- মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা মোস্তাক মহম্মদ মকছেদুল হাছানে যোগদান কৰিব এনপিপি দলত।
- দেওবাৰে এন পি পি দলত যোগদান কৰিব মোস্তাক মহম্মদ মকছেদুল হাছনে।
- নিজৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ বাবে এনপিপিত যোগদান কৰিব তেওঁ।
- এনপিপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম দুলাল।
- দুলালৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে।
- মানকাছৰৰ আনগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে।
- তেওঁৰ নাম আখালুনা বেগম।
- বেগম আমিনুল ইছলাম দুলালৰ ভন্টি বুলি জানিব পৰা গৈছে।
The post মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী মোস্তাক মহম্মদ মকছেদুল হাছনে যোগ দিব এনপিপিত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.