মাজুলী মিনি ষ্টেডিয়ামত ২০২১ গচি বন্তি জ্বলাই ধন্যবাদ জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক…

ডিজিটেল সংবাদ, মাজুলীঃ সোমবাৰে সন্ধিয়া মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত মাজুলী জিলা বিজেপিয়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। সন্ধিয়া ২০২১ গচি মাটিৰ চাকিৰে লিখিলে ‘THANK YOU AMIT SHAHJI FOR VISITING MAJULI’ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰথম মাজুলী ভ্ৰমণৰ পাছত সন্ধিয়াৰ ভাগত গড়মূৰ মিনি ষ্টেডিয়ামত মাটিৰ চাকি জ্বলাই অভিনৱভাৱে ধন্যবাদ জনালে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা বিধানসভালৈ জয়ী কৰোৱাৰ লগতে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰোৱাৰ চেষ্টাত ব্ৰতী থকা মাজুলীবাসীক সহযোগিতা আগবঢ়াবলৈ অহা গৃহমন্ত্ৰী গৰাকীৰ আগমনৰ পাছত মাজুলীত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মাজুলী বিজেপিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰভাৰী ৰূপা কামান, গুৱাহাটীৰ সাংসদ কুইন ওজা সহ বহুকেইগৰাকী নেতাই। মাজুলী ফুলনিত সোমবাৰে অমিত শ্বাহে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

The post মাজুলী মিনি ষ্টেডিয়ামত ২০২১ গচি বন্তি জ্বলাই ধন্যবাদ জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

মাজুলীক বানমুক্ত আৰু গৰাখহনীয়ামুক্ত কৰিমঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

ডিজিটেল সংবাদ, মাজুলীঃ ‘মাজুলীত দীৰ্ঘদিনে চলি অহা খৰাখহনীয়া প্ৰতিৰোধৰ বাবে ১০৭৬ কোটি টকা আৱন্টন দিয়া হ’ব। যিমান ডাঙৰ বানপানী হলেও গৰাখহনীয়া নহয়। অসমক আতংকবাদ মুক্ত ,আন্দোলনমুক্ত, ভ্ৰষ্টাচাৰ মুক্ত আৰু অনুপ্ৰৱেশকাৰী মুক্ত বনালো কিন্তু আহিবলগীয়া ৫ বছৰত আমি অসমক বানপানী মুক্ত কৰিম। মাজুলীত কেতিয়াও খৰাখহনীয়া নহয়, প্ৰধানমন্ত্ৰী মোডীজীয়ে বানপানীৰ গোটেই পানী ডাঙৰ ডাঙৰ খাল আৰু সৰোবৰত পেলাই আপোনালোকক বানপানী মুক্ত কৰিব।’- সোমবাৰে এনেদৰে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

অসমক সন্ত্ৰাসবাদ মুক্ত, অবৈধ বাংলাদেশী মুক্ত, আন্দোলন মুক্ত অসম গঢ়িবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত নেতৃত্বত গত পাঁচ বছৰত সম্ভৱ হ’ল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আন্দোলনৰ নামত একাধিক যুৱকৰ ওপৰত অমানুসিক অত্যাচাৰৰ লগতে গুলি চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ফলশ্ৰুতিত বহু যুৱকে অকালতে জীৱন বলিদান দিব লগা হৈছিল৷ কিন্তু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমখনক আন্দোলন কৰিব নলগা এক নৱ অসমৰ সূচনা কৰিছে৷ যাৰ ফ..

প্রাক্তন মুখ্যমন্ত্রীয়ে কৈছিল ‘হু ইজ বদৰুদ্দিন’, তেওঁৰ পুত্রই কৈছে ‘হি ইজ বদৰুদ্দিন’- বিজেপি অধ্যক্ষ জে পি নড্ডা…

ডিজিটেল ডেস্কঃ সোমবাৰে বিজেপিৰ অধ্যক্ষ জে পি নড্ডা উপস্থিত হয় অসমত। তেওঁ বিহালীৰ নিউ কেটেলা খেলপথাৰত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাত তেওঁ কয়- ‘প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে “”হু ইজ বদৰুদিন”” কৈছিল আৰু আজি তৰুণ গগৈৰ পুত্রই “হি ইজ বদৰুদিন” বুলি কয়। অসমৰ ভাগ্য নিৰ্ণায়ক বদৰুদিন নহয়। অসমৰ গৌৰব শ্রীমন্ত শংকৰ দেৱ, ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈ হয়। ভাৰতীয় জনতা পার্টিয়ে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিছে।’

