DIGITAL

May 31, 2023

APTCE 18538973148

দেশত কপোঁৱা এটা ঘটনাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত শুনানী

ডি়জিটেল ডেস্কঃ ২০০৭ চনৰ ৪ জুনত হাফলঙৰ নিকটৱৰ্তী দেহাংগীত সংঘটিত দেশ কপোঁৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য পূৰ্নেন্দূ লাংথাচা আৰু নিন্দু লাংথাচা হত্যাকাণ্ডৰ বিচাৰ ফাৰ্ষ্টট্ৰেক আদালতত দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি চূড়ান্ত শুনানীৰ দিন।

সমাগত নিৰ্বাচনৰ এই সময়চোৱাত বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে কিয়নো এই হত্যাকাণ্ডত বিজেপি নেতা তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোচাৰ নাম সাঙোৰ খাই আছে। নিন্দু লাংথাচাৰ পুত্ৰ ডেনিয়েল লাংথাচাই বাতৰিটো প্ৰকাশ বা সম্প্ৰচাৰৰ দিহা কৰিবলৈ অনুৰোধ জনাইছে।

The post দেশত কপোঁৱা এটা ঘটনাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত শুনানী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.