DIGITAL

May 30, 2023

APTCE 18538973148

দুদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

ডিজিটেল ডেস্ক : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ যাত্ৰা কৰে। বাংলাদেশৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। মোডী শুকুৰবাৰে পুৱা ১০ বজাত ঢাকাত উপস্থিত হ’ব। সন্ধিয়া তেওঁ বাংলাদেশৰ সোণালী জয়ন্তীৰ বিশাল উদযাপন আৰু বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীত অংশগ্ৰহণ কৰিব। কৰোনা ভাইৰাছ মহামাৰীৰ পিছত এইটো প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথম আন্তৰ্জাতিক ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ আৰু ২৭ মাৰ্চত বাংলাদেশৰ কেইবাটাও মন্দিৰপৰিদৰ্শন কৰিব। ইয়াৰ আগতে, দেশৰ দক্ষিণ-পশ্চিমত অৱস্থিত দুটা মন্দিৰ সজোৱা হৈছে। যেতিয়া ২৭ মাৰ্চত পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব, প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ মাতুয়া সমাজৰ মন্দিৰত উপস্থিত থাকিব ।

The post দুদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.