ডিজিটেল ডেস্কঃ নুমলীগড়ৰ তেল শোধনাগাৰ (NRL)ৰ মালিকীস্বত্ব ভাৰত পেট্ৰ’লিয়াম ঠাইত শুকুৰবাৰৰে পৰা অইল ইণ্ডিয়া লিমিটেডে গ্ৰহণ কৰিলে। পূৰ্বেও অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰছ্ লিমিটেডৰ তুলনাত প্ৰায় দুগুণতকৈ অধিক অংশীদাৰিত্ব আছিল অইল ইণ্ডিয়া লিমিটেডৰ। আজি এই অংশীদাৰিত্ব পৰিমাণ NRLৰ অন্তিম বৈঠকত ৭৭শতাংশলৈ বৃদ্ধি কৰি বুজাবুজি চুক্তি সম্পাদনৰ লগতে পূৰ্বৰ পৰিচালন কৰ্তৃপক্ষৰ অন্তিমখন বৈঠক সম্পন্ন কৰা হ’ল।
লগে লগে অন্ত পৰিল ভাৰত পেট্ৰ’লিয়ামৰ কৰ্তৃত্বৰ। পূৰ্বে অসম চৰকাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ ১২.৩৫শতাংশ অংশীদাৰ আছিল যদিও এই পৰিমাণ বৃদ্ধি কৰা নহল। ইয়াৰ বিপৰীতে ইঞ্চিনিয়াৰছ লিমিটেডক ১০শতাংশ অংশীদাৰিত্ব প্ৰদান কৰা হ’ল। যিসময়ত অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিজৰ কৰ্তৃত্বত থকা বহু তৈল ক্ষেত্ৰ দেশী-বিদেশী কোম্পানীক গতাইছে। সেই সময়তে নুমলীগড় শোধনাগাৰৰ ৭৭শতাংশ অংশীদাৰিত্বৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত NRLৰ ভৱিষ্যত কিদৰে নিৰূপিত হ’ব সেয়া সময়েহে ক’ব।
The post নুমলীগড় শোধনাগাৰৰ কৰ্তৃত্ব ল’লে অইল ইণ্ডিয়া লিমিটেডে, অসম চৰকাৰৰ অংশ পূৰ্বৰ দৰেই ১২শতাংশতে থাকিব… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.