DIGITAL

September 13, 2023

APTCE 18538973148

অটো-বাছৰ সংঘৰ্ষঃ ১২গৰাকী অংগনৱাড়ী কৰ্মী থিতাতে নিহত…

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অটোত প্ৰচণ্ড খুন্দা মাৰে এখন বাছে। এই প্ৰচণ্ড খুন্দাত অটোখনত উঠি থকা ১২গৰাকীকৈ অংগনৱাড়ী থিতাতে নিহত হয়। অটোখনৰ চালকক ধৰি এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ১৩গৰাকী লোকে।

ঘটনাটো মধ্যপ্ৰদেশৰ গোৱালিয়ৰ। প্ৰতিষ্ঠানত কৰ্ম সম্পাদন কৰি ঘৰলৈ একেলগে ঘূৰিছিল ১২গৰাকীকৈ অংগণৱাড়ী কৰ্মী। কিন্তু বাটতে তেওঁলোক উঠি অহা এখন অটোখন বেয়া হয় আৰু তেওঁলোক সকলো আনখন অটোতে উঠি ঘৰলৈ ৰাওনা হৈছিল। আহি থকা বাটতে সংঘটিত হয় এই দুৰ্ঘটনা।

এই ঘটনাত শোক প্ৰকাশ কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে। নিহতসকৰ পৰিয়াললৈ ৪লাখ আৰু আহতসকলক ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে চৰকাৰে।

The post অটো-বাছৰ সংঘৰ্ষঃ ১২গৰাকী অংগনৱাড়ী কৰ্মী থিতাতে নিহত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.