DIGITAL

September 30, 2022

APTCE 18538973148

এই বছৰত সৰ্বাধিক! যোৱা ২৪ঘন্টাত ৬২হাজাৰ লোক কোৰোনাত আক্ৰান্ত…

ডিজিটেল ডেস্কঃ সাৱধান! কোৰোনাই আকৌ লৈছে ভয়ংকৰ ৰূপ। মাত্ৰ ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ৬২হাজাৰ ২৫৮গৰাকী ব্যক্তি। লগতে যোৱা ২৪ঘন্টাত ২৯১গৰাকী ৰোগীৰ মৃত্যু হৈছে ভাৰতত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি, চলিত বছৰত এটাদিনত কোৰোনাত আক্ৰান্ত সংখ্যা এয়াই হৈছে সৰ্বাধিক। উল্লেখ্য যে, দেশৰ ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত বিগত ২৪ঘন্টাত ৩৫হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।

The post এই বছৰত সৰ্বাধিক! যোৱা ২৪ঘন্টাত ৬২হাজাৰ লোক কোৰোনাত আক্ৰান্ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.