DIGITAL

May 31, 2023

APTCE 18538973148

মঙলবাৰে দৰঙত ৩২০৯ জন লোকক কোভিড ভেকচিন প্ৰদান…

ডিজিটেল সংবাদ, মঙলদৈঃ একেটা দিনতে ৰাজ্যত ১ লাখতকৈ অধিক হিতাধিকাৰীক টীকাকৰণ কৰাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে আয়োজন কৰা মেগা কোভিড টীকাকৰণ অভিযানৰ অধীনত মঙলবাৰে দৰঙতো অনুষ্ঠিত কৰা হয় কোভিড টীকাকৰণ। জিলাখনৰ ৬১ খন চৰকাৰী চিকিৎসালয়ত কৰা এই টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে মঙলবাৰে জিলাখনৰ ৩২০৯ জন লোকক টীকা প্ৰদান কৰা হয়।

ইয়াৰে ২৪৫৭ জন ৬০ বছৰ ঊৰ্ধৰ লোক হোৱাৰ বিপৰীতে ৩৮৪ জন আনুষংগিক ৰোগত আক্ৰান্ত ৪৫ বছৰৰ পৰা ৫৯ বছৰৰ লোক। আনহাতে, ১৮৭ জন স্বাস্থ্য কৰ্মী আৰু ১৮১ জন ফ্ৰন্টলাইন কৰ্মীয়েও এই টীকা লাভ কৰে মঙলবাৰৰ দিনটোত।

The post মঙলবাৰে দৰঙত ৩২০৯ জন লোকক কোভিড ভেকচিন প্ৰদান… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.