পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ বৃদ্ধি

অসমত আকৌ ২৭ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ পাইছে বৃদ্ধি। শনিবাৰে ৰাজ্যত সুস্থ হৈছে ১৮জন লোক। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২০১জনলৈ বৃদ্ধি পাইছে। ইফালে, চিকিৎসাধীন হৈ আছে ৩০৩জন ৰোগী। উল্লেখযোগ্য যে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১০০জনলৈ বৃদ্ধি পাইছে।

২. দক্ষিণ শালমাৰা মাকচাৰত আছুৰ প্ৰতিবাদ

অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ লগতে গোটাবাৰী খোপাতিয়া আঞ্চলিক , ফকিৰগঞ্জ আঞ্চলিক ,হাজিৰহাট আঞ্চলিক , হাটশিঙিমাৰী আঞ্চলিক ,দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই “কা “বাতিলৰ দাবীত বাইক ৰেলী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

৩. মঙলদৈত শিক্ষাবিদ কামাখ্যা প্ৰসাদ শৰ্মাৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ তথা ‘মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ টেঙাবাৰীৰ নিবাসী কামাখ্যা প্ৰসাদ শৰ্মাৰ শনিবাৰে পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। শিক্ষাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দৰঙৰ বিভিন্ন দল-সংগ..

অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত…

অসমত আকৌ ২৭ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ পাইছে বৃদ্ধি।শনিবাৰে ৰাজ্যত সুস্থ হৈছে ১৮জন লোক।এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২০১জনলৈ বৃদ্ধি পাইছে।ইফালে, চিকিৎসাধীন হৈ আছে ৩০৩জন ৰোগী।উল্লেখযোগ্য যে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১০০জনলৈ বৃদ্ধি পাইছে।
The post অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

চিন্তা কৰক ৰাইজ, ২ মে’ত দিয়া হ’ব ৰায়দান…

ৰাজৰ্ষি চহৰীয়া

বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ ৭-৮টা দিন বাকী। কিন্তু এইবাৰ ৰাজ্যত নিৰ্বাচনী প্ৰেক্ষাপট পূৰ্বৰ দৰে নহয়। বৰ্তমানেও শাসনত থকা বিজেপি এইবাৰ চৰকাৰ গঠন কৰিম বুলি কৈছে যদিও, ৰাষ্ট্ৰীয় তথা ৰাজ্যিক মন্ত্ৰী, নেতাসকলৰ ভাষণত এনে অনুভৱ হৈছে যেন চৰকাৰ গঠন কৰাৰ বাবে তেওঁলোকৰ যি আত্মবিশ্বাস ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত আছিল, সেই আত্মবিশ্বাস এইবাৰ বহু পৰিমানে হ্ৰাস পাইছে।

হাজাৰ হাজাৰ বা লক্ষ্যাধিক লোকক নিজৰ নিৰ্বাচনী সভা বা ৰেলীত অংশগ্ৰহণ কৰালেই যে কোনো এটা দলে শাসনত আহিব পাৰিব সেয়া কেতিয়াও নিশ্চিত নহয়। বহু সময়ত ৰাজনীতিয়ে ৰাজনৈতিক দলসমূহক এনে কিছু পৰিস্থিতিৰ সন্মুখীন কৰাই যি তেওঁলোকে কাহানিও ভাবিব নোৱাৰে।

বৰ্তমান সময়ত অসমৰ ৰাজনীতি অধিক জটিল হৈ পৰিছে। কোনে গঠন কৰিব চৰকাৰ? কোনে মাৰিব শেষ হাঁহি? এই প্ৰশ্নৰ উত্তৰ বৰ্তমান সময়ত কোৱাটো অতিকৈ কঠিন। শাসক-বিৰোধী দুয়োটাৰ মাজত এইবাৰ নতুন আঞ্চলিক শক্তি।

এই আঞ্চলিক শক্তিয়েও প্ৰভাৱ পেলাব ২০২১চনৰ অসম বিধানসভা নিৰ্বাচন। এজনৰ পাছত সিজন ৰাষ্ট্ৰীয় নেতাসমূহ আহিছে নিজৰ নিজৰ দলৰ প্ৰচাৰৰ বাবে। পিছে শেষত এটাই প্ৰশ্ন সকলোৰে- ভোটাৰে ভোট দিব ..

মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী মোস্তাক মহম্মদ মকছেদুল হাছনে যোগ দিব এনপিপিত…

মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা মোস্তাক মহম্মদ মকছেদুল হাছানে যোগদান কৰিব এনপিপি দলত।দেওবাৰে এন পি পি দলত যোগদান কৰিব মোস্তাক মহম্মদ মকছেদুল হাছনে।নিজৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ বাবে এনপিপিত যোগদান কৰিব তেওঁ।এনপিপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম দুলাল।দুলালৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে।মানকাছৰৰ আনগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে।তেওঁৰ নাম আখালুনা বেগম।বেগম আমিনুল ইছলাম দুলালৰ ভন্টি বুলি জানিব পৰা গৈছে।
The post মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী মোস্তাক মহম্মদ মকছেদুল হাছনে যোগ দিব এনপিপিত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণঃ মহানগৰীত মাস্ক পিন্ধা পুনৰ বাধ্যতামূলক…

পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে অসমত।পুনৰ গুৱাহাটী মহানগৰীত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা।মহানগৰীৰ ৰাজহুৱা স্থানসমূহত মাস্ক পৰিধান কৰিব লাগিব সকলোৱে।তিনি তৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।সভা, বৈঠক আদিতো মাস্ক পৰিধান কৰিব লাগিব।ব্যক্তিগত, কাৰ্যালয়ৰ বা ৰাজহুৱা বাহনতো মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।হাস্পতাল, কাৰ্যালয় বা ব্যৱসায়িক স্থানত মাস্ক পিন্ধিব লাগিব।চৰকাৰী এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা।দ্বিতীয়বাৰৰ বাবে নিৰ্দেশ অমান্য কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।
The post বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণঃ মহানগৰীত মাস্ক পিন্ধা পুনৰ বাধ্যতামূলক… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

‘কা’ বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ… VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে চৰাইদেউ জিলাতো ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিশাল মটৰ চাইকেল সমদল উলিয়ায়। সদৌ অসম ছাত্ৰ সন্থা আহ্বানত ছাত্ৰ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ নেতা-কৰ্মী সকলে প্ৰথমতে সোণাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মিলিত হয়।

ইয়াৰ পিছত ‘কা আমি নামানো’ , ‘আছু জিন্দাবাদ’ , ‘বিজেপিক মুৰ্দাবাদ’ আদি শ্লোগান দি জিলাখনৰ বিভিন্ন ঠাই পৰিভ্ৰম কৰি আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

The post ‘কা’ বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ… VIDEO appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ আদিত্য ঠাকৰেৰ দেহত কোভিড পজিটিভ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ তথা মন্ত্ৰী আদিত্য ঠাকৰেৰ দেহত ধৰা পৰে কোভিড পজিটিভ। শনিবাৰে সন্ধিয়া টুইটাৰযোগে এই কথা জনালে খোদ আদিত্য ঠাকৰেয়ে।

আদিত্য ঠাকৰেয়ে টুইটাৰত লিখিছে- ‘মোৰ দেহত কোৰোনাৰ লক্ষণ দেখাৰ পাছতে কোভিড টেষ্ট কৰিলো। মোৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। শেহতীয়াকৈ মোৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰাৰ আহ্বান জনাইছো। সাৱধানতাৰ প্ৰয়োজন আছে। কোভিড প্ৰট’ক’লৰ পালন কৰে আৰু সুৰক্ষিত হৈ থাকক।’

The post মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ আদিত্য ঠাকৰেৰ দেহত কোভিড পজিটিভ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

নিৰ্বাচনলৈ সাজু দৰং জিলা প্ৰশাসন…

ডিজিটেল সংবাদ, মঙলদৈঃ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে দৰং জিলা প্ৰশাসন। নিৰ্বাচনী জিলাখনৰ অন্তৰ্গত চাৰিওটা সমষ্টি ক্ৰমে ৬৫ কলাইগাওঁ , ৬৬ ছিপাঝাৰ ,৬৭ মঙলদৈ (অনুসূচীত) আৰু ৬৮ দলগাওঁ সমষ্টিৰ ভোটগ্ৰহণৰ দায়িত্ব চম্ভালিবলৈ ইতিমধ্যে ৫৭৬৮ গৰাকী পোলিং বিষয়া – কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন কৰা হৈছে।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী নিকা আৰু স্বচ্ছতাৰে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ বৰাৰ তত্বাৱধানত গঠিত মিডিয়া আৰু যোগাযোগ কোষ , এম চি এম চি কোষ , পৰিবহন কোষ , ম্যেনপাৱাৰ কোষ , ফ্লায়িং স্কোৱাড কোষ , মেটাৰিয়েল কোষ , নিৰ্বাচনী ব্যয় কোষ আদি বিভিন্ন কোষে পূৰ্ণ্যোদ্যমে নিজ নিজ কৰ্তব্য সমাপন কৰি আছে।

