ডিজিটেল সংবাদ, মৰিয়নিঃ ক্ৰমাৎ আকৰ্ষণীয় হৈছে মৰিয়নি সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট।এইবাৰ মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত নামিছে ৰূপজ্যোতি কুৰ্মীৰ ভাতৃ পূৰ্বজ্যোতি কুৰ্মী।বিজেপিৰ মৰিয়নিৰ প্ৰাৰ্থী ৰমনী তাতীৰ হৈ ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভাগ লৈছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাতৃ পূৰ্বজ্যোতি কুৰ্মী।
পূৰ্বজ্যোতি কুৰ্মীৰ মতে, উন্নয়নৰ স্বাৰ্থত এইবাৰ মৰিয়নিৰ ৰাইজ বিজেপিৰ পক্ষত ।ইপিনে গেৰুৱা দললৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিছে মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ।কংগ্ৰেছৰ অভেদ্য দুৰ্গ মৰিয়নিত টিকট নোপোৱাৰ বাবে দলত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিল মৰিয়নি বিজেপিৰ অন্যতম শক্তিশালী নেতা অলক কুমাৰ ঘোষে।
কিন্ত পুনৰ বিজেপিলৈ ঘুৰি আহি ৰমনী তাতীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে অলক ঘোষ।মংগলবাৰে বঙালী ভোটাৰ আৰু চাহ বাগিছাৰ ভোটাৰক লৈ অলক ঘোষে এক বিশাল ৰেলী বাহিৰ কৰে। উক্ত ৰেলীত ৰূপজ্যোতিৰ ভাতৃ পুৰ্বজ্যোতি কুৰ্মীয়েও অংশগ্ৰহন কৰে।
The post মৰিয়নিত ৰূপজ্যোতিৰ বিৰুদ্ধে ভাতৃ পূৰ্বজ্যোতি কুৰ্মীৰ নিৰ্বাচনী প্ৰচাৰ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.