DIGITAL

May 30, 2023

APTCE 18538973148

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ‘জাফা’ৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ নিয়মীয়া বাৰ্তাৰ সহযোগী সম্পাদক , জ্যেষ্ঠ সাংবাদিক হাতীগাঁৱৰ নিবাসী পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে ‘জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসামে’ (জাফা) ।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ কাৰণ দুৰ্ঘটনা নে পৰিকল্পিত হত্যা কাণ্ড, তাক লৈ বিভিন্নজনৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে ঘটনাৰ ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা উচিত বুলি এক বিবৃতিত ‘জাফা’ ৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায় আৰু মূখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই মত প্ৰকাশ কৰে ।

‘জাফা’ ৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰয়াত সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

The post জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ‘জাফা’ৰ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.