উল্লেখযোগ্য যে, জিলাখনত ইতিমধ্যে উপস্থিত হৈ দায়িত্ব চমজি লোৱা দুগৰাকী সাধাৰণ পৰ্যবেক্ষক, দুগৰাকী ব্যয় পৰ্যবেক্ষকৰ লগতে এগৰাকী আৰক্ষী পৰ্যবেক্ষক সহ পাঁচজনীয়া পৰ্যবেক্ষকৰ দলে জিলাখনৰ নিৰ্বাচনী পৰিস্থিতি তীক্ষ্ণ পৰ্যবেক্ষনত ৰাখিছে । উল্লেখযোগ্য যে জিলাখনত মুঠ ভ..

হোজাইত বিজেপি সভাপতিৰ সংবাদমেল…

ডিজিটেল সংবাদ, হোজাই: লংকা খেল পথাৰত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত প্ৰাগ চেনেলৰ নিৰ্বাচনী ৰণডংকা অনুষ্ঠানত কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে বিজেপি দলৰ মহিলা কৰ্মী সকলক অপদস্ত চলোৱাৰ প্ৰসংগ উত্থাপন কৰি অসমত কংগ্ৰেছৰ চৰকাৰ হ’লে অসমৰ মহিলা সকল সুৰক্ষিত থাকিব নোৱাৰে বুলি শনিবাৰে হোজাই চহৰৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ হোজাই জিলা সভাপতি অনুপ দেৱে এই মন্তব্য কৰে।

নিৰ্বাচনী ৰণডংকা অনুষ্ঠানত বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, এভিবিপি, আছু সহ বিভিন্ন ৰাজনৈতিক -অৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছিল। কাৰ্যসূচী চলি থকাৰ সময়তে অনুষ্ঠানত জিলা সভাপতি অনুপ দেৱে শাসকীয় দলৰ বিভিন্ন উন্নয়ন মূলক কৰ্মৰ খতিয়ান দাঙি ধৰি থকাৰ সময়তে মহাজোটৰ সমৰ্থক সকলে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰি বিজেপি কৰ্মীৰ লগত হতাহতিত লিপ্ত হয়। উদালি, নকুটি অঞ্চলৰ পৰা অহা কংগ্ৰেছ মহাজোটৰ গুণ্ডাবাহিনীয়ে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱাত হোজাই গোলাঘটিয়া বস্তিৰ পৰিমল শীলৰ পুত্ৰ হিমাংশু শীল ওৰফে বাপ্পী নামৰ কৰ্মী গৰাকীৰ কপালত আঘাত হোৱাত চিলাই দিব লগা হয় বুলি জিলা সভাপতিয়ে সংবাদ মেলত উল্লেখ্য কৰে ।

মহাজোটৰ গুণ্ডাবাহিনীয়ে অনুষ্ঠান..

বকোত ‘কা’ৰ বিৰোধিতা, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ বাইক ৰেলী…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত শনিবাৰে দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিশাল মটৰ চাইকেল সমদল উলিয়ায়। ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মী সকলে প্ৰথমতে বকোৰ দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মিলিত হয়। ইয়াৰ পিছত ‘কা আমি নামানো’ , ‘আছু জিন্দাবাদ’ , ‘বিজেপিক মুৰ্দাবাদ’ আদি শ্লোগান দি বকোৰ আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰি তোলে।

আছুৰ নেতা-কৰ্মী সকলৰ মটৰ চাইকেল সমদলটো কাৰ্যালয়ৰ সন্মুখৰ পৰা ছমৰীয়া-বকো গড়কাপ্তানী পথেৰে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উঠে। ইয়াৰ পিছত সমদলটো আগচিয়ালৈ গৈ পুনৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বকো থানাৰ সন্মুখেৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সন্মুখলৈ যায়। মহাবিদ্যালয়খনৰ সন্মুখৰ পৰা পুনৰ দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আহে ।

দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মাই এই নিৰ্বাচনৰ সময়তো কোনো এটা ৰাজনৈতিক দলে ‘কা’ সম্পৰ্কত স্পষ্ট নীতি গ্ৰহণ কৰা নাই বুলি ক্ষোভ উজাৰে। তামিলনাডুত বিজেপিয়ে ‘কা’ বিৰোধিতা কৰে আৰু সেই বিজেপিয়ে পশ্চিম বংগত ‘কা’ৰ সমৰ্থন কৰে বুলি আঙুলিয়াই দিয়ে। ইয়াৰ বিপৰীতে অসম..