DIGITAL

September 26, 2022

APTCE 18538973148

হোজাইত বিজেপিৰ নির্বাচনী প্ৰচাৰ তুংগত…

ডিজিটেল সংবাদ, হোজাই: কংগ্ৰেছৰ মাৰ্গদর্শক এতিয়া বদৰুদ্দিন আজমল, কংগ্ৰেছ শাসনত আহিলে আমি সকলো অসমৰ পৰা যাব লাগিব, বদৰুদ্দিনে কংগ্ৰেছৰ লগ লাগি অসমত শ্বৰীয়ত আইন বলবৎ কৰিব বিচাৰিছে ইছলামিক আইন অসমত হলে আপোনালোক ইয়াত বহি থাকিব নোৱাৰিব । বাংলাদেশৰ পৰা হিন্দু বাঙালী সকলক খেদি দিছিল এইবাৰ যদি কংগ্ৰেছ মহাজোটৰ চৰকাৰ হয় তেন্তে অসমৰ সকলো জাতি জনজাতিক খেদি অসম খনক বাংলাদেশ বনাব, ফলত বিজেপিক ভোট দি বদৰুদ্দিনক ৰাজনৈতিক বাবে অসমৰ পৰা খেদি পঠিয়াব লাগিব তেতিয়াই অসমত শান্তি থাকিব বুলি মইনা পুৰৰ নির্বাচনী সভাখনত আজি বিজেপি প্ৰাৰ্থী গৰাকীয়ে ভাষণত কয়।

কংগ্ৰেছ মহাজোটে মিছা কথা কৈ ভোট আদায় কৰিবলৈ চেষ্টা কৰি আছে, কংগ্ৰেছৰ পৰা সাৱধান হ’ব লাগিব, আমি নামঘৰ বুলি কওঁ যদিও কংগ্ৰেছে কমিনিটি হ’ল বুলি কয়- কিয়নো কংগ্ৰেছে নামঘৰ কবলৈ লাজ পায় বুলি সোমবাৰে শালবাগানৰ এখন নিৰ্বাচনী সভাত হোজাই সমষ্টিৰ বিজেপি দলৰ মনোনীত ৰামকৃষ্ণ ঘোষে কয়।

বিজেপি চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰে, দেশৰ বাবে কাম কৰে। বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক সংঘ দিয়ে বিজেপিৰ হোজাই জিলাৰ প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰ আৰু হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমা বালা দেৱীয়ে। কংগ্ৰেছ মহাজোট, ৰাইজৰ দল, অসম জাতীয় পৰিষদে ‘কা’ সন্দৰ্ভত ৰাইজক ভুল বুজাই ভোট লাভ কৰাৰ চেষ্টা কৰি আছে। কংগ্ৰেছৰ চৰকাৰত দিছপুৰত দালালৰ দপদপনি আছিলে যদিও বিজেপি চৰকাৰ অহাৰ পাছত দিছপুৰত দালালৰাজ বন্ধ হৈছে। কংগ্ৰেছৰ সময়ত জঙ্গল ধ্বংস কৰা হৈছে আৰু বিজেপিৰ সময়ত জঙ্গল বৃদ্ধি পাইছে।

হোজাইৰ গোপাল নগৰ, বৰদলৈ কলনীত কিয় হিন্দু মানুহ নাইকিয়া হৈ গ’ল বুলি প্ৰশ্ন কৰি কয়- যদি বদৰুদ্দিন আজমল ধৰ্মনিৰপেক্ষ মানুহ হয় তেন্তে হোজাইৰ পৰা বদৰুদ্দিন আজমলে কিয় প্ৰতিদ্বন্দিতা নকৰে বুলি প্রশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ চিন্তা কৰে বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি আই এম ডি টি আইন বাতিল কৰিছিল বুলি প্ৰাৰ্থী গৰাকীয়ে ভাষণত কয়।

