ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাই দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রতি বছৰে বটদ্রৱাত মহা আড়ম্বৰপূৰ্ণ ভাৱে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়। এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ২৭ মাৰ্চৰ পৰা ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ।
সোমবাৰে পুৱাৰে পৰা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসৱৰ মূল আৰ্কষন গোসাঁই ফুৰোৱা উৎসৱ। বিয়লি ২.৩০ বজাত গায়ন-বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোঁসাইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই ঢুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতী, তিৱা, বড়ো, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে।
দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা আকাশ-বতাহ মুখৰিত কৰি তোলে।
The post উদুলি-মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ শ্ৰীকৃষ্ণৰ দৌল উৎসৱ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.