DIGITAL

September 13, 2023

APTCE 18538973148

মহাজোঁটৰ সিদ্ধান্ত মানি ল’ব কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলে…

  • মহাজোঁট বন্ধনৰ সিদ্ধান্ত মানি লব বুলি সংবাদমেলত মন্তব্য কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলৰ
  • মহাজোট বন্ধনৰ পৰা বিধায়ক গৰাকীক টিকট বঞ্চিত কৰি মানকাচৰ আসন এআইইউডিএফৰ আমিনুল ইছলামক দিয়া হৈছে
  • আমিনুল ইছলাম এআইইউডিএফৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ।
  • আমিনুল ইছলামৰ বাবে দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ৩২ খন আসনৰ পৰা ১৮ খন আসনতে ক্ষান্ত থাকি মহাজোট বন্ধনক সমৰ্থন কৰিছে
  • শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ।
  • বৰ্তমানেও বিধায়ক গৰাকী আশাবাদী কংগ্ৰেছে মানকাচৰ সমষ্টিত তেওঁক টিকট দি এআইইউডিএফৰৰ লগত বন্ধুত্ব মূলক প্ৰতিদ্বন্দিতা কৰিব ।
  • অবশ্যে টিকট দিয়াৰ সুযোগ আৰু নাই বুলিও স্বীকাৰ কৰি বিধায়ক গৰাকী কয় কংগ্ৰেছ হাই কমাণ্ডে যিটো নিৰ্দেশ দিব তেওঁ সেয়া মানি লব ।
  • মহাজোট বন্ধনৰ সিদ্ধান্ত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগে এই মন্তব্য বিধায়ক গৰাকীৰ ।
  • বিজেপি উৎখাতৰ স্বাৰ্থত তেওঁ এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীক সহায় কৰিব, তেওঁৰ হৈ বিধায়ক জনে প্ৰচাৰও কৰিব ।
  • বিধায়ক গৰাকী টিকট বঞ্চিত হোৱাৰ পাছত এইদৰে সংবাদ মেলত সকলো কথা স্পষ্ট কৰে ।
  • কংগ্ৰেছৰ কোনো কৰ্মী এআইইউডিএফৰ ত যোগদান কৰিব নালাগে, মহাজোঁটৰ পৰা যাক টিকট দিয়া হৈছে তাক অকল জয়যুক্ত কৰিব লাগে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
  • লক্ষণীয় বিষয় এয়া যে মানকাচৰত কংগ্ৰেছক টিকটৰ পৰা বঞ্চিত কৰাৰ পাছত ইতিমধ্যে কংগ্ৰেছ কৰ্মী সকলে অগপ আৰু এআইইউডিএফত যোগদান কৰিছে ।
  • এই ক্ষেত্ৰত বিধায়ক গৰাকী কংগ্ৰেছ কৰ্মী সকলক কেনেকৈ ধৰি ৰাখিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

The post মহাজোঁটৰ সিদ্ধান্ত মানি ল’ব কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলে… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.