DIGITAL

June 5, 2023

APTCE 18538973148

নাৰায়ণপুৰৰ ভৰপুৰত মহাসতী জয়মতী স্মৃতি দিৱস উদযাপন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ ভোলাবৰি গাঁও পঞ্চায়ত এলেকাৰ ভৰপুৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাসতী জয়মতী দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মনোজজ্যোতি গগৈয়ে ।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰ পিছতে ভবেন গগৈৰ পৰিচালনাত অনুষ্ঠিত হয় ধৰ্মীয় অনুষ্ঠান । আনহাতে দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পুৱা ৯ বজাৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক নন্দেশ্বৰ বৰাৰ সঞ্চালনাত অনুস্থিত হয় পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা। ইয়াৰ পিছতে দিনৰ ১১ বজাৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সদানন্দ গগৈৰ সঞ্চালনাত অনুস্থিত হয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা । সন্ধিয়া ৭ বজাৰ পৰা অনুস্থিত হয় সাংস্কৃতিক অনুষ্ঠান ।

স্থানীয় শিৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অকমান ফুকনে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বহু কেইগৰাকী শিল্পীয়ে গীত নৃত্য পৰিবেশণ কৰি সমগ্ৰ অনুস্থানটো জীপাল কৰি তোলে । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ উচ্চ শাখাত আদিতি বৰুৱাই প্ৰথম,কৰিশ্মা ভূঞাই দ্বিতীয় আৰু তৃষ্ণা গগৈয়ে তৃতীয় স্থান অধিকাৰ কৰে ।

আনহাতে, নিম্ন শাখাত নিৰুৎপল গগৈয়ে প্ৰথম,ধ্ৰুপদ প্ৰতিম গগৈয়ে দ্বিতীয় আৰু জিমি গগৈয়ে তৃতীয় স্থান অধিকাৰ কৰে । কুইজ প্ৰতিযোগিতাত মূলাগাভৰু দলে প্ৰথম,কনকলতা দলে দ্বিতীয় আৰু জয়মতী দলে তৃতীয় স্থান অধিকাৰ কৰে । স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰে ।

The post নাৰায়ণপুৰৰ ভৰপুৰত মহাসতী জয়মতী স্মৃতি দিৱস উদযাপন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.