DIGITAL

September 13, 2023

APTCE 18538973148

বিয়লি এক বজালৈ ধেমাজি সমষ্টিত ৪৬.৫০ আৰু জোনাই সমষ্টিত ৪২.৭০ শতাংশ ভোটদান…

ডিজিটেল সংবাদ , ধেমাজি : প্ৰথম পৰ্যায়ত শনিবাৰে অনুষ্ঠিত হোৱা অসম বিধান সভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া এই পৰ্যন্ত শান্তিপূৰ্ণ হৈ আছে ৷ এইবাৰ ভোটদানত কোভিড প্ৰট’কলৰ নিয়ম নীতি মানি চলিব লগীয়া হোৱা বাবে ভোট দানৰ সময়ত বহুঠাইতেই ভোটদানৰ গতি কিছু মানে লেহেমীয়া হৈ পৰিছে ৷

পুৱাতে ধেমাজি নগৰৰ টাউন হাইস্কুলৰ ১৬৩ , ১৬৩ (এ) আৰু ১৬৫ আৰ্দশ ভোট তিনিটাত ভোটাৰ সকলে শাৰি- শাৰি কৈ নিজৰ ভোটদন সাৱস্ত কৰিছে ৷ উক্ত আৰ্দশ কেন্দ্ৰতেই কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোনোৱালে গৈ ভোটদান সাৱস্ত কৰে ৷ ভোটদানৰ অন্তত তেওঁ জয়ী হোৱাটো নিশ্চিত বুলি কৈ এইবাৰ অসমত ধেমাজিৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি কয় ৷ ইফালে ধেমাজি ৰূপনাথ বক্ষ্ম হাই স্কুলৰ ১৭১ নং ভোট গ্ৰহন কেন্দ্ৰত লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই তেওঁৰ পৰিয়ালৰ সৈতে বহু সদয় ধৰি শাৰি পাতি ভোটদান সাব্যস্ত কৰে ৷

ভোটদানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্ত্তাত তেওঁ ধেমাজি আৰু জোনাই সমষ্টি দুয়োটাতেই জয়ী হমেই ,আন নালাগে লখিমপুৰ লোক সভাৰ সমষ্টিৰ অন্তগৰ্ত ৯ টা সমষ্টিৰ ভিতৰত এটা সমষ্টিৰ বাদে ৮ টা সমষ্টিতেই জয়ী হমেই বুলি কয় ৷ আনহাতে পুৱাতে ধেমাজি কাড়িচুক এল. পি স্কুলৰ ১৯৮ (ক) ৰতনপুৰ অংশত আৰম্ভণিতে প্ৰায় এক ঘন্টা সময় ধৰি ই .ভি. এম মেচিন বিংগতি হোৱা বাবে ভোটাৰ সকলে ভোটদান কৰিব নোৱাৰা হৈ পৰিছিল ৷ পিছত বহু সময় পিছত মেচিন ভাল হোৱা তে পুনৰ ভোটদান প্ৰক্ৰিয়া স্বাভাৱিক হৈ পৰে৷

ইফালে ওচৰতে থকা আন এটা কেন্দ্ৰত ভোট দাতা সকলে ভোট গ্ৰহন পৰা পিছত ভোটগ্ৰহনৰ দায়িত্বত থকা কৰ্মচাৰী সকলে ভোটাতা সকলক চহী নকৰাকৈ পঠিযাই দিয়া বাবে ভোটদাতা আৰু নিৰ্বাচনী কৰ্মচাৰী সকলৰ মাজত তৰ্কবিতৰ্কত লিপ্তত হব লগা হৈছিল ৷ বিয়লি এক বজাৰ সময়লৈকে ধেমাজি সমষ্টিত ৪৬.৫০% আৰু জোনাইত সমষ্টিত ৪২.৭০ % ভোটদান সাব্যস্ত হৈছে ৷

The post বিয়লি এক বজালৈ ধেমাজি সমষ্টিত ৪৬.৫০ আৰু জোনাই সমষ্টিত ৪২.৭০ শতাংশ ভোটদান… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.