DIGITAL

December 4, 2023

APTCE 18538973148

মানকাচৰত জনসাধাৰণৰ ভোট বৰ্জনৰ সিদ্ধান্ত…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী। গাঁৱে-ভূঞে, চহৰে-নগৰে জন প্ৰতিনিধিৰ অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ। সকলোৰে মুখত বিকাশ আৰু উন্নয়ণৰ আপ্তবাণী। কিন্তু এনে এক প্ৰেক্ষাপটতে মানকাচৰৰ এখন গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিৰ ওপৰত বিক্ষোভ হৈ ভোট বর্জনৰ সিদ্ধান্ত লৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ নিচেই কাষতে থকা নেওৱাজেছপুৰ গাঁৱৰ ৰাইজে সমাগত বিধানসভা নিৰ্বাচনত ভোট বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

সংবাদ মাধ্যমৰ আগত ৰাইজে অভিযোগ কৰে যে গাঁও খনত নাই এটাও সুচল পথ। বাৰিষা আহিলেই ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সম্মুখীন হয়। নাওঁ, কলগছৰ ভেল আদি ব্যৱহাৰ কৰি অহা-যোৱা কৰিব লাগে সাধাৰণ জনতাই। নিৰ্বাচন আহিলেই জনপ্ৰতিনিধি সকলৰ মুখত ৰাইজৰ বাবে ভিন্ন প্ৰতিশ্ৰুতি । কিন্তু নিৰ্বাচন পাৰ হ’লেই প্ৰতিশ্ৰুতি ৰখাটো দুৰৰে কথা, খবৰ এটাও নলয় জনপ্ৰতিনিধি সকলে।

বিশেষকৈ নেওৱাজেছপূৰ গাঁৱৰ ৰাইজে গাঁও খনত বাট-পথ নিৰ্মাণ কৰিবলৈ বাৰে বাৰে দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধি সকলে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওবাসীয়ে।ইফালে শনিবাৰে নেওৱাজেছপূৰ ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ।

“নো ৰোড নো ভোট, আমাক ৰাস্তা দিয়ক আমাৰ ভোট লওক”এই শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰিও জনপ্ৰতিনিধিলৈ বাট নাচাই ৰাইজে মিলি গাঁও খনৰ ঘৰে ঘৰে ধন সংগ্ৰহ কৰি আৰম্ভ কৰিছে পথ নিৰ্মাণৰ কাম। চৰকাৰ, জনপ্ৰতিনিধিৰ প্ৰতি আস্থা নাই এই সকল লোকৰ। ফলত উপায়ন্তৰ হৈ নিজে পথ নিৰ্মাণ কৰি জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই।

The post মানকাচৰত জনসাধাৰণৰ ভোট বৰ্জনৰ সিদ্ধান্ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.