ডিজিটেল সংবাদ, চেঙাঃ সমূহক নিৰ্বাচন। ৰাজ্য বিভিন্ন প্ৰান্তত প্ৰতিদিনে জব্দ কৰা হৈছে লাখ লাখ টকা । সোমবাৰেও সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গড়ট্টাৰীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োসহ আৰক্ষীৰ দল আৰু এছ এছ টি(এ)য়ে চলোৱা এক অভিযানত দুগৰাকী ব্যক্তিৰ পৰা পৃথকে পৃথকে তিনি লক্ষাধিক টকা জব্দ কৰে ।
জানিব পৰা মতে, ৰুস্তম আলী দেৱান নামৰ লোক জনৰ পৰা পৰা ২,২৯,০০০ টকা আৰু ৰমজান আলীৰ পৰা ৮৮,০০০ টকা জব্দ কৰে আৰক্ষীয়ে । নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হৈ থকাৰ সময়ত টকাখিনি নীতি বৰ্হিভূতভাবে সৰবৰাহ কৰাৰ অভিযোগত জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাই। জব্দ কৰা মুঠ ৩,১৭,০০০ টকা জিলা কোষাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।
The post সৰুক্ষেত্ৰীৰ গড়ট্টাৰীত তিনি লক্ষাধিক টকা জব্দ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.