নাৰায়ণপুৰৰ ভৰপুৰত মহাসতী জয়মতী স্মৃতি দিৱস উদযাপন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ ভোলাবৰি গাঁও পঞ্চায়ত এলেকাৰ ভৰপুৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাসতী জয়মতী দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মনোজজ্যোতি গগৈয়ে ।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰ পিছতে ভবেন গগৈৰ পৰিচালনাত অনুষ্ঠিত হয় ধৰ্মীয় অনুষ্ঠান । আনহাতে দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পুৱা ৯ বজাৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক নন্দেশ্বৰ বৰাৰ সঞ্চালনাত অনুস্থিত হয় পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা। ইয়াৰ পিছতে দিনৰ ১১ বজাৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সদানন্দ গগৈৰ সঞ্চালনাত অনুস্থিত হয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা । সন্ধিয়া ৭ বজাৰ পৰা অনুস্থিত হয় সাংস্কৃতিক অনুষ্ঠান ।

স্থানীয় শিৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অকমান ফুকনে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বহু কেইগৰাকী শিল্পীয়ে গীত নৃত্য পৰিবেশণ কৰি সমগ্ৰ অনুস্থানটো জীপাল কৰি তোলে । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ উচ্চ শাখাত আদিতি বৰুৱাই প্ৰথম..

শেষ সিদ্ধান্তঃ লকডাউনেই চূড়ান্ত তথা অন্তিম উপায়!

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত এটা দিনত ৩০-৪০হাজাৰ লোক আক্ৰন্ত হৈছে কোৰোনাত। ৰাজ্যখনত ক্ৰমান্বয়ে কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ দিশে গতি কৰাৰ সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কৰিছে এক বিশেষ ঘোষণা।

মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে, কোভিড গাইডলাইনক লৈ ৰাজ্যৰ অধিকাংশ লোক অলপো সচেতন নহয়। গতিকে এনে পৰিস্থিতি বাহাল থাকিলে অচিৰেই লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ৰাজ্যবাসীক বচাবলৈ আমি অচিৰেই এই সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছো।

উল্লেখ্য যে, দেশত বিগত ২৪ঘন্টাত ৬২হাজাৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে অধিকাংশ লোক মহাৰাষ্ট্ৰৰে। গতিকে এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লকডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাটো কোনো অস্বাভাৱিক ঘটনা নহয়।

The post শেষ সিদ্ধান্তঃ লকডাউনেই চূড়ান্ত তথা অন্তিম উপায়! appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বোকাজানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা

ডিজিটেল সংবাদ ,বোকাজানঃ দেওবাৰে বোকাজানৰ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ১৭ নং বোকাজান বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ হৈ প্ৰচাৰ চলাই সোনোৱালে। সভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী তীব্ৰ সমালোচনা কৰে সোনোৱালে।

ভাষণত প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা কৰি সোনোৱালে কয়, ‘‘প্ৰিয়ংকা গান্ধী অসমলৈ আহি মূৰত টুকুৰি লৈ চাহ বাগানত দুই এটা পাত চিঙিলেই আদিবাসীৰ আপোন হৈ নাযায় ৷ ৮ ঘণ্টা পৰিশ্ৰম কৰা শ্ৰমিকৰ মৰ্যদা বিজেপিয়েহে দিব পাৰিছে।’’

মুখ্যমন্ত্ৰী গৰাকীৰ দেওবাৰে প্ৰধান লক্ষ্য হৈ পৰিল কংগ্ৰেছ ৷ পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসনত কাৰ্বি আংলংত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘাত সৃষ্টিত উদগনি জনোৱা কংগ্ৰেছক সম্প্ৰতি জিলাখনৰ ৰাইজে প্ৰত্যাখান কৰিছে আৰু নোমল মমিনক পুনৰবাৰ ৰাইজে বিপুল সংখ্যক ভোটৰ ব্যৱধানত বিধানসভালৈ পঠিয়াব বুলি সোণোৱালে উল্লেখ কৰে ৷

তেওঁ কয় যে আগন্তুক পাঁচ বছৰত কাৰ্বি আংলংক এখন সুন্দৰ জিলা হিচাবে গঢ়ি তোলা হ’ব যাৰ দ্বাৰা বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ জিলাখনলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি হ”ব ৷ভাষণ প্ৰসঙ্গত তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ আৰু এআইইউ..

হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চিত নাম নাইঃ মঙলদৈত হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ, মঙলদৈঃ হিমন্ত আউত‌‌ হাগ্রামা ইন‌। হিমন্ত বাংলাদেশী , তাৰ এন আৰ চিত নাম নাই। বসন্তক মই যোৱাবাৰ হৰুৱাইছিলো,এইবাৰ মই কংগ্ৰেছৰ লগত মই বসন্তক জিকাম। বসন্ত এইবাৰ মন্ত্ৰী হব। মঙলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ হাগ্রামা মহিলাৰিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে কলে।

দেওবাৰে মঙলদৈৰ ধুলাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাস হৈ এক নিৰ্বাচনী সভাত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰি হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। এই নিৰ্বাচনী সভাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰো কঠোৰ সমালোচনা কৰে বিজেপি চৰকাৰক।

২মে পিছত অসমত কংগ্ৰেছ মহাজোতৰ চৰকাৰ হব । ইতিমধ্যে উজনি অসমত কংগ্ৰেছৰ অধিক আসন নিশ্চিত হৈ গৈছে। এইবাৰ কংগ্ৰেছ বিজেপিৰ নিৰ্বাচন নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন। কংগ্ৰেছ চৰকাৰ আহিলে কা’ আমি ব্ৰহ্মপুত্ৰত পেলায় দিম । এয়া কংগ্ৰেছৰ গেৰান্টী।

কংগ্ৰেছ চৰকাৰ আহিলে মহিলা সকলৰ মাইক্ৰফাইনেঞ্চাৰ লোণ আৰু কৃষক সকলৰ কৃষি লোণ ৰেহাই দিব কংগ্ৰেছ চৰকাৰে বুলি কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাসক বিপুল ভোটট জয়ী কৰিবলৈ জনসাধাৰনক আহ্বান জনায়।

এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰ..

নিৰ্বাচনৰ বতাহৰ লগে লগে লামডিঙত উদযাপন দৌল উৎসৱ…

ডিজিটেল সংবাদ, লামডিংঃ সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙতো ‘সংকল্প’ আৰু ‘লামডিং বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ’ উদ্যোগত আজি শিশু উদ্যানত (চিল্ড্ৰেন পাৰ্ক) ত দৌল উৎসৱ বিশাল অনুষ্ঠান আয়োজন কৰে ৷

ৰঙৰ উৎসৱত নানান ৰঙত ৰঙীন হৈ পৰিছে লামডিঙৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ ৷ অনুষ্ঠানত স্থানীয় শিল্পী সকলে নৃত্যগীত পৰিবেশন কৰি আনন্দ উল্লাসৰে উদযাপন কৰে দৌল উৎসৱৰ ৷

আগন্তুক নিৰ্বাচন শান্তি শৃংখলাভাৱে কৰাৰ বাবে অনুৰোধ জনাই সংকল্পৰ সদস্যবৃন্দই লগতে কয় যে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থাকিব কিন্তু লামডিঙৰ সকলোৱে ৰাইজে ফাকুৱাও তাৰ সমান্তৰালভাৱে উদযাপন কৰি যাব বুলি ৷ উক্ত অনুষ্ঠান গুৱাহাটী আমন্ত্ৰিত শিল্পী ” টানা” অশংগ্ৰহন কৰি গীত পৰিবেশন কৰে ৷

The post নিৰ্বাচনৰ বতাহৰ লগে লগে লামডিঙত উদযাপন দৌল উৎসৱ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড…

মহানগৰীৰ নৱগ্ৰহত বিধ্বংসী অগ্নিকাণ্ড।নতুন নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।কেইবাটাও ভাড়াঘৰ জুঁইত জাহ গৈছে।এতিয়ালৈকে ঘটনাস্থলীলৈকে যাব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।পথৰ দুৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈকে যাব পৰা নাই।বিকল্প পন্থাৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা।

The post গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

উদুলি-মুদুলি মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ

ডিজিটেল ডেস্কঃ দেওবাৰে সমগ্ৰ অসমত পালন কৰা হয় শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। সৌদিশে আনন্দময় পৰিৱেশ। কৃষ্ণৰ বন্দনাৰে মুখৰিত অসমৰ বিভিন্ন সত্ৰ-মন্দিৰ। উত্তৰ কামৰূপৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত দেওবাৰে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে।অতি আড়ম্বৰপূৰ্ণভাৱে তথা সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হয় এই দৌল উৎসৱ।

