ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ দিন যিমানেই চমু চাপিবলৈ ধৰিছে সমষ্টিয়ে সমষ্টিয়ে এতিয়া সিমানেই নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। শনিবাৰে মানকাচৰত কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী সভা।
নিশা প্ৰায় ৯ বজাত কংগ্ৰেছ-এআইইউডিএফৰ নেতা কৰ্মীৰ উপস্থিতিত এই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত আমিনুল ইছলামে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক কঠোৰ সমালোচনা কৰি কয় যে, অগপ-বিজেপিয়ে মুছলমান সকলৰ অধিকাৰ খৰ্ব কৰিবলৈ আৰম্ভ কৰিছে। মিত্ৰজোটৰ চৰকাৰ হোৱা মানে মুছলাম সকলৰ ভূমি আৰু বিধায়ক হোৱাৰ অধিকাৰ নোহোৱা হ’ব।
জিলাখনৰ এআইইউডিএফৰ সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছৰ ফেকামাৰী আৰু মানকাচৰ ব্লক কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ জিলা কাৰ্য্যকৰী সভাপতি হাচান সৰকাৰ উপস্থিত থাকে।
সভাত নজমুল আৰপিনে কয় যে, অগপক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। চাচা মামাৰ ভোট নালাগে বুলি কোৱা অগপ-বিজেপিৰ নেতাক কিয় মামা-চাচাৰ ভোট লাগে বুলি কৈ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক এইদৰে আৰপিনে সমালোচনা কৰে।
মানকাচৰ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দীঘলীয়া হ’লেও এইবাৰ সমষ্টিটোত কংগ্ৰেছ-এআইইউডিএফৰ মহাজোট বন্ধনৰ সমৰ্থিত এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলাম আৰু অগপ-বিজেপিৰ মিত্ৰজোটৰ সমৰ্থিত অগপৰ মনোনীত প্ৰাৰ্থী জাবেদ ইছলামৰ মাজতেই মূল প্ৰতিদ্বন্দিতা হ’ব বুলি ধাৰণা কৰিব পৰা যায় ।
The post মানকাচৰত আমিনুল ইছলামৰ নিৰ্বাচনী সভা appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.