- মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়তে শুকুৰ আলী আহমেদক আক্ৰমণ উত্তেজিত সমৰ্থকৰ।
- মনোনয়ন দাখিলৰ বাবে যিখন বাহন নিছিল সেই বাহনখন ভাঙি লণ্ড ভণ্ড কৰে এই উত্তেজিত লোকসকলে।
- এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ।
- উল্লেখ্য যে, চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদ।
- পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ লোক।
- খাদ্য আৰু তেলৰ কুপন নোপোৱাৰ অভিযোগ তুলি এনেদৰে আক্ৰমণ চলাই সমৰ্থকসকলে।
- এই আক্ৰমণৰ ফলত মনোনয়ন দাখিলেই কৰিব নোৱাৰিলে প্ৰাৰ্থীগৰাকীয়ে।
- বাঁহ-লাঠীৰে কোবাই কোবাই ভাঙি লণ্ড ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহনখন।
The post মনোনয়ন যাত্ৰাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলীৰ ওপৰত আক্ৰমণ, ভাঙি লণ্ড ভণ্ড কৰিলে বাহন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.