ডিজিটেল সংবাদ, শিমলুগুৰিঃ বিটিচিত ১২ খন আখনৰ ভিতৰত বিজেপি আৰু ইউ পি পি এল মিলি ১২ খনেই পাব ৷ নাৰায়ণপুৰৰ বিষ্ণুপুৰ খেলপথাৰত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিহপুৰীয়াৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড°অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ইউ পি পি এলৰ প্ৰমোদ বড়োয়ে এইদৰে কয়।
তেওঁ লগতে বিটিচিত হাগ্ৰামা মহিলাৰীৰ কাম নাইকিয়া হোৱাৰ কাৰণে বাহিৰত ঘূৰি ফুৰিছে বুলি উল্লেখ কৰে। তদুপৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ বি পি এফক ৰাইজে এইবাৰ ৰিজেক্ট কৰিছে বুলিও অৱগত কৰে ৷
The post নাৰায়ণপুৰৰ বিষ্ণুপুৰত ড০ অমিয় কুমাৰ ভূঞাৰ হৈ প্ৰমোদ বড়োৰ নিৰ্বাচনী সভা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.