চৰকাৰ হ’ব কাৰ…

ৰাজৰ্ষি চহৰীয়া
অসমত শনিবাৰে সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচৰ ভোটগ্ৰহণ পৰ্ব। এই ভোটগ্ৰহণৰ ফলাফল অৱশ্যে কি সেয়া আমি জানিবলৈ অপেক্ষা কৰিব লাগিব ২ মে, ২০২১লৈ। কিন্তু প্ৰশ্ন এটাই- চৰকাৰ হ’ব কাৰ?
এইবাৰ চৰকাৰ কাৰ হ’ব সেই কথা অতিকৈ প্ৰয়োজন কাৰণ সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। শনিবাৰৰ দিনটোত নিশা ভাগলৈকে ৪৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়।
মুঠ ৭৭.০১ শতাংশ লোকে কৰে ভোটদান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। ক’ত কিমান ফটোগ্ৰহণ। মুঠ ৪৭টা সমষ্টিত হৈছে ভোটগ্ৰহণ প্ৰথম পৰ্যায়ত। কিন্তু প্ৰতিটো সমষ্টিত অন্তিম সময়লৈকে কিমান শতাংশ লোকে দিছে ভোট?
বিশ্বনাথত ৮২.১২, বোকাখাতত ৮০.০০, চৰাইদেউত ৮১.৬৪, ঢকুৱাখানাত ৮১.৩০, ধণশিৰি ৭৬.০০, ধেমাজি ৭৩.০১, ডিব্ৰুগড় ৭৬.৭১, গহপুৰ ৭৮.৩৪, গোলাগাট ৭৮.৮৬, জোনাই ৭৫.০১, যোৰহাটত ৭৫.২৬, কলিয়াবৰত ৮০.৭৬, মাজুলী ৭৯.২৮, মাৰ্ঘেৰিটাত ৭৭.৮৩, নগাঁৱত ৮২.২৯, নাজিৰাত ৮০.৫৬, শদিয়াত ৭৫.৫৫, শিৱসাগৰকত ৮২.৪৬, শোণিতপুৰত ৭১.৮০ শতাংশ, তিনিচুকীয়াত ৭৩.৬৩ আৰু তিতাবৰত ৭৫.০৫ শতাংশ লোকে ভোটদান কৰে।
শনিবাৰৰ দিনটোত অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ত অসমৰ ৭৭.০১ শতাংশ লোকে সাব্যস..
ওদালগুৰিত ৰিহন দৈমাৰীৰ বিশাল সমদল

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে ওদালগুৰিৰ এক বিশাল সমদলত শক্তি প্ৰদৰ্শন কৰে ওদালগুৰি বিধান সভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ৰিহন দৈমাৰীয়ে। কেইবা সহস্ৰাধিক সমৰ্থকেৰে ওদালগুৰি চহৰৰ মাজেৰে এক বিশাল সমদলত অংশগ্ৰহণ কৰি দৈমাৰীয়ে নিজৰ জয়ী নিশ্চিত বুলি দাবী কৰে।
ওদালগুৰি মিচন চ’কৰ পৰা আৰম্ভ হোৱা এই সমদলত অংশগ্ৰহণ কৰি দৈমাৰীয়ে কয়, “সমষ্টিটোত মোৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্দ্বী নাই। সমষ্টিটোত মোৰ বিজয় নিশ্চিত। ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীক মই বহুত শ্ৰদ্ধা কৰো। কিন্তু সমষ্টিটো দখল কৰাটো তেখেতৰ বাবে কোনো পধ্যে সম্ভৱ নহয়। বিগত কাৰ্যকালসমূহত সমষ্টিটোৰ ৰাইজৰ হৈ মই বহুত কাম কৰিছো। গতিকে ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত আছে। মই বিশ্বাসী যে এইবাৰো ৰাইজে মোক মৰম কৰি সমষ্টিটোৰ পৰা মোক জয়ী কৰাব। মোক হৰুৱাবৰ বাবে বিজেপি-ইউপিপিএলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰচাৰৰ বাবে আনিছে। লগতে সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰীয়ে মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে।”
লগতে কয়, ”দুয়োটা দলে মোৰ সমষ্টিত মোৰ বিৰুদ্ধে ৰাইজক প্ৰলোভিত কৰাৰ চেষ্টা কৰিছে যদিও সফল হ’ব নোৱাৰে। বিটিচিৰ ১২ ..
বিটিচিৰ ১২ টা বিধানসভা সমষ্টিয়ে দখল কৰিব বিজেপি -ইউপিপিএলে : প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) বিপিএফৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ভেঁটি কপাই শনিবাৰে কোকৰাঝাৰৰ বিছমুৰীত ইউপিপিএলৰ দলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে ।
কোকৰাঝাৰ জিলাৰ বিছমুৰীত ইউপিপিএল দলে আয়োজন কৰা বিশাল নিৰ্বাচনী জনসভাত ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ সমৰ্থনত স্বত:স্ফূৰ্তভাৱে হাজাৰ হাজাৰ জনতা বিছমুৰীৰ নিৰ্বাচনী জনসভাত ভিৰ কৰি কাৰ্যত জনসমুদ্ৰত পৰিণত কৰে ।
৩০ বছৰ ধৰি একেৰাহে ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে এইবাৰ প্ৰতিষ্ঠানবিৰোধী ঢৌ গঢ় লৈ উঠিছে আৰু তাৰেই সুযোগ গ্ৰহণ কৰি ইউপিপিএলৰ যুৱনেতা তথা এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে শক্তিশালী প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ আজি নিজৰ শক্তি প্ৰদৰ্শন কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ দূৰ্গত মোক্ষম আঘাত হানিছে ।
কোকৰাঝাৰৰ বিছমুৰীত আয়োজিত হোৱা উক্ত বিশাল জনসভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকি নিজ ভাষণত ..
আৰক্ষী-প্ৰশাসনৰ সন্মূখতে এগৰাকী চিকিৎসকৰ আজৱ কাণ্ড…

