DIGITAL

September 13, 2023

APTCE 18538973148

“কা” বাতিলৰ দাবীত দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ বাইক ৰেলী

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ লগতে গোটাবাৰী খোপাতিয়া আঞ্চলিক , ফকিৰগঞ্জ আঞ্চলিক ,হাজিৰহাট আঞ্চলিক , হাটশিঙিমাৰী আঞ্চলিক ,দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই “কা “বাতিলৰ দাবীত বাইক ৰেলী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উক্ত বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সঁকিয়নি প্ৰদান কৰি কয় “কা” বাতিল নকৰালৈকে ছাত্ৰ সন্থাৰ ধাৰাবাহিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলিয়ে থাকিব।

উক্ত বাইক ৰেলীত গোটাবাৰী খোপাতিয়া আঞ্চলিক আছুৰ সভাপতি ঈর্ষাদ হুছেইন সাধাৰণ সম্পাদক আব্দুল গফুৰ, জাকিৰুল ইছলাম , সঞ্জব আলীকে আদি কৰি জিলাখনৰ আছুৰ বিভিন্ন আঞ্চলিকৰ কৰ্মকৰ্তা অংশগ্ৰহণ কৰে।

The post “কা” বাতিলৰ দাবীত দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ বাইক ৰেলী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.