DIGITAL

September 24, 2023

APTCE 18538973148

পীয়ুষ হাজৰিকাক নিৰ্বাচনত জয়ী কৰিবলৈ অভিনেত্ৰী আইমী বৰুৱাৰ প্ৰচাৰ

ডিজিটেল সংবাদ, মায়ংঃ জাগীৰোড বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁখন তুংগত উঠিছে। বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুয়ো গৰাকীয়ে প্ৰচাৰ তীব্রতৰ কৰি তুলিছে। মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকাৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাই যোৱা কেইদিনমান ধৰি নিজৰ স্বামীক জয়ী কৰোৱাৰ স্বাৰ্থত সমষ্টিৰ চুকে কোনে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে।

ভাষণেৰে মহিলা ভোটাৰ সকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিগত নিৰ্বাচনটো যথেষ্ট সভাত ভাষণ দিছিল আইমী বৰুৱাই। কামত আহিছিল সেই নিৰ্বাচনী প্ৰচাৰ। কাৰণ প্ৰথম বাৰৰ বাবে ২০১৬ চনৰ নিৰ্বাচনত প্ৰচাৰ চলাই সমষ্টিৰ ৰাইজৰ মাজত বহু জনপ্ৰিয় হৈ পৰিছিল। পিছে এইবাৰ অলপ কঠিন হৈছে। কাৰণ বিৰোধী দলৰ প্ৰাৰ্থী দুয়ো গৰাকী যথেষ্ট শক্তিশালী।

কংগ্ৰেছৰ পৰা স্বপন কুমাৰ মণ্ডল আৰু অসম জাতীয় পৰিষদৰ পৰা আছে প্ৰাক্তন মন্ত্ৰী বুবুল দাস। তিনিও জন শক্তিশালী প্ৰাৰ্থীয়ে নিজা নিজা ষ্টাইলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে।পীয়ুষ হাজৰিকাই অৱশ্যে এইবাৰ অসমৰ আন কেইবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। সেয়ে স্বামীৰ সহায়ক হোৱাকৈ পত্নী আইমী বৰুৱাই চুবুৰীয়ে চুবুৰীয়ে একপ্ৰকাৰ সভা পাতি ভাষণ দি ফুৰিছে।

জাগীৰোড সমষ্টি আজিৰ তাৰিখত বিজেপিৰ বাবে এটা গুৰুত্বপূৰ্ণ সমষ্টি। কাৰণ হিমন্ত বিশ্বৰ অতি ঘনিষ্ঠ পীয়ুষ হাজৰিকা হ’ল এই সমষ্টিৰ বিধায়ক। গতিকে যি কোনো প্ৰকাৰে এই সমষ্টি বিজেপিয়ে নিজৰ দখলত আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আইমি বৰুৱাই নিৰ্বাচনী সভাবোৰত উন্নয়নৰ লগতে চৰকাৰী আঁচনিবোৰৰ কথা আৰু মৃতকৰ পৰিয়ালক আৰ্থিক ভাৱে কৰি অহা সহায়ৰ কথাও উল্লেখ কৰি আহিছে মহিলা সকলৰ সন্মুখত।পিছে নিৰ্বাচনী ৰণত ফলাফল কি হয় সেয়া সময়ে ক’ব।

The post পীয়ুষ হাজৰিকাক নিৰ্বাচনত জয়ী কৰিবলৈ অভিনেত্ৰী আইমী বৰুৱাৰ প্ৰচাৰ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.