ধেমাজিত কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজা উদযাপন…

ডিজিটেল সংবাদ, ধেমাজিঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সোনোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদ , সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা , সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থা আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত দেওবাৰ আৰু সোমবাৰে দুদিনীয়াকৈ ধেমাজি ৰূপ নগৰৰ বাইথ’ মন্দিৰ প্ৰাংগনত কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজা উদযাপন কৰা হয়৷ প্ৰথম দিনা পুৱা ৭ বজাত স্বচ্ছতা কাৰ্য্যসূচীৰেই কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ শুভাৰম্ভণি কৰা হয়৷
বিয়লি ৩ বজাত মৃতকৰ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে বাইথ’ পূজা উদযাপন সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী দীপৰেখা দাস বাঘ্ৰীয়ে ৷ সন্ধিয়ালৈ ৫.৩০ বজাত দেওঁ নমোৱা অনুষ্ঠান আঁত ধৰে ৰাজাগুৰু প্ৰদীপ সোনোৱাল প্ৰমুখ্যে তেওঁৰ সহযোগী জীৱকান্ত শইকীয়া , গোবিন সোনোৱাল , হেমচন্দ্ৰ কছাৰী ভৱ সোনোৱাল আৰু ধৰ্মকান্ত হাজৰিকাই ৷ সোমবাৰে পুৱা ৬ বজাত স্বচ্ছতা কাৰ্য্যসূচীৰ পিছতেই ৰাজা গুৰু প্ৰদীপ সোনোৱালে তেওঁৰ সহযোগী সকলৰ সৈতে বাইথ’ পূজা আৰম্ভ কৰে ৷
পুৱা ১১.৩০ বজাত আদৰণি ভাষন দিয়ে কেন্দ্ৰীয় বাইথ’ পূজা উদযাপন সমিতিৰ সভাপতি হেৰম্ব প্ৰসাদ দাসে ৷ বিয়লি ১২.৩০ বজাত সোনোৱাল কছাৰী সকলৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে ড..
১ মিনিটত ২৫ খবৰ…

১. অসমত মঙলবাৰে ৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৫৮জনলৈ পাইছে বৃদ্ধি।
২. দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । কৰ্নাটকৰ মণিপাল ইনষ্টিটিউট অফ টেকন’লজী, চৌহদত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে । চৌহদটোত বাস কৰা প্ৰতিগৰাকী লোকক কৰা হ’ব কোভিড পৰীক্ষা ।
৩. ১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী নাগৰিকক প্ৰদান কৰা হ’ব কোভিড ভেচকিন। মঙলবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে । কেবিনেটে টাস্ক ফ’ৰ্চ আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ আধাৰত এই সিদ্ধান্ত গ্ৰহন কৰা বুলি মন্ত্ৰী গৰাকীয়ে কয় ।
৪. ২৪ মাৰ্চ বুধবাৰে অসম গণ পৰিষদে বিধানসভা নিৰ্বাচনৰ বাবে মুকলি কৰিব ইস্তাহাৰ । অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই ইস্তাহাৰ মুকলি অনুষ্ঠানত অংশ ল’ব অগপৰ কেন্দ্ৰীয় নেতৃত্ব ।
৫. মৈৰাবাৰীত ভূৱা চিআৰপিএফক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিধায়ক আমিনুল ইছলামে ভূৱা চিআৰপিএফক লগত লৈ প্ৰচাৰলৈ গৈছিল । আমিনুল ইছলামৰ লগতে চিআৰপিএফৰ পোচাকধাৰী যুৱকৰ দলক খেদা দিয়ে ৰাইজে ।
৬. দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ ততপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । মঙলবাৰে দেশৰ ..
বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক-২০২১ঃ বিহাৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি…

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভাত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। বিৰোধীয়ে বিহাৰ বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক ২০২১ক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাত মহিলা বিধায়কসকলেও যোগ দিয়ে। মহিলা বিধায়কসকলে চিঞৰ-বাখৰ কৰি বিধানসভা অধ্যক্ষ গৰাকীক আঁতৰাই আসনখন ঘেৰাও কৰি ধৰে বুলি জানিব পৰা গৈছে।
#WATCH Bihar: Women MLAs of the Opposition being carried out of the Assembly building by women security personnel. They (MLAs) were refusing to allow Assembly Speaker Vijay Kumar Sinha to step out of his chamber. pic.twitter.com/Skj0LayFs4
— ANI (@ANI) March 23, 2021
বিৰোধী দলৰ বিধায়কসকলে ৰাজ্য চৰকাৰক হিটলাৰী শাসন বুলি কৈ শ্ল’গান দিয়া আৰম্ভ কৰে আৰু লগতে বিধানসভা অধ্যক্ষৰ আসনৰ কাষত থকা সকলো কাগজ ফালি পেলায়। বিৰোধী বিধায়কসকলে কয়- ইয়াত যোগী মডেল নচলিব। আৰু লগতে তেওঁলোকে এই বিধেয়ক আতঁৰাবলৈ দাবী উত্থাপন কৰে।
The post বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক-২০২১ঃ বিহাৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Por..
মাহমৰাত লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ, ক’লে- এইবাৰ প্ৰতিষ্ঠা হ’ব জাতীয়তাবাদী চৰকাৰ…

