১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৯৯জনলৈ পাইছে বৃদ্ধি।

২. বুধবাৰে অসমত সুস্থ হয় ১৫জন লোক। অসমত কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১৫২৭৭জনলৈ বৃদ্ধি পাইছে।

৩. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে আবেলি দৰং জিলাৰ ছিপাঝাৰৰ মংগল তীৰ্থ ভূমিত উপস্থিত হয়। নিৰ্বাচনী প্ৰচাৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই মঙলদৈ লোকসভা সমষ্টিৰ সংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

৪. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে বিষ্ণুপুৰত এক নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে বিজেপিক। মমতা বেনাৰ্জীয়ে কয় যে, বিজেপিয়ে বাহিৰৰ পৰা গুণ্ডা লৈ আহি পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

৫. প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ।

৬. দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বুধবাৰে ‘কা’ বাতিলৰ দাবীত আছুৱে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে।

৭. বিহপুৰীয়াৰ বিশাল জনসভাত পুনৰ অসমবাসীক সম্বোধন প্ৰধান..

সরিষা কুড়ি গ্রামে মহাজোটের নির্বাচনী সভা , সংখ্যালঘু সংখ্যাগুরু এক মঞ্চে

বিপ্লব কর চৌধুরী 24 শে মার্চ——- আজ কালা ইন উন্নয়ন খণ্ড এলাকার সরিষা কুড়ি গ্রামে মহাজোটের মনোনীত কংগ্রেস প্রার্থী খলিল উদ্দিন মজুমদার মহাশয়ের এক নির্বাচনী জনসভা অনুষ্ঠিত হয়।আজকের এই সভায় প্রধান অতিথি হিসেবে উপস্থিত ছিলেন সর্ব ভারতীয় মহিলা কংগ্রেসের সভানেত্রী সুস্মিতা দেব সহ মহাজোটের শরিক দলের নেতৃবৃন্দ ।আজকের এই ভীড়ে ঠাসা কর্মী সমর্থকদের উপস্থিতি চোখে […]

বোকাখাতত মহাজোঁটৰ সংবাদমেল…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ আঞ্চলিক গণ মৰ্চা নেতৃত্বাধীন মহাজোঁটৰ বোকাখাতৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ শেহতীয়াকৈ স্থিতি শক্তিশালী হৈ আহিছে সমষ্টিটোত। সমষ্টিটোৰ যুৱ প্ৰজন্মৰ ভোটাৰৰ উপৰিও গ্ৰামাঞ্চলৰ সাধাৰণ ভোটাৰৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে প্ৰণৱ দলে। ফলত সমষ্টিটোত প্ৰণৱ দলেৰ প্ৰতিপক্ষ ভিতিগ্ৰস্থ হৈ নামি পৰিছে নানান অপপ্ৰচাৰত, এই অভিযোগ আঞ্চলিক গণ মৰ্চা, জীপাল কৃষক শ্ৰমিক সংঘ, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ বোকাখাত শাখা আৰু বোকাখাত ব্লক কংগ্ৰেছৰ।

এই প্ৰসংগত বুধবাৰে বিয়লি বোকাখাত কংগ্ৰেছ ভৱনত এক সংবাদমেল সন্মোধন কৰে মহাজোঁটৰ কৰ্মকৰ্তা সকলে। সংবাদমেলখনত উত্থাপন কৰা অভিযোগ অনুসৰি বোকাখাত বিধান সভা সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি অহা গণভিত্তিৰ প্ৰতি ভিতিগ্ৰস্থ হৈ প্ৰতিপক্ষই আৰম্ভ কৰিছে ব্যাপক অপপ্ৰচাৰ।

উল্লেখযোগ্য যে, মহাজোঁটৰ কৰ্মকৰ্তা সকলে বুধবাৰে সংবাদমেলখনত প্ৰণৱ দলেৰ বিৰুদ্ধে অপপ্ৰচাৰ প্ৰমান হিচাপে প্ৰতিপক্ষই বিকৃত কৰা এখন পোষ্টাৰ দাঙি ধৰি প্ৰতিপক্ষৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে মঙলবাৰৰ পৰা উক্ত পোষ্টাৰখন সমষ্টিটোত ব্যাপক ভাবে প্ৰতিপক্..

