ডিজিটেল সংবাদ, দক্ষিণ শালমৰাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।উল্লেখযোগ্য যে জিলা খনৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টি দুখন যোৱা কালি মুঠ ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত আজি আন ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাত জিলা খনৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মুঠ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মানকাচৰ সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে দক্ষিণ শালমাৰা সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীয়ে এই মনোনয়ন পত্ৰ দাখিল কৰে।
মানকাচৰ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী কেইজন ক্ৰমে এআইইউডিএফ দলৰ আমিনুল ইছলাম, অগপ দলৰ জাবেদ ইছলাম, এন পি পি দলৰ আমিনুল ইছলাম (দুলাল), এছ ইউ চি আই (চি) দলৰ ছাহিদুৰ আলম, জনতা দল ইউনাইট দলৰ ছায়েদ হুচেইন ইমান, নিৰ্দলীয় মনোৱাৰ হুচেইন, নিৰ্দলীয় মোস্তাক মহাম্মদ মকছেদুল হুচেইন, নিৰ্দলীয় আখালুনা বেগম, নিৰ্দলীয় মেৰিনা খান, নিৰ্দলীয় জামেৰ আলী আৰু নিৰ্দলীয় ৰুকুনুৰ জামান ।
আনহাতে দক্ষিণ শালমাৰা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী কেইজন ক্ৰমে কংগ্ৰেছৰ ওৱাজেদ আলী চৌধুৰী, বিজেপিৰ আছাদুল ইছলাম, এছ ইউ চি আই (চি) দলৰ আব্দুছ ছবুৰ মিয়া, এন চি পি দলৰ জেন্নাত মোল্লা, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নুৰাল ইছলাম, জনতা দল ইউনাইটেডৰ তালেব আলী, ৰাইজৰ দলৰ নজৰুল ইছলাম, নিৰ্দলীয় নুৰুল ইছলাম মোল্লা আৰু নিৰ্দলীয় ফজলুল হক চৌধুৰী।
এই ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত অহা কালি প্ৰাৰ্থী কেইজনৰ নথি পত্ৰ পৰ্যবেক্ষণ কৰাৰ পাছত কোনে কোনে প্ৰাৰ্থী পায় সেয়া জিলা প্ৰশাসনে তালিকা প্ৰকাশ কৰিব বুলি জিলা উপায়ুক্ত গুৰাদ্বীপ সিং পানেশ্বৰে জানিবলৈ দিয়ে।
The post দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.