DIGITAL

September 13, 2023

APTCE 18538973148

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বটদ্ৰৱাত পথ সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত বুধবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত পথ সভা কাৰ্যসূচী পালন কৰে। বটদ্রৱা সমষ্টিৰ ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা মঞ্চৰ পৰা আৰম্ভ কৰি কপাহেৰা হৈ বটদ্ৰৱা সমষ্টিৰ বহু অঞ্চল পৰিভ্ৰমণ কৰি ঠায়ে ঠায়ে সভা কৰি অৱশেষত বটদ্ৰৱা আৰক্ষী থানাৰ ওচৰত সামৰণি মৰা হয়।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সভাপতি দীপমনি বৰা, সাংগঠনিক সম্পাদক মিলন দাস, অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাস, বিত্তীয় সম্পাদকে কনক দাস, নগাওঁ জিলাৰ উপদেষ্টা বিষ্ণু হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বটদ্ৰৱা আঞ্চলিকৰ সম্পাদক মতিউৰ ৰহমানকে প্ৰমুখ্য কৰি শতাধিক যুৱকে অংশ গ্ৰহণ কৰা কাৰ্য্যসূচীত “কা আমি নামানো, কা বিৰুদ্ধে আমি যুজিম, কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে, খিলঞ্জীয়াক ৰক্ষা কৰক, কা ছাত্ৰ সমাজে নামানে, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন প্লে কাৰ্ড হাতত লৈ উক্ত কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে এই পথ সভা কাৰ্যসূচীত।

The post নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বটদ্ৰৱাত পথ সভা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.