লগতে তেওঁ কয়- অসমৰ ৯ হাজাৰ মন্দিৰ-নামঘৰ অসম দর্শন আচনিত অন্তর্ভুক্ত কৰিছে। অসমৰ সত্রৰ মাটি সুৰক্ষাৰ বাবে সর্বানন্দ সোণোৱাল চৰকাৰেহে কৰিছে। অসমৰ কাজিৰঙাত কংগ্রেছৰ দিনত সর্বাধিক গড় হত্যা হৈছিল আৰু বিজেপি চৰকাৰৰ দিনত গড় হত্যা কমিছে বুলি উল্লেখ কৰি অসমত বিজেপিৰ দিনত শান্তি স্হাপন হৈছে বুলিও কয় তেওঁ।

‘চাহ শ্রমিকৰ উন্নয়নৰ বাবেও বিজেপিয়ে কাম কৰিছে। মনমোহন সিং অসমৰ পৰা গৈ প্রধানমন্ত্রী হৈও অসমৰ উন্নয়ন নকৰিলে। কিন্তু মোডী চৰকাৰ হোৱাৰ লগে লগে উন্নয়ন দুগুণ বাঢ়িছে। অসম চৰকাৰে কৰা মহিলা সবলীকৰণ বাবে প্রর্বতন কৰা অৰুনোদয় আঁচনি, কনকলতা মহিলা সবলীকৰণ আঁচনি ইত্যাদিৰ কথা কৈ এইবাৰ বিজেপি দলক ..

প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী সভাৰ শেষত বটদ্ৰৱাত মাৰপিটৰ ঘটনা…VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ বাটমাৰী হাইডুবি খেলপথাৰত অনুষ্ঠিত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী সভাৰ শেষত সোমবাৰে মাৰপিটৰ ঘটনা সংঘটিত হয়। সভালৈ অহা কংগ্ৰেছ কৰ্মীৰ মাজতে সংঘটিত হয় এই মাৰপিটৰ ঘটনা ।

ঘটনাত গুৰুত্বৰ বাবে আঘাতপ্রাপ্ত হয় তিনিজনকৈ লোক। সভাৰ শেষত প্ৰিয়ংকা গান্ধীকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ নেতা সকলৰ প্ৰস্থানৰ পাছতেই হাতে হাতে লাখুটি লৈ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে দৌৰাই দৌৰাই মাৰধৰ কৰে আন একাংশ কংগ্ৰেছ কৰ্মীক।

আঘাতপ্রাপ্ত তিনিজনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভাবে আঘাতপ্রাপ্ত জনৰ নাম এমৰাজুল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱা কাৰণ এতিয়া লৈকে জানিব পৰা হোৱা নাই।

The post প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী সভাৰ শেষত বটদ্ৰৱাত মাৰপিটৰ ঘটনা…VIDEO appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

মানকাচৰত ২ জনৰ মনোনয়ন নাকচ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুজনৰ মনোনয়ন নাকচ হোৱাৰ লগতে এগৰাকী প্ৰাৰ্থীয়ে সোমবাৰে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত জিলাখনত দুই সমষ্টিত মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হয়। উল্লেখযোগ্য যে, জিলাখনৰ অধীনত থকা মানকাচৰ সমষ্টি মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল। জিলা প্ৰশাসনে উক্ত ১১ গৰাকী প্ৰাৰ্থীৰ পৰা মোস্তাক মহাম্মদ মোকছেদুল হাচান আৰু আখালুনা বেগম নামৰ দুই নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ জিলা প্ৰশাসনে নাকচ কৰিছে।

আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সোমবাৰে অন্তিম দিনা এআইইউডিএফ দলৰ প্ৰাৰ্থী আমিনুল ইছলাম পত্নী মেৰিনা খান নিজৰ মনোনয়ন পত্ৰ উঠাই নিয়ে। মেৰিনাখন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল। দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ আৰু এগৰাকী প্ৰাৰ্থীৰ নাম প্ৰত্যাহাৰ কৰাত মানকাচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি জিলা প্ৰশাসনে নিশ্চিত কৰিছে।

মানকাচৰ সমষ্টিত বৈধ প্ৰাৰ্থী কেইজন হৈছে অগপ দলৰ জাবেদ ইছলাম ( প্ৰাক্তন বিধায়ক), এআইইউডিএফ দলৰ আমিনুল ইছলাম (দলৰ কেন্দ্ৰীয় সাং..

