ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মঙলবাৰে ঘোষণা কৰে যে, ১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী নাগৰিকক প্ৰদান কৰা হ’ব কোভিড ভেচকিন। তেওঁ জনাই যে, এই সিদ্ধান্ত কেবিনেটে টাস্ক ফ’ৰ্চ আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ আধাৰত গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই যে, ৪৫ বছৰ উৰ্ধৰ প্ৰতিগৰাকী লোকে এই ভেকচিনৰ বাবে পঞ্জীয়ন কৰক। ইয়াৰ দ্বাৰা টীকাকৰণ অভিযান আৰু অধিক সফল হ’ব তথা টীকা গ্ৰহণ কৰা লোকৰ সংখ্যাও দেশত বৃদ্ধি পাব।
ইফালে, ল’কডাউনৰ সম্ভাৱনাৰ সন্দৰ্ভত জাভেদকাৰে কয় যে, যি কেইখন ৰাজ্যত কোৰোনাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেই ৰাজ্যসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনা অব্যাহত ৰাখিছে। চৰকাৰে সেই ৰাজ্যসমূহত প্ৰয়োজন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰিস্থিতি শীঘ্ৰেই নিয়ন্ত্ৰণ হ’ব।
The post ১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ উৰ্ধৰ লোকক দিয়া হ’ব কোভিড ভেকচিন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.