DIGITAL

May 30, 2023

APTCE 18538973148

ধন্য অতুল বৰাঃ আপোনাৰ পৰিৱৰ্তে গাওঁৰক্ষী বাহিনীয়েহে কৰে পথ মেৰামতিৰ কাম

ডিজিটেল সংবাদ,বোকাখাতঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। সমষ্টিয়ে সমষ্টিয়ে চলিছে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ।কাৰ ওঁঠত শেষ হাঁহি বিৰিঙিব এই লৈ সাধাৰণ ভোটাৰৰ মাজত চলিছে ব্যাপক চৰ্চা। তেনে সময়তে বোকাখাত বিধান সভা সমষ্টিৰ উন্নয়নৰ প্ৰসংগত ২১ মাৰ্চৰ পৰা সমষ্টিটোৰ কুৰুৱাবাহীৰ এখন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ এক ইতিবাচক কৰ্মই স্বাভাৱিতেই জনসাধাৰণৰ মনলৈ আনিছে নতুন প্ৰশ্ন? প্ৰকৃততে বিগত পাঁচটা বছৰে বোকাখাত বিধান সভা সমষ্টিৰ কোনবোৰ কৰ্মই উন্নয়ন দিশত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিলে?

বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাগৰীয়া গাঁৱৰ ধনশিৰি নদীৰ বান প্ৰতিৰোধী এটা মথাউৰিৰ চাৰি কিলোমিটাৰ এটা অংশত গাঁওৰক্ষী বাহিনীয়ে নিজা পুঁজিৰে গাঁওবাসীৰ সহযোগত ২১ মাৰ্চৰ পৰা সপ্তাহজোৰা আঁচনিৰে আৰম্ভ কৰিছে পথ তথা মথাউৰিৰ মেৰামতিৰ কাম।

সমূখত যিহেতু বাৰিষা। সেয়ে “অগপৰ দুৰ্গ” খ্যাত অতুল বৰাৰ সমষ্টিৰ ৰঙাগৰীয়া গাঁৱত সমাগত বাৰিষাৰ প্ৰতি সচেতন হৈ অৱশেষত গাঁওৰক্ষী বাহিনীয়ে মেৰামতি কৰিব লগীয়া হৈছে এই পথৰ মেৰামতিৰ কাম । গাঁওৰক্ষী বাহিনীৰ পুঁজিৰ পৰা ঘণ্টাত ১৫০০ টকা ব্যয় সাপেক্ষে পথ মেৰামতিৰ কামত লগাইছে এক্সোভেটৰ। এটা সমষ্টিৰ জন প্ৰতিনিধিৰ বাবে ই নিশ্চই এক লজ্জাজনক সংবাদেই হ’ব।

ৰঙাগৰীয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি পৰান দাসে সংবাদ মাধ্যমৰ আগত কয়, “এই মুহুৰ্তত আমি কাৰো নাম ল’ব বিচৰা নাই,যিহেতু কেইদিন মানৰ পাছতে নিৰ্বাচন আহি আছে।কাৰো দোষ-গুণ আমি আমি গাবলৈ নাযাও।কিন্তু এটা কথা কবই লাগিব যে কুৰুৱাবাহীৰ এই মথাউৰিটোৰ আটাইতকৈ বেয়া অংশ এইটুকুৰাই। এই মথাউৰিটোৰ ওচৰতে এখন প্ৰাথমিক বিদ্যালয় আছে, সাধাৰণ মানুহৰ কথা নকওঁ মুঠতে বাৰিষা কালত কণ কণ ল’ৰাছোৱালীবোৰৰ অকন মান সকাহ হওক। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তাই মিলি এই প্ৰচেষ্টা হাতত লৈছো।”পৰা আঁতৰত থাকি অন্ত্যত সততাৰে ক’লে ৰঙাগৰীয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি পৰান দাসে।

উল্লেখযোগ্য যে, বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ধনশিৰি নৈৰ বান গৰাখহনীয়াত বিধস্ত হোৱা চিনাকান চাৰি আলিৰ পৰা নিকৰিঘাট সংযোগী মথাউৰিটোৰ এই পথচোৱা দীৰ্ঘদিনৰ পৰাই যাতায়তৰ বাবে অনুপযোগী। একাঠু বোকাৰ মাজেৰে গাঁওখনৰ একমাত্ৰ প্ৰাথমিক শিক্ষা কেন্দ্ৰ ৰঙাগৰীয়া প্ৰাথমিক বিদ্যালয়লৈ যাতায়ত কৰিব লাগে কণ কণ ছাত্ৰ-ছাত্ৰী। তাৰোপৰি ব্যৱসায়-বানিজ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ যাতায়ত কৰিবলৈ গাঁওবাসীৰ নাই আৰু বিকল্প পথ। ফলত বাৰিষা গাঁওখন হৈ পৰে এক প্ৰকাৰ বিচ্ছিন্ন। ইফালে বানিজ্যিক ক্ষেত্ৰখনৰ বাবেও এই পথচোৱা যথেষ্ট গুৰুত্বপূৰ্ণ, এই পথটোৰেই এছিয়াৰ দ্বিতীয় বৃহৎ বজাৰ বিহৰালৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা নাৱেৰে বৃহৎ সংখ্যক গৰু-ম’হৰ সৰবৰাহ হয়।