সাৱধান! ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে ক’ত…

ডিজিটেল ডেস্কঃ ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে এখন ৰাজ্যত। বুধবাৰৰ দিনা এতিয়ালৈকে ৫১৮৫জনৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড-১৯। তাতোকৈ ভয়াৱহ খবৰটো হ’ল বুধবাৰে ৬জন লোকৰ মৃত্যু হৈছে কোভিডত।

মহাৰাষ্ট্ৰত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। কেৱল মুম্বাইতে ইমান বৃহৎ সংখ্যক লোকৰ কোভিড পজিটিভ হোৱাৰ খবৰে। চিন্তিত কৰি তুলিছে মায়ানগৰী মুম্বাইক। উল্লেখযোগ্য যে, বলিউডতো ইজনৰ পাছত সিজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

আমিৰ খানৰ দেহতো কোভিড পজিটিভ ধৰা পৰিছে। যিকোনো মুহূৰ্ততে মহাৰাষ্ট্ৰত এতিয়া সম্পূৰ্ণ ল’কডাউন দিয়াৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে, গুজৰাটতো নতুনকৈ ১৭৯০জনৰ দেহত বুধবাৰে কোভিড-১৯ ধৰা পৰে।

ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৮জন লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। কেৰালাতো লাহে লাহে কোৰোনাই সংহাৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত কেৰালাত ২৪৫৬জনৰ দেহত কোভিড ধৰা পৰে। ৰাজ্যখনত বুধবাৰৰ দিনা কোভিডত আক্ৰান্ত হৈ ১০জন লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে।

ৰাজস্থানত ৬৬৯জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা এজন। মণিপুৰত বুধবাৰৰ দিনা ১০জন লোকৰ দেহত কোভিডৰ উপস..

মহাজোটের সরকার হলে আজমল মূখ্য মন্ত্রী হবেন — নবারূন মেধী

জাগী রোড থেকে আর কে মজুমদার 24 শে মার্চ—-গতকাল জাগী রোডের ধরম তলায় অনুষ্ঠিত বিজেপির এক নির্বাচনী জনসভায় বিজেপির প্রদেশ অনু  সু চি ত  জাতি মোর্চার সভাপতি  নবা রু ন  মেধী বলেন যে বিজেপি সরকারের উন্নয়নের বিষয়ে বলার কিছু নেই ,স্বাধীনতার পর এই প্রথম আসামের যে উন্নয়ন হয়েছে বিগত দিনের সরকার তার সিকি ভাগ করে […]

ছিপাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম বিধান সভা নিৰ্বাচনৰ ২য় পয্যায়ত অনুস্থিত হ’বলগীয়া মঙলদৈ লোক সভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ প্ৰচাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে আবেলি দৰং জিলাৰ ছিপাঝাৰৰ মংগল তীৰ্থ ভূমিত উপস্থিত হয়হি৷ নিৰ্বাচনী প্ৰচাৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই মঙলদৈ লোকসভা সমষ্টিৰ সংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে অসমীয়া আৰু বড়ো ভাষাত ৰাইজক সম্বোধন কৰি নিৰ্বাচনী ভাষণ আৰম্ভ কৰে৷ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শক্তি পীঠস্থান মা কামাখ্যা আৰু মহাপুৰুষীয়া খটৰা সত্ৰৰ কথা উল্লেখ কৰি দৰঙী লোক সংস্কৃতি, দৰঙী সাহিত্য সম্ভাৰ, অসমৰ জালিয়নাবাগ পথৰুঘাটৰ শ্বহীদক স্মৰণ কৰি এই অঞ্চলৰ লোক সকলৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰে৷ অসমীয়া ভাষা সংস্কৃতি লোকাচাৰ সংৰক্ষণ আৰু শোষনমুক্ত দূৰ্নীতি মুক্ত সমাজ গঠনৰ বাবে আগবাঢ়ি আহিবলৈ ৰাইজক আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰ সময়ত বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰি কংগ্ৰেছৰ দূৰ্নীতি ভষ্টা..

নলবাৰীত বিজেপিৰ জয়ন্তমল্লৰ হৈ নিৰ্বাচনী প্ৰচাৰ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে তেওঁৰ পুত্ৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদঘাটন কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পিচতে যোৱা ৯ মাৰ্চত অসম সাহিত্য সভাই সভাৰ কোনো বিষয়ববীয়া যাতে অসম বিধানসভা নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাবে জড়িত নহয় তাৰ বাবে পত্ৰযোগে নিৰ্দেশনা দিছিল।

ইমানৰ পিচতো পুনৰ আজি অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাক লৈ ৰাইজৰ মাজত নানান প্ৰশ্নৰ উদ্বেগ হৈছে। বুধবাৰে নলবাৰী চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ ধমধমা বাছ আস্থানত নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ হৈ অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে প্ৰচাৰ চলায়।

তেওঁ জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয় উদঘাটন কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে- মাতৃ হিচাবে তেওঁ অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে আৰু ৰাইজকো দলটোক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছে। সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে কয় যে তেওঁ অকল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয় অসমবাসীৰে মাতৃ, সেইবাবে..

