পুৱাৰ খবৰ…

২৪ মাৰ্চত বিহপুৰীয়ালৈ আহিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিক মুগাৰ গামোছাৰে আদৰিব কংগ্ৰেছ প্ৰাৰ্থী ভুপেন বৰাই !

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া সমষ্টিত মাধৱদেৱ কলাক্ষেত্ৰ মুকলি কৰিবলৈ অহা হ’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিক মুগা গামোছাৰে আদৰণি জনালেহেতেন ভুপেন বৰাই ৷ শুকুৰবাৰে বিহপুৰীয়া নগৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই ৷ বিগত নিৰ্বাচনত প্ৰধানমন্ত্ৰী গৰাকীয়ে ছয় মাহৰ ভিতৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজি পৰ্যন্ত কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে এই মন্তব্য কৰে ভুপেন বৰাই ৷ লগতে প্ৰধান মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া মাধৱদেৱ বিশ্ববিদ্যালয় আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱা আৰু বিহপুৰীয়া মহকুমা ঘোষনাৰ প্ৰতিশ্ৰুতিও অসাৰ হোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

দৰঙৰ চাৰিওটা সমষ্টিৰ প্ৰাৰ্থীসকলক প্ৰতীক চিহ্ন প্ৰদান

সমাগত বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া দৰং জিলাৰ চাৰিওটা বিধান সভা সমষ্টিৰ সৰ্বমুঠ ৩২ গৰাকী প্ৰাৰ্থীক বুধবা..

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমৰাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।উল্লেখযোগ্য যে জিলা খনৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টি দুখন যোৱা কালি মুঠ ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত আজি আন ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাত জিলা খনৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মুঠ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মানকাচৰ সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে দক্ষিণ শালমাৰা সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীয়ে এই মনোনয়ন পত্ৰ দাখিল কৰে।

মানকাচৰ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী কেইজন ক্ৰমে এআইইউডিএফ দলৰ আমিনুল ইছলাম, অগপ দলৰ জাবেদ ইছলাম, এন পি পি দলৰ আমিনুল ইছলাম (দুলাল), এছ ইউ চি আই (চি) দলৰ ছাহিদুৰ আলম, জনতা দল ইউনাইট দলৰ ছায়েদ হুচেইন ইমান, নিৰ্দলীয় মনোৱাৰ হুচেইন, নিৰ্দলীয় মোস্তাক মহাম্মদ মকছেদুল হুচেইন, নিৰ্দলীয় আখালুনা বেগম, নিৰ্দলীয় মেৰিনা খান, নিৰ্দলীয় জামেৰ আলী আৰু নিৰ্দলীয় ৰুকুনুৰ জামান ।

আনহাতে দক্ষিণ শালমাৰা সমষ্টিত মনোনয়ন ..

গড়ের ভিতর মণ্ডল কংগ্রেসের সভায় মহাজোটের প্রার্থী খলিল উদ্দিন মজুমদার

বিপ্লব কর চৌধুরী বি হাড়া 19 শে মার্চ–গতকাল গড়ের ভিতর মণ্ডল কংগ্রেসের এক সভা বি হাড়া দেশবন্ধু ক্লাবের অডিটোরিযাম হলে অনুষ্ঠিত হয়। মণ্ডল কংগ্রেসের সভাপতি বিমল পালের সভাপতিত্বে অনুষ্ঠিত সভায় উপস্থিত ছিলেন কাঠিগড়া বিধানসভা সমষ্টি র মহাজোটের মনোনীত কংগ্রেস প্রার্থী খলিল উদ্দিন মজুমদার , কাঠিগড়া এ আই ইউ ডি এফ সভাপতি আতা উর রহমান লস্কর, […]

উৰিয়ামঘাটত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিৰ্বাচনি সভা…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সমাগত বিধান সভা ৰ্নিব্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টি।সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰ মনোনীত কৰিছে বিশ্বজিৎ ফুকনক।বৰ্তমান সমষ্টিটোত দলীয় প্ৰাৰ্থীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা।

আজি উৰিয়ামঘাট ৰাজহুৱা ভৱনত বিশ্বজিৎ ফুকনে এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি কেইবা সহস্ৰাধিক ভোটাৰৰ সম্মুখত কয় যে এগৰাকী উপযুক্ত লোকক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলেহে সমষ্টিটো উন্নয়ন হব।বৰ্তমান সমষ্টিটোত এগৰাকী সক্ৰিয় বিধায়ক নথকাৰ বাবেই সমষ্টিটো সামগ্ৰীক উন্নয়ণ হোৱা নাই।সমষ্টিটোৰ অন্তৰ্গত উৰিয়ামঘাটবাসীয়ে সীমা সমস্যা,যাতায়ত, শিক্ষা, চিকিৎসা,বিশুদ্ধ খোৱা পানী আদি বিভিনন্ন সমস্যাৰে ৰ্জজৰিত হৈ আহিছে।