দেওবাৰে ৰাতিপুৱাৰে পৰা মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগম ঘটে। প্ৰভুবন্দনাৰ সমানে সমানে ভোজনালয়,ৰন্ধনশালাতো এক উৎসৱ মুখ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

The post উদুলি-মুদুলি মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

গাফিলতিঃ নিৰ্মাণ কৰি থাকোতেই ভাঙি পৰিল ফ্লাই অভাৰ…

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিৰ্মীয়মান এখন ফ্লাই অভাৰ ভাঙি পৰাৰ ফলত ৩গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। উল্লেখ্য যে, নিৰ্মীয়মান দলংখন ভাঙি পৰাৰ পাছতে জিলা প্ৰশাসনে দলংখন নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোক কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। উল্লেখ্য যে, আহত শ্ৰমিককেইজনৰ অৱস্থা সংকটজনক।

The post গাফিলতিঃ নিৰ্মাণ কৰি থাকোতেই ভাঙি পৰিল ফ্লাই অভাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

সহস্ৰাধিক ভক্ত-বৈষ্ণৱে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থানৰ বটদ্রৱাৰ দৌল উৎসৱ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শংকৰ গুৰুজনাই ফাল্গু পূৰ্ণিমাত বটদ্ৰৱাত পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ফাকুৱা পাতি গোবিন্দ গোসাঁই মুৰত ফাকু দি অনুপম আনন্দদায়ক ফল্গুৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রাতি বছৰে বটদ্রৱাত মহাআড়ম্বৰপূৰ্ণ ভাবে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়।

এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে যোৱা কালিৰে পৰা পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ। দেওবাৰে কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম প্ৰসঙ্গ, খোল প্ৰসঙ্গ, ডেৰপৰীয়া নাম প্ৰসঙ্গ আদি থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসবৰ মূল আৰ্কষন গোসাঁই মুৰত ফাকু দিয়া উৎসৱ।

আবেলি ২ বজাত গায়ন বায়নে গুৰুঘাট, চাহিনী, ন-ধেমালি গাই “ফাকু খেলে কৰুণাময় এ নন্দ কুমাৰ”-শীষক গীতৰ মাজেৰে ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ সমাপন কৰে। ভকত বৈষ্ণৱৰ গোবিন্দ গোসাঁইক আসনত আসনত বহুৱাই পূজা অৰ্চনা কৰি নৱ বস্ত্ৰ পৰিধান কৰোৱাই আয়তীৰ উৰুলিৰ হৰিধ্বনিৰ মাজেৰে গো..

মানকাচৰত আমিনুল ইছলামৰ নিৰ্বাচনী সভা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ দিন যিমানেই চমু চাপিবলৈ ধৰিছে সমষ্টিয়ে সমষ্টিয়ে এতিয়া সিমানেই নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। শনিবাৰে মানকাচৰত কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী সভা।

নিশা প্ৰায় ৯ বজাত কংগ্ৰেছ-এআইইউডিএফৰ নেতা কৰ্মীৰ উপস্থিতিত এই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত আমিনুল ইছলামে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক কঠোৰ সমালোচনা কৰি কয় যে, অগপ-বিজেপিয়ে মুছলমান সকলৰ অধিকাৰ খৰ্ব কৰিবলৈ আৰম্ভ কৰিছে। মিত্ৰজোটৰ চৰকাৰ হোৱা মানে মুছলাম সকলৰ ভূমি আৰু বিধায়ক হোৱাৰ অধিকাৰ নোহোৱা হ’ব।

জিলাখনৰ এআইইউডিএফৰ সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছৰ ফেকামাৰী আৰু মানকাচৰ ব্লক কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ জিলা কাৰ্য্যকৰী সভাপতি হাচান সৰকাৰ উপস্থিত থাকে।

সভাত নজমুল আৰপিনে কয় যে, অগপক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। চাচা মামাৰ ভোট নালাগে বুলি কোৱা অগপ-বিজেপিৰ নেতাক কিয় মামা-চাচাৰ ভোট লাগে বুলি কৈ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক এইদৰে আৰপিনে সমালোচনা কৰে।

ম..