DIGITAL

June 8, 2023

APTCE 18538973148

যমুনামুখত মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলক তীব্ৰ সমালোচনা ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ বুধবাৰে সন্ধিয়া ৭ বজাত যমুনামূখ সমষ্টিৰ অন্তৰ্গত চাৰিং পঞ্চায়তৰ ৰহমতনগৰ বজাৰত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৯০ নং যমুনামূখ সমষ্টিত আক্ৰমণাত্মক ৰূপত বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ। বিধায়ক হিচাবে পোন্ধৰ বছৰ সমষ্টিটোৰ দায়িত্বভাৰ গ্ৰহণ কৰি আজমল পৰিয়ালে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

চাৰিং পঞ্চায়তত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ নিৰ্বাচনী সভাত মোৰাঝাৰৰ উদীয়মান যুৱ সমাজ সেৱক ছুহেল আহমেদে নিজৰ বক্তব্যত বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়- সমষ্টিখনৰ প্ৰতি আজমলৰ দায়িত্বহীনতাৰ বাবে অসমৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামূখ সমষ্টিত উন্নয়ন হোৱা নাই। ধৰ্মীয় সংখ্যালঘু প্ৰধান যমুনামুখ সমষ্টিৰ ৰাইজক আজমল পৰিয়ালে ১৫ বছৰৰ পৰা প্ৰতাৰণা কৰি আহিছে। আজমল শাসনত যমুনামূখ সমষ্টিৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী দিলুৱাৰা বেগম চৌধুৰীক সমষ্টিবাসীয়ে ভোট দি জয়যুক্ত কৰিলে সমষ্টিত উন্নয়ন জোৱাৰ উঠিব সেয়েহে ৰাইজ এইবাৰ আৱেগৰ ভিত্তিত নহয়, বিবেকৰ ভিত্তিতহে ভোট দিবলৈ ৰাইজক অনুৰোধ জনায় যুৱ সমাজ সেৱক ছুহেল আহমেদে।

ইপিনে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলে বিভিন্ন সভা সমিতিত ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ ব্যক্তিত্বকলৈ সমালোচনা কৰা ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক ইমদাদ আলিয়ে। সভাত মূখ্য অতিথী হিচাপে ৰাইজৰ দলৰ প্ৰাৰ্থী দিলুৱাৰা বেগম চৌধুৰী উপস্থিত হৈ এআইইউডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু যমুনামূখৰ মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলে ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ ব্যক্তিত্বকলৈ সমালোচনা কৰা ঘটনাক ধিক্কাৰ দিয়ে।

উল্লেখযোগ্য যে, দেওবাৰে হেলিকপ্টাৰ প্ৰদৰ্শন কৰি যমুনামুখ সমষ্টিৰ মোৰাঝাৰ খেল পথাৰত অনুষ্ঠিত হোৱা মহাঁজোটৰ নিৰ্বাচনী সভাত এআইইউডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমলে ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীক বিজেপিৰ এজেণ্ট বুলি ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত কৰি আজমলে এনে ভুৱা প্ৰচাৰ নকৰিবলৈ আহ্বান জনায় ৰাইজৰ দলৰ যমুনামূখৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীয়ে।

শ শ ভোটাৰ উপস্থিতিত যমুনামূখ সমষ্টিৰ চাৰিং পঞ্চায়তৰ অন্তৰ্গত ৰহমতনগৰ বজাৰত অনুষ্ঠিত নিৰ্বাচনী সভাৰ জৰিয়তে ৰাজহুৱা ন্যায় বিচাৰি এগৰাকী নাৰীৰ ব্যক্তিত্বক লৈ ৰাজনীতি কৰা আজমলক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিউত্তৰ দিবলৈ ৰাইজক অনুৰোধ জনায় যমুনামূখ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিলুৱাৰা বেগম চৌধুৰীয়ে।

The post যমুনামুখত মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলক তীব্ৰ সমালোচনা ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.