ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে অসম জাতীয় পৰিষদত উঠিছে পদত্যাগৰ জোৱাঁৰ। শেহতীয়াকৈ দলৰ ভিতৰচৰাত মইমতালী, দুৰ্নীতি চলি থকাৰ অভিযোগ তুলি সামুহিকভাৱে পদত্যাগ কৰিলে কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতাই।
এক পত্ৰত উল্লেখ কৰা অনুসৰি, অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উপসভাপতি বিকাশ নাৰায়ণ শৰ্মা, কনক তালুকদাৰৰ লগতে আন কেইবাগৰাকীও নেতা-কৰ্মীয়ে এই পদত্যাগৰ কাৰন বিস্তৃতভাৱে জনাবলৈ বৃহস্পতিবাৰে বিয়লি ৩বজাত আয়োজন কৰিছে সংবাদমেল।
তেওঁলোকৰ অভিযোগ যে, দলৰ এচাম নেতাই মইমতালীৰে দলটোক পৰিচালনা কৰাৰ লগতে যথেষ্ট ধনৰ বিনিময়ত এক বিশেষ ৰাজনৈতিক দলৰ লগত গোপন বুজাবুজিৰে ভোট বিভাজন কৰিব বিচাৰিছে। পদত্যাগী এই নেতাসকলে লগতে অভিযোগ কৰিছে যে, ধন বিনিময়ত কোনো গণভিত্তি নথকা প্ৰাৰ্থীক নেতৃত্বই প্ৰদান কৰিছে প্ৰাৰ্থিত্ব।
The post ভেটিঁ খহিছে অসম জাতীয় পৰিষদৰ! সামূহিক পদত্যাগৰ সিদ্ধান্ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.