লাহোৱালৰ মদৈঙীয়া ভোটগ্ৰহণ কেন্দ্ৰত আজৱ কাণ্ড।এগৰাকী চিকিৎসকে দেখুৱালে পিষ্টল।ভোট দিবলৈ অহা লোক, প’লিং পিজাইডিং বিষয়াক ভাবুকি।মদ্যপান কৰি আহিছিল চিকিৎসক গৰাকীয়ে।মাতাল চিকিৎসক ডাঃ মুনিন কাকতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ডিব্ৰুগড় সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
The post আৰক্ষী-প্ৰশাসনৰ সন্মূখতে এগৰাকী চিকিৎসকৰ আজৱ কাণ্ড… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয় খন এদিনীয়াত জড়িত থকাৰ অভিযোগত ৩৩ জন বুকিক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্ক : পিম্পৰি চিঞ্চৱাদ আৰক্ষীয়ে শুক্ৰবাৰে মহাৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েচন ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় এদিনীয়া খেলত জড়িত থকাৰ বাবে ৩৩ জন বুকিক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী বিষয়াসকলে এক তথ্যৰ ভিত্তিত বুকী কেইজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ।
অভিযুক্ত কেইজনে ভাৰত আৰু ইংলেণ্ডৰ মাজত পুনেৰ এমচিএ ষ্টেডিয়ামত হোৱা লাইভ খেলখন চাই আছিল আৰু একে সময়তে, তেওঁলোকে এটা বেটিং ৰেকেটত জড়িত আছিল।শুকুৰবাৰে পুনেত অনুষ্ঠিত হৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখন । খেলখনত ভাৰত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছে ।
The post ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয় খন এদিনীয়াত জড়িত থকাৰ অভিযোগত ৩৩ জন বুকিক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
নিৰ্বাচনৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে দৰং উপায়ুক্তৰ পৌৰকৰ্মীক টি-ছাৰ্ট বিতৰণ…