বিজেপি চৰকাৰ অহাৰ পাছত অৰুনোদই আঁচনিৰ ৮৩০ টকাৰ পৰা ৩ হেজাৰ টকা বৃদ্ধি কৰিব , অহা এক এপ্ৰিল আমি এটা উৎসৱ হিচাপে লৈ পুৱাৰ ভাগতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপিক চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় অৰ্জুন মজুমদাৰে। সভাত জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱীয়ে বিভিন্ন উন্নয়ন মূলক আঁচনিৰ ওপৰত মূল্যবান বক্তব্য আগবঢ়াই বিজেপি দলৰ প্ৰাৰ্থীক পদুম ফুলত ভোট দিবলৈ আহ্বান জনায়। সোমবাৰে হোজাই সমষ্টিৰ অন্তৰ্গত নন্দপুৰ, ঢলপুখুৰী আৰু ভালুকমাৰী গাওঁ পঞ্চায়তত কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

The post হোজাইত বিজেপিৰ নির্বাচনী প্ৰচাৰ তুংগত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

রংপুর পুলিশ ফাঁড়ির ইনচার্জের বিরুদ্ধে অভিযোগপত্র তুলে দেন পুলিশ সুপারের হাতে,আম আদমি পার্টির নেতারা

নিজস্ব সংবাদদাতা ২৬ শে  সেপ্টেম্বর শিলচর —- উদার বন্দ বিধানসভা এলাকার মধুরা পুল সংলগ্ন জাতীয় সড়কের পাশে দীর্ঘদিন ধরেই বিভিন্ন ধরনের ব্যবসা করে স্থানীয় বাসিন্দারা

Read More »

আজ মহালয়া,এই উপলক্ষে বরাক নিউজ এক্সপ্রেস জানায় প্রীতি ও শুভেচ্ছা

নিউজ ডেস্ক বরাক নিউজ এক্সপ্রেস ২৫ শে সেপ্টেম্বর — আজ থেকে শুরু হলো দেবী পক্ষ ,ভোরের আলো ফোটার আগেই  কিংবদন্তি বীরেন্দ্র কৃষ্ণ ভদ্রের সেই চণ্ডী

Read More »

লক্ষ্মীপুর পুলিশ প্রশাসনের জরুরি ঘোষণা, কুচি ধরা গুজবের উপর

লক্ষ্মীপুর থেকে অসীম রায় ২৩  শে সেপ্টেম্বর —- অবশেষে কুচি ধরা গুজবের অবসান ঘটাতে কাছাড় জেলা প্রশাসন বিশেষ ব্যবস্থা হাতে নিলো। কাছাড়ের জেলা শাসক কুচি

Read More »

আসাম রাজ্য মার্কেটিং বোর্ডের দৃষ্টি আকর্ষণ করছেন স্থানীয় নাগরিক গন

বিশেষ প্রতিবেদন ২২ শে সেপ্টেম্বর শিলচর —-  দক্ষিন আসামের বরাক উপত্যকার তিন জেলার কৃষি জীবি মানুষের আয়ের একমাত্র উৎস কৃষি জাত দ্রব্য বেচা কেনা।সেই সব

Read More »

ভারতীয় মানসিক রোগ সংস্থার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে শিলচরে ,২৩ ও ২৪ সেপ্টেম্বর

নিজস্ব সংবাদদাতা  ২১ শে সেপ্টেম্বর শিলচর —– ভারতীয় মানসিক রোগ সংস্থার আসাম রাজ্য শাখার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে আগামী ২৩শে সেপ্টেম্বর ও ২৪

Read More »

Google pixel মোবাইল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে, অভিমত গ্রাহক দের

বিশেষ প্রতিবেদন ১৯ শে সেপ্টেম্বর শিলচর —- গুগল পিক্সেল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে বলে পরিলক্ষিত হচ্ছে।এখন পর্যন্ত বাজারে বিভিন্ন মোবাইল ফোন সেট নির্মাতা

Read More »