DIGITAL

September 27, 2022

APTCE 18538973148

নাৰায়ণপুৰৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বৃহস্পতিবাৰে অন্তিমটো দিনত ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিতো প্ৰতি গৰাকী প্ৰাৰ্থীয়েই ব্যাপক ৰূপত চলালে নিৰ্বাচনী প্ৰচাৰ। অন্যান্য প্ৰাৰ্থী সকলৰ লগতে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে আয়োজন কৰিলে বিশাল নিৰ্বাচন মহাসভা ৷

প্ৰায় ৫০ হাজাৰ লোকৰ উপস্থিতিত আয়োজন কৰা সমাৱেশখনৰ জৰিয়তে একপ্ৰকাৰ চমক দেখুৱালে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই। নাৰায়ণপুৰৰ মাধৱপুৰস্থিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাখন জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ গীতৰ অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়৷

প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ প্ৰদ্যুত বৰদলৈ, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকী, অসম কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰে৷ প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ ভিতৰত ২০খনতকৈ অধিক আসনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে দাবী কৰাৰ লগতে অহা ২ মে’ত ৰাজ্যিক বিজেপিৰ শ্ৰাদ্ধ পাতিব সজোৰে ঘোষণা কৰে ৷

আনহাতে, বিগত সময়ত বিজেপিৰ লগত থাকি মহা ভুল কৰা বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভৱিষ্যতে কেতিয়াও নাথাকো বুলি উল্লেখ কৰে৷ মহাজোঁটৰ চৰকাৰত ভূপেন কুমাৰ বৰাক কেবিনেট মন্ত্ৰী প্ৰদান কৰিম বুলিও ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে৷ ইফালে, মহাসভাখনত ভাষণ প্ৰদান কৰি সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপিক থাইলেণ্ড মাগুৰ আখ্যা দিয়ে৷ যিয়েই এদিন অসমীয়াত্বক ধ্বংস কৰিব বুলি বৰদলৈয়ে উল্লেখ কৰে৷ আৰু এনেদৰেই বৃহস্পতিবাৰে সামৰণি পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ।

The post নাৰায়ণপুৰৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

রংপুর পুলিশ ফাঁড়ির ইনচার্জের বিরুদ্ধে অভিযোগপত্র তুলে দেন পুলিশ সুপারের হাতে,আম আদমি পার্টির নেতারা

নিজস্ব সংবাদদাতা ২৬ শে  সেপ্টেম্বর শিলচর —- উদার বন্দ বিধানসভা এলাকার মধুরা পুল সংলগ্ন জাতীয় সড়কের পাশে দীর্ঘদিন ধরেই বিভিন্ন ধরনের ব্যবসা করে স্থানীয় বাসিন্দারা

Read More »

আজ মহালয়া,এই উপলক্ষে বরাক নিউজ এক্সপ্রেস জানায় প্রীতি ও শুভেচ্ছা

নিউজ ডেস্ক বরাক নিউজ এক্সপ্রেস ২৫ শে সেপ্টেম্বর — আজ থেকে শুরু হলো দেবী পক্ষ ,ভোরের আলো ফোটার আগেই  কিংবদন্তি বীরেন্দ্র কৃষ্ণ ভদ্রের সেই চণ্ডী

Read More »

লক্ষ্মীপুর পুলিশ প্রশাসনের জরুরি ঘোষণা, কুচি ধরা গুজবের উপর

লক্ষ্মীপুর থেকে অসীম রায় ২৩  শে সেপ্টেম্বর —- অবশেষে কুচি ধরা গুজবের অবসান ঘটাতে কাছাড় জেলা প্রশাসন বিশেষ ব্যবস্থা হাতে নিলো। কাছাড়ের জেলা শাসক কুচি

Read More »

আসাম রাজ্য মার্কেটিং বোর্ডের দৃষ্টি আকর্ষণ করছেন স্থানীয় নাগরিক গন

বিশেষ প্রতিবেদন ২২ শে সেপ্টেম্বর শিলচর —-  দক্ষিন আসামের বরাক উপত্যকার তিন জেলার কৃষি জীবি মানুষের আয়ের একমাত্র উৎস কৃষি জাত দ্রব্য বেচা কেনা।সেই সব

Read More »

ভারতীয় মানসিক রোগ সংস্থার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে শিলচরে ,২৩ ও ২৪ সেপ্টেম্বর

নিজস্ব সংবাদদাতা  ২১ শে সেপ্টেম্বর শিলচর —– ভারতীয় মানসিক রোগ সংস্থার আসাম রাজ্য শাখার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে আগামী ২৩শে সেপ্টেম্বর ও ২৪

Read More »

Google pixel মোবাইল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে, অভিমত গ্রাহক দের

বিশেষ প্রতিবেদন ১৯ শে সেপ্টেম্বর শিলচর —- গুগল পিক্সেল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে বলে পরিলক্ষিত হচ্ছে।এখন পর্যন্ত বাজারে বিভিন্ন মোবাইল ফোন সেট নির্মাতা

Read More »