ডিজিটেল সংবাদ,মঙলদৈ : স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ সমাগত বিধান সভা নিৰ্বাচনত দৰং জিলাৰ অন্তৰ্গত চাৰিওটা বিধান সভা সমষ্টিত অভিলেখ সংখ্যক ভোটদাতাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন । এই উদ্দেশ্যে ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীৰ । ভোটাৰ ৰাইজৰ মাজত ‘ছুইপ’ (SVEEP) কাৰ্যসূচীৰ অধীনত শুক্ৰবাৰে জিলাৰ ভিন্ন প্ৰান্তত নিৰ্বাচন আয়োগৰ সজাগতা শ্লোগান লিখা থকা টি -ছাৰ্ট বিতৰণ কৰা হয় ।
ইপিনে শুক্ৰবাৰে আবেলি মঙলদৈ পৌৰসভাৰ গাড়ীচালক ,চাফাই কৰ্মী আদি শতাধিক পৌৰকৰ্মীৰ মাজত জিলা উপায়ুক্তৰ উপস্থিতিত নিৰ্বাচন আয়োগৰ শ্লোগান সন্নিবিষ্ট টি- ছাৰ্ট আৰু টুপী বিতৰণ কৰা হয় । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই পৌৰকৰ্মী সকলক সম্বোধন কৰি নিৰ্বাচন আয়োগৰ টি- ছাৰ্ট , টুপী পৰিধান কৰি কৰ্তব্য পালনৰ বাবে ওলাই যাবলৈ আহ্বান জনায়।
তেওঁ কয় যে অধিক জনতাই ভোটদান কৰিলেহে গনতন্ত্ৰ শক্তিশালী হব ।গতিকে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিব লাগে । তদুপৰি উপায়ুক্ত গৰাকীয়ে প্ৰতীকী ভোটগ্ৰহণ কেন্দ্ৰতো উপস্থিত হৈ তদাৰক কৰে । উক্ত কাৰ্যসূচীত অতিৰ..
বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ

পশ্চিম বংগত নিৰ্বাচনী হিংসা।বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ।ভাতৃ সোমেন্দু অধিকাৰীক চলন্ত বাহনত আক্ৰমণ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ।টিএমচিৰ কৰ্মী সকলে আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ।ঘটনাত গুৰুতৰ ভাৱে আহত বাহনখনৰ চালক।
The post বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
সোনাৰিৰ ভোটগ্ৰহন কেন্দ্ৰত হৃদৰোগত আক্ৰান্ত হৈ বিষয়াৰ মৃত্যু…

কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যু ।হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প’লিং বিষয়া গৰাকীৰ ।বিষয়া গৰাকীৰ নাম তুলসী খনিকৰ । সোনাৰি সমষ্টিৰ হাজোৱা এল পি স্কুল ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত আছিল বিষয়া গৰাকী ।বিষয়া গৰাকীক লৈ যোৱা হৈছিল হস্পিতাললৈ । হস্পিতাললৈ লৈ যোৱা পথতেই মৃত্যু হয় বিষয়া গৰাকীৰ ।
The post সোনাৰিৰ ভোটগ্ৰহন কেন্দ্ৰত হৃদৰোগত আক্ৰান্ত হৈ বিষয়াৰ মৃত্যু… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
তিতাবৰ সমষ্টিত ২ বজালৈ ৫৭ শতাংশ ভোটদান….

ডিজিটেল সংবাদ বেকাজান : অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ হোৱা আজি নিৰ্বাচনত ১০০ নং তিতাবৰ বিধানসভা সমষ্টিত দিনৰ ২ বজালৈ প্ৰায় ৫৭ % ভোটদান হৈছে । পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হয় । বৰহোলা আৰু ৰাইডাংজুৰি কিছু ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিনত কাৰিকৰী বিসংগতি হৈছিল যদিও পিছত সকলো সুকলমে চলে ।
উল্লেখযোগ্য যে তিতাবৰ সমষ্টিত ১ লাখ ৫৪ হাজাৰ ৫৪০ গৰাকীৰ ভোটাৰ আছে । তিতাবৰ সমষ্টিত ২২৭ টা কেন্দ্ৰত ভোটাৰে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি নিৰ্বাচন চলি আছে । তিতাবৰ সমষ্টিত মুঠ চাৰি গৰাকী প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দিতা কৰিছে যদিও মূল যুজঁখন কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈছে ।
The post তিতাবৰ সমষ্টিত ২ বজালৈ ৫৭ শতাংশ ভোটদান…. appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
বাংলাদেশত মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদঃ নিহত ৪ প্ৰতিবাদকাৰী

বাংলাদেশত মোডীৰ ভ্ৰমণত লৈ তীব্ৰ প্ৰতিবাদ ।বাংলাদেশৰ স্বাধীনতাৰ সোনালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া কাৰ্যসূচী আছিল প্ৰধানমন্ত্ৰী মোডীৰ।মোডীৰ ভ্ৰমণক লৈ অসন্তুষ্টি বহু বাংলাদেশী নাগৰিকৰ।মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদ একাংশৰ।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা ।আৰক্ষীৰ গুলীত নিহত ৪ প্ৰতিবাদকাৰী।আৰক্ষীৰ সংঘৰ্ষত আহত কেইবাজনো প্ৰতিবাদকাৰী।
The post বাংলাদেশত মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদঃ নিহত ৪ প্ৰতিবাদকাৰী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.