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলা ১০৫ নং মাহমৰা বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী যুঁজত অৱৰ্তীণ হোৱা দলীয় প্ৰাৰ্থী মাণিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰা উদ্দেশ্য মঙলবাৰে লাকুৱাৰ গমধৰ কোঁৱৰ ৰাজহুৱা খেল পথাৰত আয়োজিত এক বিশাল জনসভাত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশ গ্ৰহণ কৰে ।
সভাত দলটোৰ সভাপতি গৰাকীয়ে নিজৰ ভাষণত বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ বিভিন্ন কাম কাজৰ ক্ষুৰধাৰ সমালোচনা কৰি জাতি মাটি ভেটি ৰক্ষাৰ সলনি অসমৰ খিলঞ্জীয়া জনতাৰ স্বাধিকাৰক বিসৰ্জন দি কেৱল ক্ষমতা ৰক্ষাৰ স্বাৰ্থত জাতিটোক বিক্ৰী কৰিবলৈ লোৱা বিজেপিক সমাগত নিৰ্বাচনত বৰ্জন কৰিবলৈ আহ্বান জনায়। তেওঁৰ বক্তব্যত দীৰ্ঘকাল কংগ্ৰেছ আৰু বিজেপি দলৰ অন্যায়, অবিচাৰ প্ৰত্যক্ষ কৰিলে।
‘কা’ আন্দোলনত চৰকাৰী নানা অত্যাচাৰ ভোগ কৰিলে। সেয়ে ২০২১ ৰ নিৰ্বাচনত অসমৰ জনতাই সকলো অন্যায়, অবিচাৰ আৰু অত্যাচাৰৰ কথা মনত ৰাখি বিবেকেৰে ভোটদান কৰিলে অসমৰ মাটিত নিশ্চিত ৰূপত এখন জাতীয়তাবাদী চৰকাৰ প্ৰতিষ্ঠা হ’ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে উক্ত সভাত জাতীয় মহিলা শক্তিৰ সভানেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সংগাঠিক সম্প..
২৭ মাৰ্চত ৰাজহুৱা বন্ধ-ড্ৰাই ডে’ ঘোষণা ধেমাজি জিলা প্ৰশাসনৰ…

ডিজিটেল সংবাদ, ধেমাজিঃ অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১১৩ নং ধেমাজি আৰু ১১৪ নং জোনাই বিধানসভা সমষ্টি দুটাত ভোটদানৰ দিন হোৱা বাবে অসম চৰকাৰৰ জাননী অনুসৰি এন.আই এক্টৰ অধীনত ধেমাজি জিলা উপায়ুক্তই ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। ধেমাজি জিলা তথ্য ও জন সংযোগ বিষয়া দিব্যজ্যোতি শৰ্মাই দিয়া বিবৃতিটোৰ অনুসৰি সমষ্টি দুটাত উক্ত দিনটোত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু চহৰাঞ্চলৰ স্থানীয় প্ৰতিস্থান, শৈক্ষিক প্ৰতিস্থান, বেংক, চাহ বাগান, উদ্যোগ আদি ব্যৱসায়িক প্ৰতিস্থান বন্ধ সকলো থাকিব।
জিলা প্ৰশাসনৰ আন এক বিবৃতি জৰিয়তে উল্লেখ কৰা মতে উক্ত দিনা সমগ্ৰ জিলাখনতেই ড্ৰাই ডে’ ঘোষণা কৰিছে ৷ ৰাজ্য চৰকাৰৰ এক আদেশ মৰ্মে ধেমাজি জিলাৰ উপায়ুক্তই এক জাননী যোগে অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন যাতে সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই সমগ্ৰ ধেমাজি জিলাতেই ২৫ মাৰ্চৰ সন্ধ্যা ৬.০০ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধ্যা ৬.০০ বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। এই অনুসৰি কোনো ব্যক্তি বা দলে যিকোনো সুৰা মজুত ৰখাৰ লগতে কোনো হোটেল, ধাবা, দোকান, ৰাজহুৱা বা ব্য..
পূৰ্ণেন্দু লাংথাচা-নিন্দু লাংথাচা হত্যাকাণ্ডঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ… VIDEO

