DIGITAL

September 13, 2023

APTCE 18538973148

ছিপাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম বিধান সভা নিৰ্বাচনৰ ২য় পয্যায়ত অনুস্থিত হ’বলগীয়া মঙলদৈ লোক সভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ প্ৰচাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে আবেলি দৰং জিলাৰ ছিপাঝাৰৰ মংগল তীৰ্থ ভূমিত উপস্থিত হয়হি৷ নিৰ্বাচনী প্ৰচাৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই মঙলদৈ লোকসভা সমষ্টিৰ সংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে অসমীয়া আৰু বড়ো ভাষাত ৰাইজক সম্বোধন কৰি নিৰ্বাচনী ভাষণ আৰম্ভ কৰে৷ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শক্তি পীঠস্থান মা কামাখ্যা আৰু মহাপুৰুষীয়া খটৰা সত্ৰৰ কথা উল্লেখ কৰি দৰঙী লোক সংস্কৃতি, দৰঙী সাহিত্য সম্ভাৰ, অসমৰ জালিয়নাবাগ পথৰুঘাটৰ শ্বহীদক স্মৰণ কৰি এই অঞ্চলৰ লোক সকলৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰে৷ অসমীয়া ভাষা সংস্কৃতি লোকাচাৰ সংৰক্ষণ আৰু শোষনমুক্ত দূৰ্নীতি মুক্ত সমাজ গঠনৰ বাবে আগবাঢ়ি আহিবলৈ ৰাইজক আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰ সময়ত বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰি কংগ্ৰেছৰ দূৰ্নীতি ভষ্টাচাৰ, শোষণ আদিহে পোষকতা কৰে বুলি উল্লেখ কৰি বিজেপি মিত্ৰজোট চৰকাৰে ভৱিষ্যতেও পৰিবহণ, যোগাযোগ ,উদ্যোগ, বানিজ্য,কৃষি, শিক্ষা, স্বাস্থ্য আদিত গুৰুত্ব প্ৰদান কৰিব বুলি ভাষণত উল্লেখ কৰে৷ আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্যৰে উত্তৰ পূবত নতুন সূয্যৰ উদয় হ’ব বুলি নেতা গৰাকীয়ে উল্লেখ কৰি বিজেপি মিত্ৰ জোটক মৰমেৰে চাবলৈ আহ্বান জনায়৷ কংগ্ৰেছে সদায় মিছা কোৱা লোক, ঠগোৱা তেওঁলোকৰ নীতি৷ এই নীতি পৰাভূত কৰিবৰ বাবে বিজেপি মিত্ৰ জোটক ভোটদান কৰিবলৈ আহ্বান জনায়৷

এই নিৰ্বাচনী সভাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, সাংসদ দিলীপ শইকীয়া ,কুইন ওজা, ভোবনেশ্বৰ কলিতা, বিটিআৰ চিফ প্ৰমোদ বড়ো, মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী, কলাইগাও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মধুৰাম ডেকা, পানেৰী সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিত দৈমাৰী, মাজবাট সমষ্টিৰ প্ৰাৰ্থী জিতু কিষান, কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতা, নলবাৰী সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা। মোডীৰ এই প্ৰচাৰে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ কিমান লাভ হ’ব লগতে ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী কি ধৰণে লাভান্বিত হ’ব সেয়া ২ মে’ত পৰিস্ফূত হ’ব।

The post ছিপাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.