কোৰোনাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

বাংলাদেশত দুদিনীয়া ভ্ৰমন সূচীৰে উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।ঢাকাৰ হজৰত শ্বাহজালাল আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ।বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আদৰনি জনাই মোডীক ।মো়ডীৰ এই ভ্ৰমনৰ সময়ত দুয়ো খন দেশৰ মাজত বহু কেইখন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাবনা ।
The post কোৰোনাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা…

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ ।কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ততপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ।মাস্ক পৰিধান বাধ্যতামুলক কৰিলে ছত্তীশগড় চৰকাৰে ।ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা ।মধ্যপ্ৰদেশৰ ৭ খন চহৰত ইতিমধ্যে দেওবাৰে এদিনৰ লকডাউন ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে।
The post দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ, অবৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ…

ডিজিটেল ডেস্ক : শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান জনাই কৃষক সংগঠন সমূহে । তিনি কৃষি আইনৰ বিৰোধিতাৰে কৃষক সংগঠন সমূহে আহ্বান কৰিছিল এই বন্ধৰ । এই বন্ধৰ সময়ছোৱাত কৃষক সকলে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছে ।

কৃষক সকলে গাজিপুৰত এনএইচ ৯ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে । ইফালে পথটো কৃষকে অবৰোধ কৰাৰ পিছতে আৰক্ষীয়ে বেৰিকেড দিয়া বুলিও জানিব পৰা গৈছে ।ইফালে পঞ্জাবত এই বন্ধৰ সৰ্বাত্মক প্ৰভাব দেখিবলৈ পোৱা গৈছে । এই বন্ধৰ সময়ছোৱাত প্ৰতিবাদী কৃষক সকলে পাঞ্জাৱৰ অমৃতসৰত সংযুক্ত কৃষক মৰ্চাৰ সদস্য সকলে ৰেল পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে ।

The post নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ, অবৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব ৬৩ নং চাপাগুৰিত : শেষ হাঁহি মাৰিব নেকি ৰাইজৰ দলে !

ডিজিটেল সংবাদ, বাক্সা : বিধানসভাৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনক লৈ নামনি অসমৰ প্ৰতিটো সমষ্টিৰ চুকে-কোণে এতিয়া চলিছে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান ৷ তাৰ ব্যতিক্ৰম নহয় বিটিআৰৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহো ৷ বিটিআৰৰ বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিতো এতিয়া চলিছে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা ৷ বাক্সা জিলাৰ উত্তৰ বাস্কা, দক্ষিণ বাস্কা, চাপাগুৰি আৰু কোকিলাবাৰী মৌজাক লৈ গঠিত সমষ্টিটোৰ পৰা ১৯৭৮ চনত প্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মানিক চন্দ্ৰ দাসে ৷

ইয়াৰ পিচত বিমল গয়াৰীয়ে ১৯৮৩ চনত, সুৰেন স্বৰ্গীয়াৰীয়ে ১৯৮৫ আৰু ১৯৯১ চনত, জগমোহন বৰকছাৰীয়ে ১৯৯৬ চনত, টিজেন বসুমতাৰীয়ে ২০০১ চনত, থানেশ্বৰ বসুমতাৰীয়ে ২০০৬ চনত, হিতেশ বসুমতাৰীয়ে ২০১১ চনত আৰু থানেশ্বৰ বসুমতাৰীয়ে পুনৰবাৰ ২০১৬ চনত সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাইজক সেৱা কৰাৰ সুবিধা লাভ কৰে ৷ ২০০৬ চনৰ পৰা দীৰ্ঘদিন ধৰি বিপিএফৰ দখলত থকা সমষ্টিটোত এইবাৰ নিৰ্বাচনী যুঁজখন ক্ৰমাৎ যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে ৷

চাপাগুৰি সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যদিও মূলত: সমষ্টিটোত এইবাৰ তিনি..

লকডাউন ডায়েৰীলৈ শ্ৰেষ্ঠত্বৰ খিতাপ…

ডিজিটেল সংবাদ, মঙলদৈ : অসমৰ প্ৰথমটো অ’ টি টি প্লেটফৰ্ম হেল’ টিভি ৰ উদ্যোগত অনুস্থিত হেল্ল’ টিভি চুটি ছবি মহোৎসৱত মঙলদৈৰ কেইবা গৰাকী উদীয়মান আৰু প্ৰতিতিশ্ৰুতি সম্পন্ন যুৱক যুৱতীয়ে কঢ়িয়াই আনিছে সুখবৰ । কোৰোনা মহামাৰী আৰু লকডাউনে সৃষ্টি কৰা ভয়াবহতাৰ ওপৰত ভূপেন কলিতাৰ কাহিনী, দ্বীপজ্যোতি কলিতাৰ পৰিচালনা আৰু পপ্পু কবিৰৰ কেমেৰা পৰিচালনাৰে নিৰ্মিত ছবি লকডাউন ডায়েৰী নামৰ চুটি ছবি খনে হেল’ টিভি চুটি ছবি মহোৎসৱত কেইবাটাও খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছে ।