উৰিয়ামঘাটত এখন আৰ্দশ চিকিৎসালয় আছে যদিও অঞ্চলবাসীয়ে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে।তদুপৰি উৰিয়ামঘাটত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান নথকাৰ বাবে দুখীয়া কৃষক পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় ৩০/৩৫ কিঃমিঃ পথ অতিক্ৰম কৰি উচ্ছ শিক্ষা গ্ৰহণৰ বাবে যাৱলগীয়া হৈছে। বিগ..

হাৰমতীত প্ৰায় পোন্ধৰ লাখ টকাৰ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ…

লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ হাৰমতীত আবকাৰীয়ে জব্দ কৰে পোন্ধৰ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা।শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । AS09AC 5833 নম্বৰৰ এখন ট্ৰাকত নাহৰলগুনৰ পৰা পাচিঘাটলৈ সুৰা কঢ়িয়াই অনা ট্ৰাকখন হাৰমতীত আবকাৰীয়ে জব্দ কৰে।নিৰ্দিষ্ট নথি পত্ৰৰ উপৰিও বাধ্যতামূলক মূলক ভাবে থাকিব লগা ডিজিটেল লক নথকাৰ বাবেই ট্ৰাকখন জব্দ কৰা হয়।
The post হাৰমতীত প্ৰায় পোন্ধৰ লাখ টকাৰ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

ঠাকুৰ বাড়ীৰ কণ্যা,অগ্ৰদূত আদি জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা সন্তোষ কুমাৰ কৰ্মকাৰ অসুস্থ…

ডিজিটেল ডেস্ক : বিশিষ্ট সাহিত্যিক সন্তোষ কুমাৰ কৰ্মকাৰ অসুস্থ । শিবসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গৰাকীয়ে অসমীয়া সহিত্যৰ বাবে ওৰেটো জীৱন উছৰ্গা কৰিলে । সন্তোষ কুমাৰ কৰ্মকাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন ভিত্তিক উপন্যাস ঠাকুৰ বাড়ীৰ কণ্যাৰো স্ৰষ্টা আছিল ।

এই যশস্বী উপন্যাস গৰাকী বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত । মুম্বাই তেখেতৰ চিকিৎসা চলি আছিল যদিও চিকিৎসকৰ পৰামৰ্শ মতে স্বাস্থ্য দুৰ্বল হৈ পৰাত তেওঁ গুৱাহাটীলৈ ঘূৰি আহে । বৰ্তমান বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত চিকিৎসা চলি আছে তেওঁৰ ।

শৰীৰ দুৰ্বল হ’লেও অসুস্থতাৰ মাজতে তেওঁ আন দুখন উপন্যাস প্ৰকাশৰ বাবে পৰিকল্পনা কৰি আছে । উল্লেখ যোগ্য যে বহু কেইখন উপন্যাসৰ স্ৰষ্টা আছিল তেখেত । লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা কৰ্মকাৰে বেজবৰুৱাৰ সমগ্ৰ জীৱন সামৰি আন এখন আকৰ্ষনীয় উপন্যাস অ’ মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল ।

যিখন উপন্যাস সেই সময়ৰ আকাশবানী কেন্দ্ৰ সঞ্চালক ড০ সূৰ্য দাসৰ অনুৰোধ মৰ্মে তেওঁ লিখিছিল । তেওঁৰ আন উল্লেখযোগ্য উপন্যাস সমূহৰ ভিতৰত অৰুনোদয়, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন ভিত্তিক লেখা উপন্যাস প্ৰভাতী সূৰ্যৰ দেশ, আৰু হেমচন্দ্ৰ বৰুৱা..

