DIGITAL

May 31, 2023

APTCE 18538973148

নাৰায়ণপুৰত কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: বুধবাৰে নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° অমিয় কুমাৰ ভূঞাৰ লগতে উত্তৰ অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী গৰাকীয়ে৷ বুধবাৰে বিয়লি প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰৰ বৰখামতি পথাৰত আয়োজন কৰা বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷

কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা দি অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। বিহপুৰীয়া সমষ্টিত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপৰি কাজিৰঙাক ৰক্ষা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। এক কথাত ক’বলৈ গ’লে প্ৰধানমন্ত্ৰী গৰাকীয় বুধবাৰে প্ৰদান কৰিলে নতুনত্বহীন এক ভাষণ।

বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰলৈ আহিছিল যদিও এবাৰো অমিয় কুমাৰ ভূঞাৰ নাম উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে । তদুপৰি লক্ষাধিক লোকৰ সমাৱেশৰ আশা কৰিছিল যদিও দুই শতাধিক বাছ আৰু দুখনকৈ ৰেলেৰে সভাস্থলীলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোক অনা হৈছিল যদিও সফলতা লাভ নকৰিলে ৷

সমষ্টিবাসীৰ ওচৰত বিশেষ কোনোধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰাৰ উপৰি ড° অমিয় কুমাৰ ভূঞাক জয়যুক্ত কৰিবলৈও নক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বিজয় সংকল্প সমাৰোহ খনত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে আঁতধৰা সভাখনত বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অমিয় কুমাৰ ভূঞাৰ লগতে গহপুৰ সমষ্টিৰ প্ৰাৰ্থী তথা বিধায়ক উৎপল বৰা,লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী মানৱ ডেকা আৰু নাওবৈছাৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডো উপস্থিত থাকেনাৰায়ণপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : কংগ্ৰেছৰ মহাজোঁটক মহাঝুথ আক্ষা.।

The post নাৰায়ণপুৰত কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.