেতাজীলৈকে স্মৰণ মোডীৰ।চাহৰ পৰা পেট্ৰ’লিয়ামলৈকে অসম চহকীঃ মোডী।বৰাক কেৱল অসমৰেই প্ৰৱেশদ্বাৰ নহয়, বিজেপিৰো প্ৰৱেশদ্বাৰঃ মোডী।মোডীয়ে কয়, বৰাকত পূৰ্বৰ পৰাই বিজেপিৰ ভেটি সবল।আজি অসমত বিকাশৰ ঢৌ, শান্তি প্ৰতিষ্ঠা হৈছেঃমোডী।কংগ্ৰেছে এই অঞ্চলটো বিকাশৰ পৰা বিচ্ছিন্ন কৰিছিল।

The post কৰিমগঞ্জত মোডীৰ বিশাল জনসভা appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ…

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ’ব ।আৰ্থ-সামাজিক সমস্যাসমূহ সমাধানৰ বাবে লক্ষ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে এই ইস্তাহাৰ ।বৃহস্পতিবাৰে ৪ বজাত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত মুকলি কৰা হ’ব ইস্তাহাৰ ।অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মুকলি কৰিব ইস্তাহাৰ ।ইস্তাহাৰ মুকলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব ।
The post বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.