১মিনিটত ২৫খবৰ…

১. ‘এদিনৰ বাবে হ’লেও হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছিলোঁ’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ>
২. ডিগবৈৰ বৰজানত তেল পৰিবাহী পাইপত ভয়ংকৰ অগ্নিকাণ্ড। অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইনত ভয়ংকৰ অগ্নিকাণ্ড।
৩. বাতৰি কাকতৰ এক বিজ্ঞাপন সন্দৰ্ভত বিজেপিক শ্ব’কজ। মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটালৈ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াৰ জাননী।
৪. নগৰবেৰাৰ মছজিদত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল মছজিদৰ ভিতৰৰ নিৰ্বাচনী সভা।
৫. ডিমা হাছাওৰ ডিটেকচ’ৰাত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা বাগৰি পৰিল নিৰ্বাচনী কামত নিয়োজিত আৰক্ষীক কঢ়িয়াই নিয়া এখন বাছ।
৬. হিমন্তৰ ধমকক ভয় নকৰে হাগ্ৰামাই। এই হুংকাৰ দিলে হাগ্ৰামা মহিলাৰী।
৭. সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু। চৰকাৰক জৱাবদিহি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।
৮. আবিৰৰ ৰঙে ৰঙীন হৈ পৰিছে সাংস্কৃতিক নগৰী তেজপুৰ।তৰাজান কুমাৰগাঁৱত উদযাপন কৰিছে আধ্যাত্মিক ফাকুৱা।
৯. ঋতুকালীন ৰং আৰু আনন্দৰ ফল্গু উত্সৱত এতিয়া উদুলি-মুদুলি মাজুলী। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ..
হোলী গ’ল, বিহু হ’বনে?

ডিম্পুল বৰগোহাঁই
ফাগুন আহিছে আজি/ মান প্ৰাণ জাগিছে/ খেলে ফাগু পুৰ নাৰী/ খেলে হোলী পুৰবাসী। ৰং আৰু আনন্দৰ উৎসৱ হোলী। ভাৰতবৰ্ষৰ এই উৎসৱক বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বিশেষকৈ বসন্তোৎসৱ, মদনোৎস, ফগ্লুু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দৌলৎসৱ বুলি কোৱা হয়।
এই হোলী উৎসৱৰ লগত শংখচূড়ৰ কাহিনী, জগন্নাথ-ঘুনুচা, ৰাধা-কৃষ্ণ আদিৰ কথা জৰিত হৈ আছে। বিশেষকৈ ওড়িশাত ঈশ্বৰ কৃষ্ণই নিজ দৌলৰ পৰা ঘুনুচাৰ বাৰীলৈ গৈ সাত দিন আছিল। যেতিয়া ঘুনুচাৰ বাৰীলৈ আহিছিল তেতিয়া প্ৰজাগণে ৰং-ৰহইচ কৰি ফাকুগুড়ি ছটিয়াইছিল। চৌদিশে ৰং আৰু আনন্দই বিৰাজ কৰিছিল। ইয়াৰ উপৰি ওড়িশাত প্ৰদ্যুম্ন ৰজাই জগন্নাথ-বলৰামৰ মূৰ্তি স্থাপন কৰি দৌল উৎসৱ কৰিছিল।
আচলতে হোলী উৎসৱ হৈছে এবিধ লোক উৎসৱ। ইয়াৰ অনেক লোক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে। বিশেষকৈ ফাকুগুড়ি গালে-মুখে ঘঁহিলে বসন্ত ৰোগ নহয়। এই ৰং ঘঁহিলে গাৰ ছাল নিমজ হয়। মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। ইয়াৰ উপৰি দৌলৰ মণ্ডপৰ চাৰিওফালে ঘূৰিলে পূৰ্বজন্মৰ পাপ নাশ হয় বুলি কোৱা হয়। ফাকুগুড়ি পৃথিৱীত পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় বুলিও এক লোককথা প..
দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত আশাকৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোট গ্ৰহণ আৰম্ভ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সোমবাৰৰে পৰা জিলা খনৰ দুই সমষ্টিৰ আশা কৰ্মী আৰু সাংবাদিক সকলৰ পোষ্টেল ভোট গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে, জিলা খনৰ অধীনত থকা মানকাচৰ সমষ্টিত মুঠ ২৫১ টা আৰু দক্ষিণ শালমাৰা সমষ্টিত ১৪ টা এভিইএছৰ পোষ্টেল ভোটসহ মুঠ ২৬৫ টা আশা কৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোটৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নতুন ভৱনত এই ভোটগ্ৰহন দুয়োটা সমষ্টিৰ বাবে দুটা পৃথক ভোটগ্ৰহন কক্ষ নিৰ্মান কৰা হৈছে। ৩১ মার্চত ভোটাৰ সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহি নিজৰ নিজৰ ভোটদান কৰিব পাৰিব।
The post দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত আশাকৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোট গ্ৰহণ আৰম্ভ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
৬৩ নং চাপাগুৰিত তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,বাস্কাঃ আঞ্চলিকতাবাদীৰ চৰকাৰ গঠন হ’লে বড়ো আৰু অবড়োৰ সকলো সমস্যাৰ ৰাজনৈতিকভাৱে সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই মন্তব্য ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসৰ ৷
সোমবাৰে মুছলপুৰত অনুষ্ঠিত দলটোৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে আঞ্চলিকতাবাদী চৰকাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে সঁচা অৰ্থত কবলৈ গ’লে অসমৰ জলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ হ’লে অসমত এখন আঞ্চলিকতাবাদী চৰকাৰৰ প্ৰয়োজন। আঞ্চলিকতাবাদী চৰকাৰেহে ভাতৃঘাটী সংঘাত মষিমূৰ কৰিব পাৰিব বুলি দোহাৰি তেওঁ কয় যে বিটিচিত এতিয়া বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্ৰতা এক নিমিলা অংকত পৰিণত হৈছে। গতিকে ৰাইজে এই নিমিলা অংক এতিয়া বুজিছে আৰু কেতিয়াও এই নিমিলা অংকক মানি নলয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
ইপিনে সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী গৰাকীৰ প্ৰসংগত তেওঁ কয় যে সমষ্টিটোৰ বহু লোকে প্ৰাৰ্থিত্বৰ দাবী কৰা স্বত্বেও অইন জিলাৰ পৰা এগৰাকী লোকক আনি ইউপিপিএলে প্ৰাৰ্থিত্ব দিয়াৰ পিছত স্বাভাৱিকতে সমষ্টিটোৰ দলীয় কৰ্মী সকলৰ সন্মানত আঘাট হনা বুলি কয়। দলীয় কৰ্মকৰ্তাই ক্ষুণ্ণ হোৱাৰ কাৰণে ইউপিপিএলৰ ..
উদুলি-মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ শ্ৰীকৃষ্ণৰ দৌল উৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাই দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রতি বছৰে বটদ্রৱাত মহা আড়ম্বৰপূৰ্ণ ভাৱে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়। এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ২৭ মাৰ্চৰ পৰা ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ।
সোমবাৰে পুৱাৰে পৰা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসৱৰ মূল আৰ্কষন গোসাঁই ফুৰোৱা উৎসৱ। বিয়লি ২.৩০ বজাত গায়ন-বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোঁসাইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই ঢুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতী, তিৱা, বড়ো, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে।
দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি না..
নাৰায়ণপুৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিশা আৱদ্ধ কৰিলে টিকটৰ বাবে ধন দিওতাক

