DIGITAL

May 30, 2023

APTCE 18538973148

ধেমাজিত কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজা উদযাপন…

ডিজিটেল সংবাদ, ধেমাজিঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সোনোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদ , সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা , সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থা আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত দেওবাৰ আৰু সোমবাৰে দুদিনীয়াকৈ ধেমাজি ৰূপ নগৰৰ বাইথ’ মন্দিৰ প্ৰাংগনত কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজা উদযাপন কৰা হয়৷ প্ৰথম দিনা পুৱা ৭ বজাত স্বচ্ছতা কাৰ্য্যসূচীৰেই কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ শুভাৰম্ভণি কৰা হয়৷

বিয়লি ৩ বজাত মৃতকৰ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে বাইথ’ পূজা উদযাপন সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী দীপৰেখা দাস বাঘ্ৰীয়ে ৷ সন্ধিয়ালৈ ৫.৩০ বজাত দেওঁ নমোৱা অনুষ্ঠান আঁত ধৰে ৰাজাগুৰু প্ৰদীপ সোনোৱাল প্ৰমুখ্যে তেওঁৰ সহযোগী জীৱকান্ত শইকীয়া , গোবিন সোনোৱাল , হেমচন্দ্ৰ কছাৰী ভৱ সোনোৱাল আৰু ধৰ্মকান্ত হাজৰিকাই ৷ সোমবাৰে পুৱা ৬ বজাত স্বচ্ছতা কাৰ্য্যসূচীৰ পিছতেই ৰাজা গুৰু প্ৰদীপ সোনোৱালে তেওঁৰ সহযোগী সকলৰ সৈতে বাইথ’ পূজা আৰম্ভ কৰে ৷

পুৱা ১১.৩০ বজাত আদৰণি ভাষন দিয়ে কেন্দ্ৰীয় বাইথ’ পূজা উদযাপন সমিতিৰ সভাপতি হেৰম্ব প্ৰসাদ দাসে ৷ বিয়লি ১২.৩০ বজাত সোনোৱাল কছাৰী সকলৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ যুটীয়া পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে৷ বিয়লি ১ বজাত সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিস্হাপক সভাপতি কেশৱ চন্দ্ৰ সোনোৱালৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বাইথ’ পূজা দৰ্শন আৰু বাইথ’ পূজন প্ৰনালী শীৰ্ষক আলোচনাচক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে সোনোৱাল কছাৰী কল্যান সংঘৰ সম্পাদক যোগল শইকীয়াই৷

আলোচনাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোনোৱাল কছাৰী কল্যান সংঘৰ সভাপতি ভূৱন চন্দ্ৰ বড়া , সোনোৱাল কছাৰী জাতীয় পৰিষদৰ কাৰ্য্যকৰী সভাপতি টংকেশ্বৰ সোনোৱাল , সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্হাৰ সভাপতি দেবানন্দ চেলেং, সদৌ সোনোৱাল কছাৰী অসম নাৰী সন্হাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, আৰু সোনোৱাল বা্ৰ্তা সম্পাদক ৰতন হাজৰিকাই৷

বিয়লি ৩ বজাত সোনোৱাল কছাৰী সমাজৰ লেচেৰী , লগবিহু ,গায়ন – বায়ন , হায়দাংহুচৰী কৃষ্টি প্ৰদৰ্শন হয়৷ বিয়লি ৩.৩০ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোবা বাইথ’ পূজা উদযাপন স্হলিত উপস্থিত হৈ খ্ৰীং খ্ৰীং বাইথ’ দেৱতাৰ সেৱা জনাই অসম বাসী ৰাইজৰ সকলোৱে মঙ্গলৰ বাবে আৰ্শীবাদ লয়৷ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ হাজৰিকাই৷

The post ধেমাজিত কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ পূজা উদযাপন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.