নাৰায়ণপুৰত কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: বুধবাৰে নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° অমিয় কুমাৰ ভূঞাৰ লগতে উত্তৰ অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী গৰাকীয়ে৷ বুধবাৰে বিয়লি প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰৰ বৰখামতি পথাৰত আয়োজন কৰা বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷

কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা দি অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। বিহপুৰীয়া সমষ্টিত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপৰি কাজিৰঙাক ৰক্ষা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। এক কথাত ক’বলৈ গ’লে প্ৰধানমন্ত্ৰী গৰাকীয় বুধবাৰে প্ৰদান কৰিলে নতুনত্বহীন এক ভাষণ।

বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰলৈ আহিছিল যদিও এবাৰো অমিয় কুমাৰ ভূঞাৰ নাম উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে । তদুপৰি লক্ষাধিক লোকৰ সমাৱেশৰ আশা কৰিছিল যদিও দুই শতাধিক বাছ আৰু দুখনকৈ ৰেলেৰে সভাস্থলীলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোক অনা হৈছিল যদিও সফলত..

আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুকলি অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ…

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। নিবনুৱা সমস্যা সমাধান, অৰ্থনৈতিক উন্নয়ন, কৃষি উন্নয়ন, অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে অগপই মুকলি কৰে এই নিৰ্বাচনী ইস্তাহাৰখন। লক্ষণীয় যে, বিজেপিৰ মিত্ৰজোঁটত থকা অগপই দলটোৰ ইস্তাহাৰত উল্লেখ কৰা নাই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ৰ বিষয়ে।

আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ শীৰ্ষ নেতৃত্বই বুধবাৰে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , কুমাৰ দীপক দাস, মনোজ শইকীয়াকে ধৰি কেইবাজনো নেতা।

অসম গণ পৰিষদে লগতে আমাৰ পথাৰ আমাৰ বজাৰ, পৰিৱেশ সংৰক্ষণ, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু খিলঞ্জীয়া মুছলমানৰ বাবে বিশেষ আঁচনি, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নয়ন, চাহ জনগোষ্ঠীৰ বাবে কাৰ্যসূচী, চৰ এলেকাৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়ন, শিশু আৰু মহিলাৰ বাবে বিশেষ আঁচনি, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে আঁচনি, ছাত্ৰ আৰু যুৱ কল্যাণ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী, উদ..

এইবাৰো চাগে পতা নহ’ব হেপাহৰ ৰঙালী…

দীপজ্যোতি শৰ্মা

আকৌ এবাৰ কোৰোনাৰ সংহাৰ । ২০২০ বৰ্ষত কোৰোনাৰ বাবে লকডাউন ঘোষণা কৰিছিল । এবছৰৰ পিছত পুনৰ আহিছে কোৰোনা সংক্ৰমণৰ দুখবৰ । ভয়াবহ ৰূপত সমগ্ৰ দেশ জুৰি সংক্ৰমিত হৈছে কোৰোনা ভাইৰাছ । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পত্নী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ।

বলিউদৰ চুপাৰষ্টাৰ আমিক খানৰ দেহতো কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ৰাজ্য খনত ২৬ মাৰ্চৰ পৰা পুনৰ লকডাউন দিয়াৰ সম্ভাবনাই দেখা দিছে । গুজৰাটৰ চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্য খনলৈ অহা যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ২৪ মাৰ্চ ২০২১ত ।

এতিয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ অহা লোক সকলে লগত কোভিড নিগেটিভৰ ৰিপ’ৰ্ট আনিব লাগিব । আৰু এই ৰিপ’ৰ্ট ৭২ ঘন্টাৰ পুৰনি হ’ব নোৱাৰিব । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশ ।

সকলোৱে ভাবিছিল কোৰোনাৰ পৰা পৰিত্ৰান পালো । আবিস্কাৰ হ’ল কোৰোনাৰ ভেকক্সিন । ছাত্ৰ-ছাত্ৰী সকলে এবছৰ জোৰা অনলাইন ক্লাছৰ অন্তত শ্ৰেণী কোঠালৈ যাবলৈ সাজু হৈছিল । কোৰোনাৰ বাবেই স্মাৰ্ট ফোনৰ ক্লাছ ৰুম,ৱাটছএপ পৰীক্ষা,জুমৰ ভিডিঅ’ কনফাৰেণ্স আদি আন্ত পৰিব বুলি ভবা হৈছিল ।

কিন্তু বৰ্তমানৰ পৰিবেশ পৰিস্থিতিয়ে তেনে ইংগিত বহন ..