DIGITAL

June 6, 2023

APTCE 18538973148

ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰিৰ পৰা আছুৰ ‘কা’ বিৰোধী বাইক ৰেলী

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বাকৰিৰ পৰা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে কা বাতিল ৰ দাবী ত এক বিশাল বাইক ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে। পথৰুঘাটৰ পৰা খটৰা সত্ৰলৈ আছুৰ শতাধিক কৰ্মীয়ে এই বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বাইক ৰেলীত চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অপুৰ্ব শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমৰ লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক,দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ,দুনী আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

The post ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰিৰ পৰা আছুৰ ‘কা’ বিৰোধী বাইক ৰেলী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.