DIGITAL

June 10, 2023

APTCE 18538973148

নাঁওবৈছাত অগপৰ খহনীয়া

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ নিৰ্বাচনৰ পূৰ্বে ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্যপট।এদিন যদি এটা দলত যোগদান আন এদিন অন্য এটা দলত যোগদান।য’ত সুচল সুযোগৰ সম্ভাৱনা উজ্জ্বল তালৈকে ধাৱমান হয় সুযোগ সন্ধানী একাংশই।দুদিন পূৰ্বে লালুকত অনুষ্ঠিত অগপ দলৰ এখন গনসমাবেশত সদলবলে যোগদান কৰিছিল কংগ্ৰেছৰ ভাতৃ সংগঠন NSUI ৰ একাংশ বিষয়ববীয়া আৰু সদস্যই।

কিন্তু শনিবাৰে সমষ্টিটোলৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন অহাৰ দিনটোতে পুনৰ এইসকল অগপত যোগদানকাৰী NSUIৰ সদস্যই অগপ ত্যাগ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।অগপলৈ যোৱাৰ সিদ্ধান্ত তেওঁলোকৰ ভুল আছিল বুলি সদৰি কৰে।।নিৰ্বাচনৰ আগত সুবিধাবাদৰ নামত চলা এনে নাটকে সাধাৰণ ৰাইজৰ মাজত বেছ আমোদৰ সৃষ্টি কৰিছে।

The post নাঁওবৈছাত অগপৰ খহনীয়া appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.