আকৌ আহিছে কোৰোনা,এদিনতেই ৪০ সহস্ৰাধিক লোকৰ দেহত কোভিড ১৯…

ডিজিটেল ডেস্ক : পুনৰ ভয়াবহ ৰূপ লৈছে কোৰোনাই । যোৱা ২৪ ঘন্টাত দেশত ৪০ সহস্ৰাধিক লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।মহাৰাষ্ট্ৰ,পঞ্জাব,কেৰেলা,কৰ্ণাটক,গুজৰাটত এটা দিনতে বহু সংখ্যক লোক আক্ৰান্ত হৈছে কোভিড ১৯ত ।

উল্লেখযোগ্য যে যোৱা দুদিন ধৰি কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাকলৈ চিন্তিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয় । বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত ২৫,৮৩৩ জন লোকৰ দেহত নতুনকৈ কোভিড ১৯ ধৰা পৰে । নিৰ্বাচন অনুষ্ঠিত হ’ব লগা তামিলনাডুতো যোৱা ২৪ ঘন্টাত ৯৮০ টা কোভিড ১৯ত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ।

দিল্লীতো কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ জৰপৰী বৈঠক অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । যোৱা আঢ়ৈ মাহৰ ভিতৰত দিল্লীত একেদিনাই ৬০০ ৰো অধিক লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰে ।

The post আকৌ আহিছে কোৰোনা,এদিনতেই ৪০ সহস্ৰাধিক লোকৰ দেহত কোভিড ১৯… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

দৰং জিলা কুমাৰ সন্মিলনৰ উদ্যোগত কুমাৰ মৃৎ শিল্পী সন্থাৰ এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা…

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ ২ নং চেঙাপাৰা যুৱক সংঘৰ বাকৰিত দৰং জিলা কুমাৰ সন্মিলনৰ উদ্যোগত, কুমাৰ মৃৎ শিল্পী সন্থা আৰু কুমাৰ সন্মিলনী ২নং চেঙাপাৰা শাখাৰ সহযোগত অহা ২২ মাৰ্চ ২০২১ সোমবাৰে এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিবেশ নিকাকৰণ , বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, কুমাৰ সন্মিলনৰ পতাকা উত্তোলন আদি কাৰ্যসূচী । দিনৰ ১০ বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ’ব । মৃৎ শিল্পৰ কৰ্মশালা ৰ দ্বাৰ উন্মোচন কৰিব দৰং জিলা কুমাৰ সন্মিলনৰ প্ৰাক্তন সভাপতি হৰনাথ কুমাৰে, দিনৰ ১০.৩০ প্ৰশিক্ষণ আৰম্ভ হ’ব,দিনৰ ২ বজাত মুকলি সভা অনুষ্ঠিত হ’ব ।

দৰং জিলাৰ কুমাৰ সন্মিলনৰ সভাপতি প্ৰফুল্ল কুমাৰ ৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰিব সদৌ অসম কুমাৰ সন্মিলনৰ প্ৰাক্তন সভাপতি মিলিক কুমাৰে, সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ অসম কুমাৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি হেমন্ত কুমাৰ, মূখ্য অতিথি হিচাপে উপস্থিত থাকিব দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব কুমাৰ উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ বসন্ত কুমাৰ,সদৌ অসম কুমাৰ সন্মিলনৰ সভাপতি মহানন্দ কুমাৰ, মঙলদ..

অদীপ ফুকন,মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্তই শুকুৰবাৰে দাখিল কৰিব মনোনয়ন…

অসম জাতীয় পৰিষদৰ পূৱ গুৱাহাটী প্ৰাৰ্থী অদীপ ফুকনে শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিব অদীপ ফুকনে । ইফালে পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব।ভেটাপাৰাৰ পৰা বহু সংখ্যক সমৰ্থকৰ সৈতে মনোনয়ন দিবলৈ আহে কংগ্ৰেছ নেত্ৰী গৰাকী ।ইফালে দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ সহন্তইও শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।
The post অদীপ ফুকন,মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্তই শুকুৰবাৰে দাখিল কৰিব মনোনয়ন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

আজি অসমলৈ আহিব ৰাহুল গান্ধী…

শুকুৰবাৰে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।দুদিনীয়া ভ্ৰমণ সূচীৰে অসনলৈ আহিব কংগ্ৰেছ নেতা গৰাকী ।ৰাহুল গান্ধীয়ে শুকুৰবাৰে লাহোৱাল,ডিব্ৰুগড়ৰ লগতে ডুমডুমাত চলাব নিৰ্বাচনী প্ৰচাৰ ।২১ আৰু ২২ মাৰ্চত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ।প্ৰিয়ংকা গান্ধীয়ে যোৰহাট,গোলাঘাট,নগাওঁত প্ৰচাৰ চলাব ।
The post আজি অসমলৈ আহিব ৰাহুল গান্ধী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.