ডিজিটেল সংবাদ, উত্তৰ কাছাৰঃ ২০০৭ চনৰ ৪ জুনত হাফলঙৰ নিকটৱৰ্তী দেহাংগীত সংঘটিত দেশ কপোঁৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য পূৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচা হত্যাকাণ্ডৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰী কৰে।
অহা ১৯ এপ্ৰিলৰ ভিতৰত গোচৰটোৰ সন্দৰ্ভত সকলো তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ জাৰী কৰিছে। নিৰ্বাচনৰ সময়ত আদালতৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰাৰ উপৰিও এই সময়ত শাসকীয় দলটোৰ এজন নেতাৰ বিৰুদ্ধে বিৰোধীক এডাল অস্ত্ৰ তুলি দিয়া হৈছে।
উল্লেখ্য যে, দেৱলাল গৰ্লোচা হৈছে হাফলঙৰ বিজেপি প্ৰাৰ্থী নন্দিতা গৰ্লোচাৰ নিকতাত্মীয় আৰু নন্দিতাৰ মুখ্য কেম্পেইনাৰ। নিৰ্বাচনৰ সময়ত বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে কিয়নো এই হত্যাকাণ্ডত বিজেপি নেতা তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোচাৰ নাম সাঙোৰ খাই আছে।
The post পূৰ্ণেন্দু লাংথাচা-নিন্দু লাংথাচা হত্যাকাণ্ডঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ… VIDEO appeared first on A..
ভুৱা চি আৰ পি এফ বাহিনী লৈ আমিনুল ইছলামৰ মৈৰাবাৰীত গুণ্ডাগিৰি…

ডিজিটেল সংবাদ, ধিং : ৰাজনীতিৰ বাবে বিতৰ্কিত বিধায়ক আমিনুল ইছলামে যে সকলো কৰিব পাৰে তাক আজি পুণৰ বাৰ প্ৰমাণ কৰিলে । এজন বিধায়ক হৈ ভুৱা চি আৰ পি এফ জোৱানৰ দৰে এটা বাহিনী সজাই সৰ্বসাধাৰণ লোকক ভয় দেখুৱাবলৈ গৈ আজি নিজেই বাহিনী সহ পহু খেদা খালে । অৱশ্যে ভুৱা চি আৰ পি এফ বাহিনীৰ সাজত অহা আমিনুলৰ গুণ্ডাবাহিনী টোৰ হাতত কেবাজনো প্ৰতিবাদকাৰী আহত হয় ।
পৰিস্থিতি অতি বেয়াৰ ফালে যোৱাত মৰিগাঁও আৰক্ষীৰ হৈ ডি এছ পি গিতাৰ্থ দেৱ শৰ্মা সহ এটি আৰক্ষী আৰু অৰ্ধ – সামৰিক বাহিনীৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিৰন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা সময়তে সেই স্থানত উপস্থিত হয়হি ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ । আৰু মেহবুব মোক্তাৰে ৰাইজক হাতযোৰ কৰি শান্ত হ’বলৈ আহ্বান জনোৱাত শান্ত হয় প্ৰতিবাদ কাৰী ।
ঘটনাৰ বিবৰণী মতে যোৱা কেবাদিনো ধিং, মৈৰাবাৰী, আলিটেঙ্গনি আদি মৌজাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিলে যতে ততে আমিনুল ইছলাম সন্মুখীন হয় অভাৱনীয় পৰিস্থিতিৰ । বহু স্থানত খহনীয়াগ্ৰস্ত কৃষক সকলে আমিনুল ইছলামৰ প্ৰবেশ পৰ্যন্ত নিষেধ কৰি দিয়ে । সেই বাবে মুকলিকৈ প্ৰচাৰ চলাবলৈ অহাটোৱে আমিনুলৰ বাবে বিপদ জনক হৈ পৰে । কিছু দিন মুকলি প্ৰচাৰৰ পৰা ..
কপিলীৰ ৩খন বিদ্যালয় আকস্মিক পৰিদৰ্শন শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াৰ…

