DIGITAL

June 6, 2023

APTCE 18538973148

উৰিয়ামঘাটত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিৰ্বাচনি সভা…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সমাগত বিধান সভা ৰ্নিব্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টি।সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰ মনোনীত কৰিছে বিশ্বজিৎ ফুকনক।বৰ্তমান সমষ্টিটোত দলীয় প্ৰাৰ্থীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা।

আজি উৰিয়ামঘাট ৰাজহুৱা ভৱনত বিশ্বজিৎ ফুকনে এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি কেইবা সহস্ৰাধিক ভোটাৰৰ সম্মুখত কয় যে এগৰাকী উপযুক্ত লোকক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলেহে সমষ্টিটো উন্নয়ন হব।বৰ্তমান সমষ্টিটোত এগৰাকী সক্ৰিয় বিধায়ক নথকাৰ বাবেই সমষ্টিটো সামগ্ৰীক উন্নয়ণ হোৱা নাই।সমষ্টিটোৰ অন্তৰ্গত উৰিয়ামঘাটবাসীয়ে সীমা সমস্যা,যাতায়ত, শিক্ষা, চিকিৎসা,বিশুদ্ধ খোৱা পানী আদি বিভিনন্ন সমস্যাৰে ৰ্জজৰিত হৈ আহিছে।

উৰিয়ামঘাটত এখন আৰ্দশ চিকিৎসালয় আছে যদিও অঞ্চলবাসীয়ে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে।তদুপৰি উৰিয়ামঘাটত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান নথকাৰ বাবে দুখীয়া কৃষক পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় ৩০/৩৫ কিঃমিঃ পথ অতিক্ৰম কৰি উচ্ছ শিক্ষা গ্ৰহণৰ বাবে যাৱলগীয়া হৈছে। বিগত কেইবাছৰো ধৰি অঞ্চলবাসীয়ে বিধ্বস্থ প্ৰায় পথসমুহে অঞ্চলবাসীয়ে বাৰুকৈয়ে দুভোৰ্গ ভোগাইছে।

বিধায়ক হিচাপে ৰাইজে নিৰ্বাচিত কৰিলে প্ৰাৰ্থী গৰাকীয়ে পাঁচ বছৰত ৫০০ কিল’মিটাৰ পথ পকীকৰণ, উৰিয়ামঘাটত এখন চৰকাৰী মহাবিদ্যালয়,উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত উন্নত পয্যায়ৰ চিকিৎসা সেৱাৰ, সীমান্তৱৰ্তী অঞ্চলটোত ম’বাইল নেটৱৰ্কৰ সু- ব্যৱস্থা কৰাৰ লগতে বিধায়কৰ পাব লগা দৰমহাৰ পুঁজি দুখীয়া দৰিদ্ৰৰ বাবে প্ৰদান কৰাৰ ওপৰিও দীৰ্ঘ দিনীয়া অসম নগালেণ্ড সীমা সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে ।আজি নিৰ্বাচনী সভাত অসম গন পৰিষদৰ প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱলা,সদ্য গঠিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ সদস্য প্ৰদীপ স্বৰ্গীয়াৰীকে আদি কৰি ভালে সংখ্যক ভাৰতীয় জনতা পাৰ্টী আৰু আসম গণ পৰিষদ দলৰ বিষয়ববীয়া-কৰ্মী উপস্থিত থাকে।

The post উৰিয়ামঘাটত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিৰ্বাচনি সভা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.