ৰাতিপুৱা ১১.১২ বজাত : প্রথম ৪ ঘন্টাত ২৮.৭৫ শতাংশ ভোটদান । খুমটাইত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ ভোটদান ।
ৰাতিপুৱা ১০.০৪ বজাত : প্ৰথম আঢ়ৈ ঘন্টাত ২৩.১৫ শতাংশ ভোটদান ।
ৰাতিপুৱা ১০ বজাত : লক্ষীমপুৰত নিৰ্বাচনী বিষয়াক অভিযোগ অগপ প্ৰাৰ্থী উৎপল দত্তৰ । গণ শক্তি আৰু বিজেপিৰ সমৰ্থকে দত্তৰ সমৰ্থক বাধা প্ৰদানৰ অভিযোগ । সমষ্টিত আছিল অগপ -বিজেপিৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা ।
ৰাতিপুৱা ৯.৩০ বজাত : বিহপুৰীয়া সমষ্টিৰ ভোলাবৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিবাদ। কাৰ বিৰুদ্ধে প্ৰতিবাদ সব্যস্ত কৰিলে আহোম যুৱ পৰিষদৰ লক্ষীপুৰ জিলাৰ সভাপতি ঘনকান্ত গোঁহাইয়ে।
ৰাতিপুৱা ৯ বজাত : কেইবাগৰাকীও প্ৰাৰ্থীয়ে পুৱাই কৰিলেহি ভোটদান । গহপুৰত ৰিপুন বৰাৰ ভোটদান । বিহপুৰীয়া পত্নী সহ আহি ভোটদান সব্যস্ত ভূপেন বৰাৰ । নাজিৰাত দেবব্ৰত শইকীয়াৰ ভোটদান । টীয়কত ভোটদান কৰি ৰাইজক ভোট দিবলৈ আহ্বান ৰেনুপমা ৰাজখোৱাৰ ।
ৰাতিপুৱা ৮.৩০ বজাত : কেইবাটাও ভোটগ্ৰহন কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে ভোটগ্ৰহনত বিলম্ব।
ৰাতিপুৱা ৮ বজাত : প্ৰথম ঘন্টাৰ ভোটগ্ৰহন শান্তি পূৰ্ণ ভাবে সমাপ্ত । ফৰকাল বতৰৰ বাবে যথেষ্ট সংখ্যক ভোটাৰ ওলাই আহিছে ভোটদান কৰিবলৈ । ভোটদান কেন্দ্ৰ সমূহত ভোটাৰৰ দীঘল শাৰী ।
ৰাতিপুৱা ৭. ২০ বজাত : প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা – ২৬৪ গৰাকী ।
পুৰুষ প্ৰাৰ্থীৰ সংখ্যা – ২৪১ গৰাকী ।
মহিলা প্ৰাৰ্থীৰ সংখ্যা -২৩ গৰাকী
প্ৰথম পৰ্যায়ত মুঠ ভোটদান কৰিব লগীয়া ভোটাৰৰ সংখ্যা -৮১,০৯,৮১৫ গৰাকী ।
ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা – ৪০,৭৭,২১০ গৰাকী ।
মহিলা ভোটাৰৰ সংখ্যা – ৪০,৩২,৪৮১ গৰাকী ।
তৃতীয় লিংগ ভোটাৰৰ সংখ্যা – ১২৪ গৰাকী ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টি – জোনাই
জোনাইত মুঠ ভোটাৰৰ সংখ্যা – ৩,১১,৬৬০ গৰাকী
সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি – থাওৰা
থাওৰা সমষ্টিত ভোটাৰৰ সংখ্যা -১,১৫,৩৬৪ গৰাকী
প্ৰথম পৰ্যায়ত মুঠ ভোটগ্ৰহন কেন্দ্ৰ – ১১,৫৩৭ টা
ৰাতিপুৱা ৭ বজাত : পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহন । ৪৭ টা সমষ্টিত ২৬৪ গৰাকী প্ৰাৰ্থীৰ নিৰ্নয় হ’ব ভাগ্য । ভোটগ্ৰহন অনুষ্ঠিত হোৱা ৪৭ টা সমষ্টি হ’ল – মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া, মাৰ্ঘেৰিটা, লাহোৱাল, দুলীয়াজান, টিংখং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহাহাট, কলিয়াবৰ, যোৰহাট, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, জোনাই
The post LIVE UPDATES : পুৱা ১১ বজালৈ ২৮.৭৫ শতাংশ ভোটদান… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.