ডিজিটেল সংবাদ, বেবেজীয়া: চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুণগত শিক্ষা নিশ্চিতকৰণ তথা গুণগত শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰা উদ্ভাৱনীমূলক কাৰ্যকলাপ পৰ্যবেক্ষণৰ বাবে মঙলবাৰে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ শিক্ষা বিভাগৰ এটি উচ্চ পদস্থ বিষয়াৰ দলে মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অধীনৰ ৩ খনকৈ বিদ্যালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে।
ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক আব্দুল জেলিল, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ড° ৰমেশ চন্দ্ৰ চুতীয়া আৰু মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলী গগৈ ভূঞাই মঙলবাৰে পোনপ্ৰথমে কপিলী খণ্ড সমল কেন্দ্ৰৰ অধীনৰ দন্দুৱা মজলীয়া বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ আন্ত:গাঠনি পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়খনত গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলে গ্ৰহণ কৰা পদক্ষেপ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীমূলক কৰ্মৰাজিৰ বিস্তৃতভাৱে বুজ লয়।
লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণত শিক্ষকৰ কৰণীয় সন্দৰ্ভত বিভিন্ন পৰামৰ্শও প্ৰদান কৰে। ইয়াৰ পাছতে শিক্ষা বিভাগৰ দলটো পটুৱাকাটা মজলীয়া বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শৈক্ষিক আৰু আন্ত:গা..
বকোত মন্দিৰৰ পৰা টকা চুৰিৰ ঘটনা…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে পুৱতি নিশা চোৰে এটা মন্দিৰৰ টকা-পইচাকে ধৰি এটা পৰিয়ালৰ ঘৰৰ পৰা চাইকেল, কাপোৰ চুৰি কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, বকো থানাৰ অন্তৰ্গত নাগোপাৰা গাঁৱৰ যমুনেশ্বৰ শিৱালয়ৰ তিনিটাকৈ দানপাত্ৰ ভাঙি নিশা চোৰে চুৰি কৰি লৈ যায়।
গাঁওখনৰ নিৰণ ৰাভাৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এখন চাইকেল আৰু কাপোৰ পৰ্যন্ত চুৰি কৰি নিয়ে। চোৰৰ দলটোৱে যমুনেশ্বৰ শিৱালয়ৰ সন্মুখৰ কানাইলাল বড়োৰ চাইকেল দোকানত সোমাই সা-সামগ্ৰী চুৰি কৰিবলৈ লওঁতেই ওচৰত থকা দোকানী টোপনিৰ পৰা সাৰ পোৱাত চোৰে পলাই পত্ৰং দিয়ে। মঙলবাৰে পুৱা শিৱালয়ৰ পৰিচালনা সমিতিয়ে চুৰি কাণ্ডৰ বিষয়ে বকো থানা সবিশেষ জনাই ঘটনাৰ লগত জড়িত লোকক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনাই এজাহাৰ দাখিল কৰিছে।
The post বকোত মন্দিৰৰ পৰা টকা চুৰিৰ ঘটনা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থীয়ে ক’লে – গোমাংস ভাৰতবাসীৰ জাতীয় ব্যঞ্জন…

ডিজিটেল ডেস্ক : গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এক নিৰ্বাচনী সভাত গোমাংস ক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল । ভাৰতবাসীৰ জাতীয় ব্যঞ্জন গোমাংস বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। তেওঁ লগতে প্ৰশ্ন কৰে- কেনেকৈ গো মাংস নিষিদ্ধ কৰিব পাৰে ? গোমাংস ভাৰতবাসীৰ জাতীয় ব্যঞ্জন। গৌৰীপুৰৰ সংখ্যালঘু প্ৰধান অঞ্চলৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।
বিজেপি প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে গো মাংস আন্তৰ্জাতিক ব্যঞ্জন ।অসমৰ গ্ৰাম্য অঞ্চলৰ শিক্ষিত মুছলমানসকলে বুজিব লাগে যে কোনেও অসম বা ভাৰতৰ যিকোনো স্থানত গোমাংস বিক্ৰী নিষিদ্ধ কৰিব নোৱাৰে । বিজেপিয়ে দেশত গো মাংস বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাইছিল । কিন্তু মুছাহাৰীৰ এই মন্তব্যই নিজ দলটোৰে মতাদৰ্শ আৰু নীতিৰ বিৰোধিতা কৰা দেখা যায় ।
ইফালে, জিলা খনৰ বিজেপি কৰ্মীসকলে মুছাহাৰীৰ এই মন্তব্য সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে আৰু তেওঁক ক্ষমা বিচাৰিবলৈ দাবী জনায় । তদুপৰি পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চৰ সদস্যই দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ বাবে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।
..