ৰাজ্যত এছএছটি-ফ্লায়িং স্কোৱাড-আৰক্ষীৰ অভিযান, জব্দ লাখ লাখ টকা…

ৰাজ্যত এছএছটি, ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযান।অভিযানত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা জব্দ লাখ লাখ টকা।গোলাঘাটৰ ধনশিৰি দলঙতো এছএছটি, ফ্লায়িং স্কোৱাডৰ অভিযান।অভিযানত জব্দ ১ লাখ ৪৪ হাজাৰ ৩০০ টকা।সৰ্থেবাৰীৰ গৰেট্টাৰীত এছএছটি, ফ্লায়িং স্কোৱাডৰ অভিযান।অভিযানত দুজন লোকৰ পৰা জব্দ ৩,১৭,০০০ টকা।ৰমজান আলী নামৰ লোকজনৰ পৰা জব্দ ৮৮,০০০ টকা।ৰুস্তম আলীৰ পৰা জব্দ কৰা হয়. ২,২৯,০০০ টকা।
The post ৰাজ্যত এছএছটি-ফ্লায়িং স্কোৱাড-আৰক্ষীৰ অভিযান, জব্দ লাখ লাখ টকা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বিশ্ব মূকাভিনয় দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী…

ডিজিটেল ডেস্কঃ বিশ্ব মূকাভিনয় দিৱস উপলক্ষে প্ৰতিবছৰৰ দৰে এইবাৰো নিৰ্বাকৰ উদ্যোগত বিশ্ব মূকাভিনয় দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যুৱ মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত চাৰিজনীয়া দলে “ৰাস্তাই-ঘাটে আৰু কিমান পিকাব ? ডিঙিতে এটি বাল্টি ওলোমাই লওক” শীৰ্ষক এক মূকাভিনয় প্ৰদৰ্শন কৰে।

গুৱাহাটীৰ ৰাজপথ, বাছ আস্থান, ফুটপাত, বজাৰৰ লগতে বাছৰ ভিতৰতো মূকাভিনয়ৰে এই প্রদর্শন ৰূপায়ন কৰে। এই কাৰ্যসূচীয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, মিনাংক ডেকাই ইয়াৰ পূৰ্বেও বিভিন্ন বিষয়ৰ ওপৰত এনেধৰণৰ সজাগতা মূলক কাৰ্যসূচী নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে।

The post বিশ্ব মূকাভিনয় দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

পীয়ুষ হাজৰিকাক নিৰ্বাচনত জয়ী কৰিবলৈ অভিনেত্ৰী আইমী বৰুৱাৰ প্ৰচাৰ

ডিজিটেল সংবাদ, মায়ংঃ জাগীৰোড বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁখন তুংগত উঠিছে। বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুয়ো গৰাকীয়ে প্ৰচাৰ তীব্রতৰ কৰি তুলিছে। মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকাৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাই যোৱা কেইদিনমান ধৰি নিজৰ স্বামীক জয়ী কৰোৱাৰ স্বাৰ্থত সমষ্টিৰ চুকে কোনে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে।

ভাষণেৰে মহিলা ভোটাৰ সকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিগত নিৰ্বাচনটো যথেষ্ট সভাত ভাষণ দিছিল আইমী বৰুৱাই। কামত আহিছিল সেই নিৰ্বাচনী প্ৰচাৰ। কাৰণ প্ৰথম বাৰৰ বাবে ২০১৬ চনৰ নিৰ্বাচনত প্ৰচাৰ চলাই সমষ্টিৰ ৰাইজৰ মাজত বহু জনপ্ৰিয় হৈ পৰিছিল। পিছে এইবাৰ অলপ কঠিন হৈছে। কাৰণ বিৰোধী দলৰ প্ৰাৰ্থী দুয়ো গৰাকী যথেষ্ট শক্তিশালী।

কংগ্ৰেছৰ পৰা স্বপন কুমাৰ মণ্ডল আৰু অসম জাতীয় পৰিষদৰ পৰা আছে প্ৰাক্তন মন্ত্ৰী বুবুল দাস। তিনিও জন শক্তিশালী প্ৰাৰ্থীয়ে নিজা নিজা ষ্টাইলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে।পীয়ুষ হাজৰিকাই অৱশ্যে এইবাৰ অসমৰ আন কেইবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। সেয়ে স্বামীৰ সহায়ক হোৱাকৈ পত্নী আইমী বৰুৱাই চুবুৰীয়ে চুবুৰীয়ে একপ্ৰকাৰ সভা পাতি ভাষণ দি ফুৰিছে।

জাগীৰোড সমষ..

