DIGITAL

December 4, 2023

APTCE 18538973148

বোকাজানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা

ডিজিটেল সংবাদ ,বোকাজানঃ দেওবাৰে বোকাজানৰ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ১৭ নং বোকাজান বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ হৈ প্ৰচাৰ চলাই সোনোৱালে। সভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী তীব্ৰ সমালোচনা কৰে সোনোৱালে।

ভাষণত প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা কৰি সোনোৱালে কয়, ‘‘প্ৰিয়ংকা গান্ধী অসমলৈ আহি মূৰত টুকুৰি লৈ চাহ বাগানত দুই এটা পাত চিঙিলেই আদিবাসীৰ আপোন হৈ নাযায় ৷ ৮ ঘণ্টা পৰিশ্ৰম কৰা শ্ৰমিকৰ মৰ্যদা বিজেপিয়েহে দিব পাৰিছে।’’

মুখ্যমন্ত্ৰী গৰাকীৰ দেওবাৰে প্ৰধান লক্ষ্য হৈ পৰিল কংগ্ৰেছ ৷ পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসনত কাৰ্বি আংলংত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘাত সৃষ্টিত উদগনি জনোৱা কংগ্ৰেছক সম্প্ৰতি জিলাখনৰ ৰাইজে প্ৰত্যাখান কৰিছে আৰু নোমল মমিনক পুনৰবাৰ ৰাইজে বিপুল সংখ্যক ভোটৰ ব্যৱধানত বিধানসভালৈ পঠিয়াব বুলি সোণোৱালে উল্লেখ কৰে ৷

তেওঁ কয় যে আগন্তুক পাঁচ বছৰত কাৰ্বি আংলংক এখন সুন্দৰ জিলা হিচাবে গঢ়ি তোলা হ’ব যাৰ দ্বাৰা বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ জিলাখনলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি হ”ব ৷ভাষণ প্ৰসঙ্গত তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ আৰু এআইইউডিএফে অসমক বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ উন্নয়ন আৰু হিতধিকাৰীৰ কথা উল্লেখ কৰি তেওঁ কয় যে অশান্ত কাৰ্বি আংলং এতিয়া বিজেপিৰ আমোলত শান্ত হৈ পৰিছে ৷সকলো জাতি জনগোষ্ঠীকে সম মৰ্য্যদাৰে প্ৰদানেৰে ভ্ৰাতৃত্ববোধ গঢ়ি তোলাত বিজেপি চৰকাৰ সফল হৈছে বুলি কৈ সোণোৱালে জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিক ৰাজ্যিক সন্মান কৰিছে বুলি বক্তব্য আগবঢ়ায় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অহা ৫ বছৰত বছৰি দুইলাখকৈ মুঠ ১০ লাখ নিবনুৱাক সংস্থাপিত কৰা হ’ব ৷ দেওবাৰৰ এই বিশাল সভাত সৰ্বানন্দ সোণোৱালক সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,পৰিষদৰ অধ্যক্ষ লংকি তিমুং,কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকীয়াল ফুকন, সদস্য মুকুট মহন্ত আৰু পবিত্ৰ ৰংপিয়ে ৷

The post বোকাজানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.