ডিজিটেল সংবাদ, শিমলুগুৰিঃ বিজেপিৰ টিকটৰ বাবে ৫০ লাখ টকা দি অৱশেষত টিকট নাপাই নিৰ্দলীয় খেলি হৰাৰ উমান পাই টকা দিওতাক নিশা ঘৰলৈ নি আৱদ্ধ কৰি ৰাখিলে বিহপুৰীয়া সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। বিভিন্ন ভাবুকিৰে টকা ঘুৰাই দিম বুলি স্বাক্ষৰ কৰাই ল’লে প্ৰাৰ্থী গৰাকীয়ে।
উল্লেখ্য যে, ১০৯ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰে বিজেপিৰ টিকট প্ৰত্যাশী তুলেশ্বৰ পেগুৱে ৷ জানিব পৰা মতে, বিজেপিৰ টিকট প্ৰত্যাশী তুলেশ্বৰ পেগুৱে নিৰ্বাচনৰ পূৰ্বে নাৰায়ণপুৰৰ নৱ শৰ্মা নামৰ ব্যক্তিজনক বিজেপিৰ টিকট পাবৰ বাবে ৫০ লাখকৈ টকা দিছিল। টিকট নোপোৱাত নিৰ্দলীয় ভাৱে খেলিবৰ বাবে শৰ্মাই তুলেশ্বৰ পেগুক পৰামৰ্শ দি তেওঁক দিয়া পইছা ঘূৰাই দিম বুলিও কৈছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতো পইছা ঘূৰাই নিদিয়াত দেওবাৰে নিশা নৱ শৰ্মা ঘৰলৈ মাতি নি আৱদ্ধ কৰি ৰাখে।
অৱশেষত নিৰ্দিষ্ট সময়ত পইছা ঘূৰাই দিম বুলি স্বাক্ষৰ সম্বলিতভাৱে লিখা লিখি কৰি মুকলি হৈ আহে নৱ শৰ্মা। ঘটনাৰ উমান পাই নিশা তুলেশ্বৰ পেগুৰ ঘৰত আৰক্ষীও উপস্থিত হয়। সোমবাৰে সংবাদ দাতাই বিষয়টোৰ সন্দৰ্ভত বিতংকৈ জানিবৰ বাবে তুল..
ফকিৰগঞ্জ আৰক্ষীৰ জালত এজন হত্যাকাৰী