কোৰোনা মহামাৰীৰ ভয়াবহতাৰ বৰ্ণনা নিৰ্মোহ ভাবে উপস্থাপন কৰা চুটি ছবি খনে উক্ত মহোৎসৱত সৰ্বশ্ৰেষ্ঠ চুটি ছবিৰ সন্মান বুটলিবলৈ সক্ষম হয় লগতে শ্ৰেষ্ঠ পৰিচালক দ্বীপজ্যোতি কলিতা ,শ্ৰেষ্ঠ অভিনেতা কুমাৰ চন্দ্ৰনাৰায়ন দেৱ, শ্ৰেষ্ঠ সহ: অভিনেতা নবজ্যোতি কলিতা ই । জাগ্ৰত সাংস্কৃতিক গোষ্ঠীৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি খনৰ দৃশগ্ৰহন হয় মঙলদৈৰ বিভিন্ন অঞ্চলত ।

চুটি ছবিখনত অভিনয় কৰে ক্ৰমে কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ,নবজিত কলিতা, দিব্যজ্যোতি নাৰায়ণ দেৱ, ধনদা কাকতি,কল্যাণী দেৱী,দীপক কলিতা,বিশ্বজিত চহৰীয়া,আলেশ্বৰী বৰুৱা,মাহেশ্বৰী দেৱী, মিতালি বৰুৱা আৰু শিশু শিল্পী ক্ৰমে ..

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ৭৬ জন কোভিড ৰোগীক স্থানান্তৰ, দুজনৰ মৃত্যু…

এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় মুম্বাইত ।মুম্বাইৰ ড্ৰিমছ মলৰ চানৰাইজ হস্পিতালত সংঘটিত হয় এই অগ্নিকাণ্ড ।অগ্নিকাণ্ডটোৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ।চিকিৎসালয় খনত থকা চিকিৎসাধীন হৈ আছিল বহু সংখ্যক কোভিড ৰোগী ।অগ্নিকাণ্ড সংঘটিত হোৱা বাবে ৭৬ জন কোভিড ৰোগীক অন্য চিকিৎসালয় স্থানান্তৰ কৰা হয় ।অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই ।২৩ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
The post চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ৭৬ জন কোভিড ৰোগীক স্থানান্তৰ, দুজনৰ মৃত্যু… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

দুদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

ডিজিটেল ডেস্ক : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ যাত্ৰা কৰে। বাংলাদেশৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। মোডী শুকুৰবাৰে পুৱা ১০ বজাত ঢাকাত উপস্থিত হ’ব। সন্ধিয়া তেওঁ বাংলাদেশৰ সোণালী জয়ন্তীৰ বিশাল উদযাপন আৰু বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীত অংশগ্ৰহণ কৰিব। কৰোনা ভাইৰাছ মহামাৰীৰ পিছত এইটো প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথম আন্তৰ্জাতিক ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ আৰু ২৭ মাৰ্চত বাংলাদেশৰ কেইবাটাও মন্দিৰপৰিদৰ্শন কৰিব। ইয়াৰ আগতে, দেশৰ দক্ষিণ-পশ্চিমত অৱস্থিত দুটা মন্দিৰ সজোৱা হৈছে। যেতিয়া ২৭ মাৰ্চত পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব, প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ মাতুয়া সমাজৰ মন্দিৰত উপস্থিত থাকিব ।

The post দুদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বাংলা লিফলেট, চটে লাল অসমীয়া, পূর্ব গুয়াহাটি বিধানসভা কেন্দ্রে

পূর্ব গুয়াহাটি থেকে বিকাশ দাস 26 শে মার্চ—- 53 নং পূর্ব গুয়াহাটি বিধানসভা কেন্দ্রে বিজেপি দলের প্রার্থী হিসেবে সিদ্ধার্থ ভট্টাচার্য কে মনোনয়ন প্রদান করা হয়েছে । এই বিধানসভা কেন্দ্রে প্রচুর বাঙালি ভোটার আছেন, তাদের ভোট পেতে দলীয় প্রার্থী নির্বাচনী প্রচার পত্র বাংলা ভাষায় মুদ্রিত করে ভোটারদের মধ্যে বিতরণ করতেই অসমীয়া ভাষী ভোটারদের মধ্যে তীব্র প্রতিবাদ […]