ডিজিটেল সংবাদ,মঙলদৈঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেৰেই তৎপৰতা বৃদ্ধি পায় আহিছে। এক এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা অনুসুচিত জাতিৰ বাবে সংৰক্ষিত মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে দেওবাৰৰ দিনটোত সমষ্টিৰ গাৱে গাৱে সৰু সৰু নিৰ্বাচনী প্ৰচাৰ সভা অনুস্থিত কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰা দেখা গৈছে।
বিজেপিৰ পশ্চিম মঙলদৈ মণ্ডলৰ অন্তৰ্গত চমুৱাপাৰা গাওঁ পঞ্চায়তৰ লংকা পুৰী ,জাৱৰিকুছি, বঢ়মপুৰ, মজাচুৱা, চমুৱা পাৰা, বিজেপিৰ পূৱ মঙলদৈ মণ্ডলৰ অন্তৰ্গত আটা কাটা পাৰা, টাঙনি আদি ঠাইত দিনৰ ভাগত সৰু সৰু প্ৰচাৰ সভা অনুস্থিত কৰি প্ৰচাৰ কৰা দেখা যায়।
এই সভা সমুহত গাওঁ বাসীৰ যঠেষ্ট উৎসাহ পৰিলক্ষিত হয় কিয়নো প্ৰায় বোৰ প্ৰচাৰ সভাতেই গাওঁ সমূহৰ ডেকা বুঢ়া জীয়ৰী-বোৱাৰীৰ উপস্থিতি লক্ষ্যনীয় আছিল। গাওঁ বাসীয়ে বিজেপি প্ৰাৰ্থী গৰাকীক অকুণ্ঠ সহাঁৰি দিয়া পৰিলক্ষিত হৈছে যদিও দুই মে’ত কোনো শেষ হাহি মাৰিবলৈ সক্ষম হব সেয়া লক্ষ্যনীয় হব ।
The post মঙলদৈত বিজেপিৰ প্ৰচাৰ তুংগত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.