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত আৰক্ষীৰ সফলতা।আব্দুল হামিদ নামৰ এজন হত্যাকাৰীক গ্ৰেপ্তাৰ।যোৱা ১৭ ডিচেম্বৰত হামিদে শ্বাহজাহান আলী নামৰ এজন লোকক হত্যা কৰিছিল।হামিদ আৰু শ্বাহজাহানৰ পৰিয়ালৰ মাজত পৰিয়াল কেন্দ্ৰিক সংঘাত আছিল।হত্যা কৰি আত্মগোপন কৰিছিল হামিদে।অৱশেষত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হামিদক।হামিদক ধুবুৰী জেললৈ প্ৰেৰণ আৰক্ষীৰ।
The post ফকিৰগঞ্জ আৰক্ষীৰ জালত এজন হত্যাকাৰী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ।আৰ্থিক লেন-দেন সংক্ৰান্ত্ৰত সাংবাদিক গৰাকীলৈ আহিছিল এছ.এম.এছ।পাব লগা ধন বিচাৰি চুতীয়ালৈ আহিছিল ভাবুকি।এছ.এম.এছৰ আঁত ধৰি আৰক্ষীয়ে আটক কৰে এজনক।আটক কৰা লোকজনৰ নাম জুলফিকৰ আলী।জলফিকৰ আলী পেচাত এগৰাকী দৰ্জি।হাতীগাঁৱৰ নটবমাৰ পৰা আৰক্ষীয়ে আটক কৰে জুলফিকৰক।
The post জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
প্ৰাক্তন মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ…

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ। কংগ্ৰেছ দলে এই কথা সদৰী কৰিছে। জানিব পৰা মতে, অসুস্থ হৈ পৰাৰ পাছত ব্ৰীজ কেণ্ডী হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয়। দলটোৱে সদৰী কৰা মতে, শৰদ পাৱাৰৰ গ’ল্ড ব্লেডাৰৰ সমস্যা থকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, অস্ত্ৰোপচাৰৰ বাবে অহা ৩১ মাৰ্চ অৰ্থাৎ বুধবাৰে পাৱাৰক ভৰ্তি কৰা হ’ব চিকিৎসালয়ত। এনচিপিৰ প্ৰবক্তা নবাব মালিকে টুইটত লিখিছে- ‘দেওবাৰে সন্ধিয়া শৰদ পাৱাৰৰ পেটত বিষ হোৱা বুলি জনায়। তাৰপাছতে চিকিৎসালয়ত চিকিৎসকে জনাই যে তেওঁৰ গ’ল্ড ব্লেডৰৰ সমস্যা হৈছে।’
The post প্ৰাক্তন মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
বকোত কোনে মাৰিব শেষ হাঁহি?

ডিজিটেল সংবাদ, বকোঃ অহা ৬এপ্ৰিলত তৃতীয় পৰ্যায়ৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব । কামৰূপ জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিত সমাগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে । বিজেপি , ইউ পি পি এল আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসক নিৰ্বাচনত বিজয়ী কৰিবলৈ সমষ্টিটোত আঞ্চলিক দল হিচাপে প্ৰভাৱ থকা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জনপ্ৰতিনিধি সকলে প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ।
বিশেষকৈ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জৰিয়তে গঠিত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , নগৰমল স্বৰ্গীয়াৰী, সোণাৰাম ৰাভা, প্ৰতিনিধি অৰ্জুন চেত্ৰী, পঞ্চমী ৰাভা, কল্পৰাম ৰাভা , ফ্ৰায়লিন আৰ.মাৰাক, জিলা পৰিষদৰ সদস্য ক্ৰমে – কম্বু ৰাভা , সভা ৰাভাকে ধৰি জনপ্ৰতিনিধি সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ সমৰ্থনত ৰাইজৰ মাজত নামি পৰিছে ।
আনকি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ বাহিৰৰ বকোৰ সংখ্যালঘু এলেকাত যোৱা দুদিন ধৰি অসম গণ পৰিষদ আৰু বিজেপি দলৰ নেতা-কৰ্মীৰ সৈতে ৰাভা হাছং ..