যমুনামুখত আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত সহকাৰী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ ৯০নং যমুনামুখ সমষ্টিত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত এগৰাকী সহকাৰী শিক্ষকক নিৰ্বাচনী বিভাগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিৱৰণী অনুসৰি, যমুনামূখ সমষ্টিৰ অন্তৰ্গত বৰহাৱৰ তিনিআলিত মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নুৰুল হুছেইনৰ উদ্যোগত এখন ৰাজনৈতিক নিৰ্বাচনী সভা যোৱা ২৪ মাৰ্চৰ বিয়লি অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

উক্ত অভিযোগৰ ভিত্তিত হোজাই জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ আদৰ্শ আচৰণ বিধি কোষৰ দায়িত্বপ্ৰাপ্ত বিষয়াই শিক্ষক গৰাকী লৈ বৃহস্পতিবাৰে HJM-08/2021/MCC CELL/Pt-I নং যোগে কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে। সহকাৰী শিক্ষক নুৰুল হুছেইনক ২৪ ঘন্টাৰ ভিতৰত উত্তৰ দিবলৈ জাননীখনত নিৰ্দেশ দিয়া হৈছে বুলি জাৰি কৰা জাননীত প্ৰকাশ পাইছে।

The post যমুনামুখত আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত সহকাৰী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে সকলো দিশৰ পৰা নিজকে সাজু ৰাখিছে হ’বলগীয়া নিৰ্বাচনৰ বাবে। উদাহৰণৰূপে @assampolice য়ে NICৰ সহযোগত এনে এক প্ৰযুক্তি তৈয়াৰ কৰিছে, যাৰ সহায়ত মতদান কেন্দ্ৰবোৰত আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব।

কোনো লোকে এই কাৰ্যত হস্তক্ষেপ কৰিব নোৱাৰিব। ফলস্বৰূপে এই মোতায়েন নিকা হ’ব আৰু নিৰপেক্ষ হ’ব। শুনাত সহজ যেন লাগিলেও এই প্ৰযুক্তি বিদ্যা সহজ মুঠেই নহয়। তাতকৈও ডাঙৰ কথা যে ইয়াত ভুল হোৱাৰ কোনো অৱকাশ থাকিব নোৱাৰে।

অসম আৰক্ষী আৰু NIC য়ে যৌথভাৱে এই কামৰ সৈতে দিনে-নিশাই জড়িত হৈ আছে। ফলস্বৰূপে নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকৰ উপস্থিতিত আমি প্ৰযুক্তিৰ সহায়ত আৰক্ষীকৰ্মী মোতায়েন ক্ৰুটি বিহীনভাৱে সম্পন্ন কৰো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে।বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰক্ষী কৰ্মী মোতায়েনৰ প্ৰস্তুতি চলি আছে বুলিও জানিব পৰা গৈছে।

The post বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে সকলো দিশৰ পৰা নিজকে সাজু ৰাখিছে হ’বলগীয়া নিৰ্বাচনৰ বাবে। উদাহৰণৰূপে @assampolice য়ে NICৰ সহযোগত এনে এক প্ৰযুক্তি তৈয়াৰ কৰিছে, যাৰ সহায়ত মতদান কেন্দ্ৰবোৰত আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব।

কোনো লোকে এই কাৰ্যত হস্তক্ষেপ কৰিব নোৱাৰিব। ফলস্বৰূপে এই মোতায়েন নিকা হ’ব আৰু নিৰপেক্ষ হ’ব। শুনাত সহজ যেন লাগিলেও এই প্ৰযুক্তি বিদ্যা সহজ মুঠেই নহয়। তাতকৈও ডাঙৰ কথা যে ইয়াত ভুল হোৱাৰ কোনো অৱকাশ থাকিব নোৱাৰে।

অসম আৰক্ষী আৰু NIC য়ে যৌথভাৱে এই কামৰ সৈতে দিনে-নিশাই জড়িত হৈ আছে। ফলস্বৰূপে নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকৰ উপস্থিতিত আমি প্ৰযুক্তিৰ সহায়ত আৰক্ষীকৰ্মী মোতায়েন ক্ৰুটি বিহীনভাৱে সম্পন্ন কৰো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে।বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰক্ষী কৰ্মী মোতায়েনৰ প্ৰস্তুতি চলি আছে বুলিও জানিব পৰা গৈছে।

