DIGITAL

June 10, 2023

APTCE 18538973148

কপিলীৰ ৩খন বিদ্যালয় আকস্মিক পৰিদৰ্শন শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াৰ…

ডিজিটেল সংবাদ, বেবেজীয়া: চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুণগত শিক্ষা নিশ্চিতকৰণ তথা গুণগত শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰা উদ্ভাৱনীমূলক কাৰ্যকলাপ পৰ্যবেক্ষণৰ বাবে মঙলবাৰে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ শিক্ষা বিভাগৰ এটি উচ্চ পদস্থ বিষয়াৰ দলে মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অধীনৰ ৩ খনকৈ বিদ্যালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে।

ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক আব্দুল জেলিল, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ড° ৰমেশ চন্দ্ৰ চুতীয়া আৰু মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলী গগৈ ভূঞাই মঙলবাৰে পোনপ্ৰথমে কপিলী খণ্ড সমল কেন্দ্ৰৰ অধীনৰ দন্দুৱা মজলীয়া বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ আন্ত:গাঠনি পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়খনত গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলে গ্ৰহণ কৰা পদক্ষেপ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীমূলক কৰ্মৰাজিৰ বিস্তৃতভাৱে বুজ লয়।

লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণত শিক্ষকৰ কৰণীয় সন্দৰ্ভত বিভিন্ন পৰামৰ্শও প্ৰদান কৰে। ইয়াৰ পাছতে শিক্ষা বিভাগৰ দলটো পটুৱাকাটা মজলীয়া বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শৈক্ষিক আৰু আন্ত:গাঠনিৰ দিশ পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনীমূলক চিন্তা বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰা যথোচিত ব্যৱস্থাৰ পুংখানুপুংখভাবে বুজ লয়। পৰিদৰ্শনৰ সময়ত বিদ্যালয়খনৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে লোৱা বিভিন্ন পদক্ষেপ আৰু ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল কৰ্মৰাজি প্ৰদৰ্শন কৰে যিয়ে সন্তুষ্ট কৰি তোলে শিক্ষা বিভাগৰ দলটোক।

তাৰপাছতে শিক্ষা বিভাগৰ দলটো উপস্থিত হয় লুঙামুখ প্ৰাথমিক বিদ্যালয়ত আৰু বিদ্যায়তনিক আৰু সহ-বিদ্যালয়তনিক দিশত ছাত্ৰ-ছাত্ৰীৰ বিকাশ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে লোৱা বিভিন্ন উদ্যোগ সন্দৰ্ভত তন্নতন্নকৈ পৰ্যবেক্ষণ কৰে।উক্ত সময়তে, বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে শিক্ষা বিষয়াৰ দলটো।

মঙলবাৰৰ এই পৰিদৰ্শনকালত শিক্ষা বিষয়াৰ দলটোৰ লগত উপস্থিত আছিল কপিলী খণ্ড সমল কেন্দ্ৰৰ জ্যেষ্ঠ গাণনিক সৌমিত্ৰ পাল, চি আৰ চি চি দেৱদত্ত দাস, ৰঞ্জনজ্যোতি মহন্ত, প্ৰণৱজ্যোতি নাথ, পাৰ্থপ্ৰতিম দেৱনাথ, জয়শ্ৰী শইকীয়া আদি। উল্লেখ্য যে, কপিলী খণ্ডৰ বিদ্যালয় পৰিদৰ্শনৰ পূৰ্বে শিক্ষা বিভাগৰ বিষয়াৰ দলটোৱে মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লঠাবড়ি প্ৰাথমিক বিদ্যালয়ত আকস্মিকভাৱে উপস্থিত হৈ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে।

The post কপিলীৰ ৩খন বিদ্যালয় আকস্মিক পৰিদৰ্শন শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.