গাঁৱৰ আন এগৰাকীয়ে কয় যে, “বাৰিষা আমি নোশোৱেই,ৰাতি গৰা খহি থাকে,ঘৰৰ মানুহক কওঁ বস্তু-বাহানি সামৰি থ’বলৈ, কোন সময়ত কি হয় ঠিক নাই, চোতালত পানী একঁকাল হয়। প্ৰত্যেক বছৰে বানপানীৰ সময়ত আমি ওচৰৰ ‘স্কুল’খনতে আশ্ৰয় লওঁ। চৰকাৰে একো কৰি দিয়া নাই।ৰিলিফৰ চাউল কেইটা পাওঁ। এই খিনিত যদি ৰাস্তাটো চিগে গোটই বোকাখাত ডুবিব।”

১৯৬২-৬৩ চনৰ পৰা কুৰুৱাবাহীৰ ধনশিৰি নদীৰ এই অংশটোৰ খহনীয়াই হাজাৰ হাজাৰ বিঘা কৃষি ভুমি গ্ৰাস কৰিছে, বিধস্ত হৈছে বহু পৰিয়াল।বৰ্তমানেও অব্যাহত আছে গৰাখহনীয়াৰ সমস্যা। ইফালে ৰঙাগৰীয়া গাঁওৰক্ষী বাহিনীয়ে মেৰামতি কৰি থকা অংশটোৰ পৰা মাত্ৰ কেই ফুট মান আঁতৰেদিয়েই বৈ আছে ধনশিৰি নদীখন।তৎসত্ত্বেও বিভাগীয় কৰ্তৃপক্ষই লোৱা নাই বিজ্ঞানসন্মত খহনীয়া প্ৰতিৰোধী ব্যৱস্থা।তাৰ পৰিবৰ্তে ব্যৱহাৰ কৰি থকা হৈছে বিফল বুলি শতিকা পূৰ্বেই প্ৰমানিত হৈ যোৱা পাৰ্কুপাইন ব্যৱস্থা।জিঅ’ বেগৰ ব্যৱস্থাও ইতিমধ্যেই অঞ্চলটোৰ কেইবাটাও খহনীয়া অংশত বিফল বুলি প্ৰমানিত হৈছে।

গাঁৱৰে আন এগৰাকী ব্যক্তিয়ে বিজেপি দখলত থকা কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ ভুমিকাৰ প্ৰসংগত কয়, “এতিয়া ল’ৰাবোৰে কাম কৰি থকা ৰাস্তাটোৰ এই টুকুৰা ভাল কৰি দিবলৈ আমাৰ পঞ্চায়তৰ (কুৰুৱাবাহী গাঁও পঞ্চায়ত) সভানেত্ৰী গৰাকীক বহুবাৰ কোৱা হ’ল,কাগজো দিয়া হ’ল কিন্তু আমাৰ কথা শুনিবলৈ তেওঁলোকৰ সময় নাই । কয় – এই টুকুৰা তেওঁলোকৰ ভাগত নপৰে।”সংগত এনেদৰে ক্ষোভ ব্যক্ত কৰিলে গাঁওখনৰে নাম প্ৰকাশত অনিশ্চুক এগৰাকী জেষ্ঠ গাঁওবাসীয়ে।

জন প্ৰতিনিধিয়ে দায়বদ্ধতাৰে সমাপন কৰিবলগীয়া কুৰুৱাবাহী ৰঙাগৰীয়া গাঁৱৰ পথটোৰ মেৰামতিৰ কাম গাঁওৰক্ষী বাহিনীৰ দায়িত্বৰ আওতাত নপৰে যদিও নিজৰ পাৰিতোশিকৰ ধনেৰে কৰা এই ব্যতিক্ৰমী পদক্ষেপে সমাজখনত এক নিশ্চয়কৈ যোগাত্মক প্ৰভাৱ পেলাব তাৰ সমান্তৰাল ভাৱে অকমণ্য বিষয়া কৰ্মচাৰী তথা জনপ্ৰতিনিধিৰ ভুমিকা সন্দৰ্ভত নতুন প্ৰজন্মক নকৈ ভাবিবলৈ স্বাভাৱিকতেই এটি সুৰুঙা দিব বুলি বহু জনে মতামত ব্যক্ত কৰে।

The post ধন্য অতুল বৰাঃ আপোনাৰ পৰিৱৰ্তে গাওঁৰক্ষী বাহিনীয়েহে কৰে পথ মেৰামতিৰ কাম appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.