The post বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

নাৰায়ণপুৰৰ বিষ্ণুপুৰত ড০ অমিয় কুমাৰ ভূঞাৰ হৈ প্ৰমোদ বড়োৰ নিৰ্বাচনী সভা…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ বিটিচিত ১২ খন আখনৰ ভিতৰত বিজেপি আৰু ইউ পি পি এল মিলি ১২ খনেই পাব ৷ নাৰায়ণপুৰৰ বিষ্ণুপুৰ খেলপথাৰত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিহপুৰীয়াৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড°অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ইউ পি পি এলৰ প্ৰমোদ বড়োয়ে এইদৰে কয়।

তেওঁ লগতে বিটিচিত হাগ্ৰামা মহিলাৰীৰ কাম নাইকিয়া হোৱাৰ কাৰণে বাহিৰত ঘূৰি ফুৰিছে বুলি উল্লেখ কৰে। তদুপৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ বি পি এফক ৰাইজে এইবাৰ ৰিজেক্ট কৰিছে বুলিও অৱগত কৰে ৷

The post নাৰায়ণপুৰৰ বিষ্ণুপুৰত ড০ অমিয় কুমাৰ ভূঞাৰ হৈ প্ৰমোদ বড়োৰ নিৰ্বাচনী সভা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

যমুনামুখত মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলক তীব্ৰ সমালোচনা ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ বুধবাৰে সন্ধিয়া ৭ বজাত যমুনামূখ সমষ্টিৰ অন্তৰ্গত চাৰিং পঞ্চায়তৰ ৰহমতনগৰ বজাৰত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৯০ নং যমুনামূখ সমষ্টিত আক্ৰমণাত্মক ৰূপত বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ। বিধায়ক হিচাবে পোন্ধৰ বছৰ সমষ্টিটোৰ দায়িত্বভাৰ গ্ৰহণ কৰি আজমল পৰিয়ালে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

চাৰিং পঞ্চায়তত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ নিৰ্বাচনী সভাত মোৰাঝাৰৰ উদীয়মান যুৱ সমাজ সেৱক ছুহেল আহমেদে নিজৰ বক্তব্যত বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়- সমষ্টিখনৰ প্ৰতি আজমলৰ দায়িত্বহীনতাৰ বাবে অসমৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামূখ সমষ্টিত উন্নয়ন হোৱা নাই। ধৰ্মীয় সংখ্যালঘু প্ৰধান যমুনামুখ সমষ্টিৰ ৰাইজক আজমল পৰিয়ালে ১৫ বছৰৰ পৰা প্ৰতাৰণা কৰি আহিছে। আজমল শাসনত যমুনামূখ সমষ্টিৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী দিলুৱাৰা বেগম চৌধুৰীক সমষ্টিবাসীয়ে ভোট দি জয়যুক্ত কৰিলে সমষ্টিত উন্নয়ন জোৱাৰ উঠিব সেয়েহে ৰাইজ এইবাৰ আৱেগৰ ভিত্তিত নহয়, বিবেকৰ ভিত্তিতহে ভোট দিবলৈ ৰ..

নাৰায়ণপুৰৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বৃহস্পতিবাৰে অন্তিমটো দিনত ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিতো প্ৰতি গৰাকী প্ৰাৰ্থীয়েই ব্যাপক ৰূপত চলালে নিৰ্বাচনী প্ৰচাৰ। অন্যান্য প্ৰাৰ্থী সকলৰ লগতে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে আয়োজন কৰিলে বিশাল নিৰ্বাচন মহাসভা ৷

প্ৰায় ৫০ হাজাৰ লোকৰ উপস্থিতিত আয়োজন কৰা সমাৱেশখনৰ জৰিয়তে একপ্ৰকাৰ চমক দেখুৱালে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই। নাৰায়ণপুৰৰ মাধৱপুৰস্থিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাখন জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ গীতৰ অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়৷

প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ প্ৰদ্যুত বৰদলৈ, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকী, অসম কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰে৷ প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ ভিতৰত ২০খনতকৈ অধিক আসনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে দাবী কৰাৰ লগতে অহা ২ মে’ত ৰাজ্যিক বিজেপিৰ..

গুৱাহাটীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সংবাদমেল…

গুৱাহাটীত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ সংবাদমেল।খানাপাৰাস্থিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে তেওঁ।কংগ্রেছৰ ৫টা গেৰাণ্টী সন্দৰ্ভত তীব্ৰ সমালোচনা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ।সংবাদমেলত তেওঁ কয়- ‘২০১৮ চনত মধ্যপ্রদেশত কংগ্রেছে গেৰাণ্টী দিছিল।’ভিডিঅ’ প্রদৰ্শন কৰি ৰাহুল গান্ধীক আক্রমণ শিৱৰাজ সিং চৌহানৰ।ছত্তীশগড়, মধ্যপ্রদেশৰ নিৰ্বাচনত কংগ্রেছে দিয়া প্রতিশ্রুতিকো সমালোচনা কৰে।আজমলৰ সৈতে কংগ্রেছৰ মিত্রতাৰ প্রসংগকো শিৱৰাজ সিং চৌহানে কৰে সমালোচনা।‘কংগ্রেছ আহিলে অনুপ্রৱেশকাৰীক আশ্রয় দিব, অসমত শান্তি ভংগ হ’ব’- বুলি কয় তেওঁ।
The post গুৱাহাটীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সংবাদমেল… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

হিমন্ত বিশ্ব শৰ্মাৰ অভয়বানী : অসমত নহয় লকডাউন…

অসমত পুনৰ লকডাউন নহয় এই অভয়বানী হিমন্ত বিশ্ব শৰ্মাৰ । কোভিডেই নাই, ক’ৰ পৰা হ’ব লকডাউন । গতিকে অসমত লকডাউনৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । সাংবাদিকে এক নিৰ্বাচনী প্ৰচাৰ সভাত অসমত পুনৰ লকডাউন হ’ব নে বুলি প্ৰশ্ন কৰিছিল । ২৩ মাৰ্চত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল এক নিৰ্দেশনা । স্বাস্থ্য মন্ত্ৰনালয়ে উতসৱ -পাৰ্বনত স্থানীয় নিষেধাজ্ঞাৰ পৰামৰ্শ প্ৰদান কৰিছিল ।দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন ।

The post হিমন্ত বিশ্ব শৰ্মাৰ অভয়বানী : অসমত নহয় লকডাউন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ…

এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়েই ।প্ৰথম পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ’ব ২৭ মাৰ্চতপ্ৰথম পৰ্যায়ত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৪১ গৰাকী পুৰুষ প্ৰাৰ্থীপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৩ গৰাকী মহিলা প্ৰাৰ্থী২৬৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ পলিং ষ্টেছন ১১৫৩৭ টাপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯৬২০ মূল পলিং ষ্টেছনপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অতিৰিক্ত পলিং ষ্টেছন ১৯১৭ টামুঠ পলিং পাৰ্ছনেল ২লাখ ৪১ হাজাৰ ২৬৯ গৰাকী নিয়োগ কৰা হৈছেপ্ৰতি বিধানসভা সমষ্টিৰ ৫০ শতাংশ পলিং ষ্টেছনত ৱেব কাষ্টিং হবপ্ৰতি জিলাত থাকিব কন্ট্ৰ’ল ৰুম আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত থাকিব কন্ট্ৰ’ল ৰুমবিভিন্ন এজেন্সীয়ে নিৰ্বাচনৰ সময়ত ৮৭কোটি ৯৬ লাখ ১৩৭৩২ টকা জব্দ কৰা হৈছেভোটাৰক দিয়া হব হেন্ড ৱাছ,মাস্ক আৰু গল্ভছভোট কেন্দ্ৰলৈ অহা সময়ত মাস্ক পিন্ধি আহিবলৈ ভোটাৰক অনুৰোধ৩.৬৬ লাখ লিটাৰ সুৰা জব্দ কৰিছে অসম আৰক্ষীয়ে১০ কোটি টকা ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়েক’ভিড প্ৰট’কলৰ সন্দৰ্ভত দায়সৰা মন্তব্য কৰে মুখ্য নিৰ্বাচনী বিষয়া..

কাঠিগড়া বিজেপি দলে চোরা স্রোত ব ইছে , ঐক্যবদ্ধ কংগ্রেস-অভিমত

মনি শংকর পুর কায় স্থ   বি হাড়া  25 শে মার্চ—– সেই 1985 সনে কাঠিগড়া বিধানসভা কেন্দ্রে ভারতীয় জাতীয় কংগ্রেসের সূর্য যে অস্তমিত হয়েছিল তা কংগ্রেস দল সেই অস্তমিত সূর্য কে  আর উদয় করতে পারেনি ।এবারএই 20 21 সনের বিধান সভা নির্বাচনের আগে কংগ্রেস দল যেভাবে ঐক্যবদ্ধ হয়ে মাঠে নেমেছে তা বিরোধী দল বিজেপির কাল হতে […]