হোজাইত বিজেপিৰ নির্বাচনী প্ৰচাৰ তুংগত…

ডিজিটেল সংবাদ, হোজাই: কংগ্ৰেছৰ মাৰ্গদর্শক এতিয়া বদৰুদ্দিন আজমল, কংগ্ৰেছ শাসনত আহিলে আমি সকলো অসমৰ পৰা যাব লাগিব, বদৰুদ্দিনে কংগ্ৰেছৰ লগ লাগি অসমত শ্বৰীয়ত আইন বলবৎ কৰিব বিচাৰিছে ইছলামিক আইন অসমত হলে আপোনালোক ইয়াত বহি থাকিব নোৱাৰিব । বাংলাদেশৰ পৰা হিন্দু বাঙালী সকলক খেদি দিছিল এইবাৰ যদি কংগ্ৰেছ মহাজোটৰ চৰকাৰ হয় তেন্তে অসমৰ সকলো জাতি জনজাতিক খেদি অসম খনক বাংলাদেশ বনাব, ফলত বিজেপিক ভোট দি বদৰুদ্দিনক ৰাজনৈতিক বাবে অসমৰ পৰা খেদি পঠিয়াব লাগিব তেতিয়াই অসমত শান্তি থাকিব বুলি মইনা পুৰৰ নির্বাচনী সভাখনত আজি বিজেপি প্ৰাৰ্থী গৰাকীয়ে ভাষণত কয়।

কংগ্ৰেছ মহাজোটে মিছা কথা কৈ ভোট আদায় কৰিবলৈ চেষ্টা কৰি আছে, কংগ্ৰেছৰ পৰা সাৱধান হ’ব লাগিব, আমি নামঘৰ বুলি কওঁ যদিও কংগ্ৰেছে কমিনিটি হ’ল বুলি কয়- কিয়নো কংগ্ৰেছে নামঘৰ কবলৈ লাজ পায় বুলি সোমবাৰে শালবাগানৰ এখন নিৰ্বাচনী সভাত হোজাই সমষ্টিৰ বিজেপি দলৰ মনোনীত ৰামকৃষ্ণ ঘোষে কয়।

বিজেপি চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰে, দেশৰ বাবে কাম কৰে। বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক সংঘ দিয়ে বিজেপিৰ হোজাই জিলাৰ প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰ আৰু হোজাই জিলা পৰিষদৰ সভানেত্ৰী ..

এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীৰ ৩০ শতাংশ বেতন কৰা হ’ব বৃদ্ধি…

ডিজিটেল ডেস্কঃ তেলেংগানা চৰকাৰে সকলো চৰকাৰী কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰাৰ লগতে অৱসৰগ্ৰহণৰ বয়স অৰ্থাৎ সময়সীমাও বৃদ্ধি কৰি দিছে। ৰাজ্য চৰকাৰে সোমবাৰে সকলো চৰকাৰী কৰ্মচাৰী, শিক্ষকৰ বেতন ৩০ শতাংশ বৃদ্ধি কৰাৰ লগতে ঘোষণা কৰিছে যে- অৱসৰ গ্ৰহণৰ বয়স ৫৮ৰ পৰা বৃদ্ধি কৰি ৬১ বছৰ কৰা হৈছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সোমবাৰে বিধানসভাত কৰে এই ঘোষণা। তেওঁ লগতে কয় যে, ইয়াৰ দ্বাৰা প্ৰায় ৯.১৭ লাখ কৰ্মচাৰী আৰু পেঞ্চন লাভ কৰা লোকৰ সহায় হ’ব। ২০২১ৰ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব বেতন।

The post এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীৰ ৩০ শতাংশ বেতন কৰা হ’ব বৃদ্ধি… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.