DIGITAL

June 10, 2023

APTCE 18538973148

বোকাখাতত মহাজোঁটৰ সংবাদমেল…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ আঞ্চলিক গণ মৰ্চা নেতৃত্বাধীন মহাজোঁটৰ বোকাখাতৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ শেহতীয়াকৈ স্থিতি শক্তিশালী হৈ আহিছে সমষ্টিটোত। সমষ্টিটোৰ যুৱ প্ৰজন্মৰ ভোটাৰৰ উপৰিও গ্ৰামাঞ্চলৰ সাধাৰণ ভোটাৰৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে প্ৰণৱ দলে। ফলত সমষ্টিটোত প্ৰণৱ দলেৰ প্ৰতিপক্ষ ভিতিগ্ৰস্থ হৈ নামি পৰিছে নানান অপপ্ৰচাৰত, এই অভিযোগ আঞ্চলিক গণ মৰ্চা, জীপাল কৃষক শ্ৰমিক সংঘ, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ বোকাখাত শাখা আৰু বোকাখাত ব্লক কংগ্ৰেছৰ।

এই প্ৰসংগত বুধবাৰে বিয়লি বোকাখাত কংগ্ৰেছ ভৱনত এক সংবাদমেল সন্মোধন কৰে মহাজোঁটৰ কৰ্মকৰ্তা সকলে। সংবাদমেলখনত উত্থাপন কৰা অভিযোগ অনুসৰি বোকাখাত বিধান সভা সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি অহা গণভিত্তিৰ প্ৰতি ভিতিগ্ৰস্থ হৈ প্ৰতিপক্ষই আৰম্ভ কৰিছে ব্যাপক অপপ্ৰচাৰ।

উল্লেখযোগ্য যে, মহাজোঁটৰ কৰ্মকৰ্তা সকলে বুধবাৰে সংবাদমেলখনত প্ৰণৱ দলেৰ বিৰুদ্ধে অপপ্ৰচাৰ প্ৰমান হিচাপে প্ৰতিপক্ষই বিকৃত কৰা এখন পোষ্টাৰ দাঙি ধৰি প্ৰতিপক্ষৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে মঙলবাৰৰ পৰা উক্ত পোষ্টাৰখন সমষ্টিটোত ব্যাপক ভাবে প্ৰতিপক্ষই প্ৰচাৰ কৰি আছে বুলি ব্যক্ত কৰে। অৱশ্যে প্ৰতিপক্ষ কোন এয়া নিশ্চিত কৰা নাই মহাজোঁটৰ কৰ্মকৰ্তা সকলে।

ইফালে, উক্ত পোষ্টাৰখনত নিৰ্বাচনী বিধি অনুসৰি ক’ত আৰু কোনে প্ৰকাশ কৰিছে সেয়া উল্লেখ থাকিব লাগে যদিও, সেয়া উল্লেখ নাই বিশেষ পোষ্টাৰখনত।এই লৈ নিৰ্বাচনী আয়োগৰ তদন্তৰ দাবী কৰাৰো কথা উল্লেখ কৰে মহাজোঁটৰ কৰ্মকৰ্তা সকলে। “প্ৰণৱ দলেয়ে বোকাখাত সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰিবৰ বাবেহে নিৰ্বাচনত নামিছে” বুলি প্ৰতিপক্ষৰ আই.টি. চেলে সামাজিক মাধ্যম ফেচবুকত চলোৱা এক প্ৰচাৰ সন্দৰ্ভত সংবাদমেলখনত উপস্থিত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জেষ্ঠ বাঁওপন্থী নেতা বলো বৰাই এনে প্ৰচাৰ অতি হাস্যকৰ বুলি অভিহিত কৰাৰ উপৰিও এটা সমষ্টি বিশেষ ভাৱে সংৰক্ষিত কৰাৰ এক্তিয়াৰ এজন বিধায়ক নাথাকে বৰং ই নিৰ্ভৰ কৰিব নিৰ্বাচনী আয়োগত ওপৰতহে বুলি মন্তব্য কৰে।

ইফালে, সংবাদমেলখনত “প্ৰণৱ দলেক ভোট দিলে ভবিষ্যতে বোকাখাত সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত হ’ব” বুলি সামাজিক মাধ্যমত চলোৱা প্ৰচাৰ আচলতে সাম্প্ৰদায়িক স্বৈৰাচাৰী শাসকৰ অপশাসনৰ পৰা উদ্ভত এক নিকৃষ্ট মানসিকতাহে বুলি মন্তব্য কৰি এনে মানসিকতাৰ দ্বাৰা ভোটাৰ সকলক আক্ৰান্ত আৰু বিভ্ৰান্ত নহ’বলৈ সংবাদ মাধ্যমৰ যোগেদি অহ্বান জনোৱাৰ লগতে প্ৰতিপক্ষৰ অপপ্ৰচাৰৰ প্ৰমান স্বৰুপে সাংবাদিকৰ আগত প্ৰদৰ্শন কৰে ভালেমান নথি পত্ৰ, বোকাখাত ব্লক কংগ্ৰছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীয়ে।

বুধবাৰৰ সংবাদমেলখনত বলো বৰা, ধৰ্মেশ্বৰ কুৰ্মীৰ উপৰিও উপস্থিত থাকে প্ৰয়াত প্ৰখ্যাত সাম্যবাদী নেতা কমলেশ্বৰ ৰাজখোৱাৰ পত্নী তথা সাম্যবাদী নেত্ৰী নীলিমা ৰাজখোৱা, গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক জিতু শইকীয়া, বোকাখাত ব্লক কংগ্ৰেছৰ উপ সভানেত্ৰী হেম কুমাৰী দাস আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ হৈ মন্টু বৰা।

The post বোকাখাতত মহাজোঁটৰ সংবাদমেল… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.